জগন্নাথ বৰুৱা
ৰায়বাহাদুৰ জগন্নাথ বৰুৱা (ইংৰাজী: Jagannath Barooah) অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা লোকসকলৰ মাজত অন্যতম। যোৰহাটত জীৱনকাল অতিবাহিত কৰা বৰুৱা আছিল উজনি অসমৰ প্ৰথমজন স্নাতক। ১৯৩০ চনত যোৰহাটত স্থাপন কৰা ভাৰতৰ উত্তৰ পূবৰ দ্বিতীয়খন মহাবিদ্যালয় অৰ্থাৎ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নামকৰণো তেওঁৰ নামতে কৰা হৈছিল।[2][3] বিশ্ববিদ্যালয়ৰ স্নাতক উপাধি থকা তেৱেঁই অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক। ইংৰাজসকলে তেওঁক ৰায়বাহাদুৰ উপাধি প্ৰদান কৰিছিল।[1] জন্ম আৰু শিক্ষা১৮৫১ চনৰ ২৯ অক্টোবৰত যোৰহাটৰ ৰাজহাউলীত জগন্নাথ বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ সংস্কৃতজ্ঞ[4] হেমধৰ বৰুৱা আছিল অসমৰ এগৰাকী আগশাৰীৰ চাহ খেতিয়ক।[5] ১৮৬৪ খ্ৰীষ্টাব্দত তেওঁ এণ্ট্ৰেন্স পৰীক্ষাত উৰ্ত্তীণ হৈছিল।[4] এফএ বা ফাৰ্ষ্ট আৰ্টছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি বৰুৱাই জলপানি পাই কলকাতাৰ প্ৰেসিডেন্সি কলেজত নামভৰ্তি কৰে। ১৮৬৮ চনত তেওঁ সেই কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে। তেওঁ আছিল উজনি অসমৰ প্ৰথমজন স্নাতক; সেয়ে বি এ পাছ কৰি তেওঁ মানুহৰ মাজত 'বি-এ' জগন্নাথ নামেৰে জনাজাত হৈছিল।[4] ইয়াৰ পিছতে ১৮৭৫ চনত তেওঁ সফলতাৰে অসামৰিক সেৱাত অৱত্তীৰ্ণ হৈ উপ-দণ্ডাধীশৰ পদবী লাভ কৰে যদিও অচিৰেই এই ক্ষেত্ৰখন এৰে।[1][6] চাহ খেতিত মনোনিৱেশঅসামৰিক সেৱা এৰাৰ পিছত জগন্নাথ বৰুৱাই পিতৃ হেমধৰ বৰুৱা আৰু ভ্ৰাতৃ কৃষ্ণকান্ত বৰুৱাৰ সৈতে মিলি নিজাকৈ চাহ খেতি কৰিবলৈ অহোপুৰুষাৰ্থ কৰে আৰু সেইমতে লেটেকুজান গ্ৰাণ্ট ইংৰাজ চৰকাৰৰ পৰা ক্ৰয় কৰাৰ লগতে টিপমীয়া আৰু বচাবাৰীত চাহ বাগিছা খোলে। পিছলৈ তিৰুৱাল, বাঁহনি আৰু ৰৰৈয়াৰ বাগিছাও এই তালিকাত যোগ হয়।[7] ইয়াৰে তিৰুৱাল চাহ বাগিছা ৰাধাকান্ত সন্দিকৈয়ে ক্ৰয় কৰিছিল আৰু জগন্নাথ বৰুৱাৰ সহযোগত ইয়াক পৰিচালনা কৰিছিল। ৰৰৈয়া বাগিছা জগন্নাথ বৰুৱা আৰু কৰ্ণেল ড° শিৱনাথ বৰাই যুটীয়াভাৱে ক্ৰয় কৰিছিল। আনহাতে চন্দ্ৰকান্ত গগৈয়ে বাঁহনিত বৰুৱাৰ সহযোগতেই চাহ খেতিৰ আৰম্ভণি কৰিছিল।[5] সাৰ্ব্বজনীন সভা স্থাপন১৮৮৪ চনৰ ৯ ডিচেম্বৰত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাটত সাৰ্ব্বজনীন সভা[4] নামেৰে এক ৰাজনৈতিক অনুষ্ঠান গঠন হয়। এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল জনতাৰ আশা-আকাংক্ষাসমূহ ইংৰাজ চৰকাৰৰ সন্মুখত উপস্থাপন কৰা।[8] এই কামবোৰত মানিক চন্দ্ৰ বৰুৱা তেওঁৰ প্ৰধান সহযোগী আছিল। ছাত্ৰাৱস্থাতে তেওঁ মানিক চন্দ্ৰ বৰুৱা আৰু ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ সৈতে গোট খাই জনহিতাৰ্থে সদৌ অসমৰ হৈ বৰলাট বাহাদুৰ নৰ্থব্ৰুকলৈ পত্ৰ প্ৰেৰণ কৰিছিল। [4] ৰায়বাহাদুৰ উপাধি লাভঅসমৰ বাণিজ্যিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শাসনাধিস্থিত ইংৰাজ চৰকাৰে জগন্নাথ বৰুৱাক ৰায়বাহাদুৰ উপাধি প্ৰদান কৰিছিল[1] আৰু অধনুৱা মেজিষ্ট্ৰেট পাতিছিল। সপ্তম এডৱাৰ্ডৰ ৰাজ্যাভিষেকৰ বাবে তেওঁ নিমন্ত্ৰণ লাভ কৰিছিল।[4] মৃত্যু১৯০৭ চনৰ ২১ এপ্ৰিলত জগন্নাথ বৰুৱাৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ।[4] তেওঁৰ মৃত্যুৰ পিছত ১৯৩৮ চনত জগন্নাথ বৰুৱাৰ নাতি মুৰুলীধৰ বৰুৱাই সমস্ত মাটিৰে সৈতে বাসগৃহ বৰপাত্ৰ কুটীৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাবে দান কৰে।[2] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia