অতুল চন্দ্ৰ বৰুৱা
অতুলচন্দ্ৰ বৰুৱা (ইংৰাজী: Atul Chandra Barua) (১৯১৬-২০০১) সাহিত্যিক আৰু সাহিত্য সমালোচক অতুল চন্দ্ৰ বৰুৱা এগৰাকী চৰকাৰী প্ৰশাসনিক বিষয়া আছিল। ১৯৭৯ চনত শুৱালকুছিত অনুষ্ঠিত হোৱা ৪৬ তম অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰিছিল।[1]
জন্ম আৰু শিক্ষাঅতুল চন্দ্ৰ বৰুৱাৰ জন্ম হয় ১৯১৬ চনৰ ২৯ মে’ত দৰং জিলাৰ মাৰৈ গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল ভোগৰাম বৰুৱা আৰু মাতৃ আছিল প্ৰমিলা বৰুৱা। তেওঁ প্ৰাথমিক শিক্ষা মাৰৈ গাঁৱত গ্ৰহণ কৰে। ১৯২৮ চনত মাৰৈ প্ৰাইমাৰী স্কুলৰ পৰা মঙ্গলদৈ মহকুমাৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰে। ১৯৩২ চনত পাথৰিঘাট এম.ই. স্কুলৰ পৰা অসমৰ ভিতৰত প্ৰথম স্থান আৰু খগেন্দ্ৰ নাৰায়ণ স্মৃতি পদক লাভ কৰি উত্তীৰ্ণ হয়। ১৯৩৬ চনত তেওঁ মঙ্গলদৈ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত দুটা লেটাৰ সহ বৃত্তি লাভ কৰি মেট্ৰিক পাছ কৰে। পাছত তেওঁ ১৯৪০ চনত কটন কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2] চাকৰি জীৱনঅতুল চন্দ্ৰ বৰুৱাই শিক্ষকতাৰে নিজৰ চাকৰি জীৱনৰ পাতনি মেলে। ১৯৩৭ চনৰ পৰা ১৯৪০ চনৰ ভিতৰত তেওঁ ছিপাঝাৰ হাইস্কুল, পাথৰিঘাট এম.ই স্কুল আৰু মংগলদৈ স্কুলত শিক্ষকতা কৰে। ১৯৪৩ চনৰ পৰা ১৯৪৯ চনলৈ শ্বিলং অসম সচিবালয়ত চাকৰি কৰে। ১৯৪৯ চনত তেওঁ এ.চি.এছ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫০ চনৰ পৰা ১৯৫৩ চনলৈকে তেওঁ ৰঙিয়াত এছ.ডি.চি নিযুক্ত হয়। ১৯৫৩ চনৰ পৰা ১৯৫৮ চনলৈকে তেওঁ গুৱাহাটীত এছ.ডি.চি আৰু এছিষ্টেণ্ট ছেটলমেণ্ট অফিচাৰ হিচাপে কাৰ্য্যনিবাহ কৰে। ১৯৬৯-৭০ চনত তেজপুৰৰ সদৰ এছ ডি ও আৰু ১৯৭১-৭২ চনত এপেক্স মাৰ্কেটিং চ'ছাইটিৰ মেনেজিং ডাইৰেক্টৰ নিৰ্বাচিত হয়। ১৯৭২-৭৪ চনৰ সময়ছোৱাত তেওঁ কামৰূপ জিলাৰ এ.ডি.চি আৰু ১৯৭৪ চনত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰূপে অৱসৰ গ্ৰহণ কৰে।[3] সামাজিক কৰ্মবৰুৱাদেৱ ১৯৪৫ চনৰ ১৪ জানুৱাৰীত জন্ম হোৱা শ্বিলং মুকুল সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৯৭৭-৭৯ চনত তেওঁ দৰং জিলা সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়। ১৯৮৮-৯৩ চনৰ সময়ছোৱাত তেওঁ অসমীয়া চলন্ত অভিধান প্ৰণয়ন সমিতিৰ সহকাৰী সম্পাদক নিৰ্বাচিত হয়।[4] সাহিত্যিক অৱদানৰচিত পুথি
সম্পাদনা গ্ৰন্থ
ভাঙনি পুথি
মৃত্যুঅতুলচন্দ্ৰ বৰুৱা দেৱৰ ২০০১ চনৰ ২৫ ডিচেম্বৰত মৃত্যু হয়। তথ্য সংগ্ৰহ |
Portal di Ensiklopedia Dunia