ময়ূখ হাজৰিকা
জীৱনীপ্ৰাৰম্ভিক জীৱন আৰু শিক্ষা১৯৭১ চনৰ ১৩ জানুৱাৰী তাৰিখে গুৱাহাটীত ময়ূখ হাজৰিকাৰ জন্ম হয়। তেওঁৰ অন্য নাম 'ৰাজা'। পিতৃ-মাতৃ জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ তেওঁ একমাত্ৰ সন্তান। তেওঁৰ ৭ বছৰ বয়সতে দেউতাকৰ মৃত্যু হয়। সৰুৰেপৰাই তেওঁ মাকৰপৰা সংগীতৰ শিক্ষা লাভ কৰে। খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, ইন্দ'ৰৰপৰা (IIM ইন্দ'ৰ) তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4] কৰ্মজীৱনIIM-ৰপৰা উত্তীৰ্ণ হোৱাৰ পাছত হাজৰিকাই ২০০৭ চনত এন ডি টি ভি লাইফষ্টাইলত Head of Camera হিচাপে চাকৰি জীৱন আৰম্ভ কৰে। সমান্তৰালভাৱে তেওঁ মাতৃ মণীষা হাজৰিকা আৰু পত্নী লাইলি দত্ত হাজৰিকাৰ সৈতে ভাৰতৰ বাহিৰে-ভিতৰে বিভিন্ন ঠাইৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি আহিছে।[5][6][7][8][9] সংগীত জীৱনপ্ৰথমে তেওঁ জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীতসমূহৰ ক'ভাৰ ভাৰ্চন গাই জনপ্ৰিয়তা লাভ কৰিছিল।[10][11] ২০০৯ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তেওঁৰ নিজৰ কথা, সুৰ আৰু কণ্ঠৰ প্ৰথমটো এলবাম 'চকুৱে যদি কথা কয়' মুক্তিলাভ কৰে।[12] ব্যক্তিগত জীৱনপত্নী লাইলি দত্ত হাজৰিকাৰ সৈতে ময়ূখ হাজৰিকা দিল্লীত বাস কৰে। গীতৰ এলবাম
তথ্যসূত্ৰ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia