চন্দ্ৰকান্ত সন্দিকৈ ভৱন
চন্দ্ৰকান্ত সন্দিকৈ ভৱন (ইংৰাজী: Chandrakanta Handique Bhavan) হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়।[1] এই ভৱনটো যোৰহাট জিলাত অৱস্থিত। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ উন্নতিৰ কাম-কাজৰ লগত এই ভৱনটো জড়িত হৈ আছে। ১৯২৬ চনত ৰাধাকান্ত সন্দিকৈয়ে তেওঁৰ পুত্ৰ চন্দ্ৰকান্ত সন্দিকৈৰ স্মৃতিত এই ভৱনটো দান বৰঙণি হিচাপে আগবঢ়াইছিল।[1] পুনৰ নিৰ্মাণপুৰণি ভৱনটোৰ কিছু অংশ ক্ষতি হোৱাত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়। অসম চৰকাৰে এই ভৱনটোৰ পুনৰ নিৰ্মাণ কৰাৰ দায়িত্ব লৈছিল। পূৰ্বৰ ভৱনটোৰ স্থানতে নতুন ভৱনটোৰ নিৰ্মাণ কৰা হয়।[1][2] উদ্বোধন২০১১ চনৰ ১১ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।[2] লগতে অসম চৰকাৰে এই ভৱনটোক চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱন বুলি নামাকৰণ কৰে।[2] তৰুণ গগৈয়ে লগতে কয় যে, ৰাধাকান্ত সন্দিকৈয়ে সেই সময়তে অসমীয়া সংস্কৃতি আৰু সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা বুজিছিল। সেয়েহে, ১৯২৬ চনতে ৰাধাকান্ত সন্দিকৈয়ে অসম সাহিত্য সভাক এই ভৱনটো দান দিছিল।[2]
লগতে চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|