তিতাবৰ মহকুমা"তিতাবৰ" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। নগৰখনৰৰ বাবে, তিতাবৰ (নগৰ) চাওক।
তিতাবৰ (ইংৰাজী: Titabor) হৈছে অসমৰ যোৰহাট জিলাৰ এটা মহকুমা। যোৰহাটৰ পৰা ২০ কিঃমিঃ আঁতৰত অৱস্থিত তিতাবৰ বিশেষকৈ ধান উৎপাদনৰ কাৰণে বিখ্যাত। এছিয়াৰ ভিতৰতে ডাঙৰ ধান গৱেষণা কেন্দ্ৰ ইয়াতেই অৱস্থিত। মহকুমাৰ সদৰ ঠাই হৈছে তিতাবৰ। এই নগৰৰ লেখত ল'বলগীযা প্ৰতিষ্ঠানসমূহ হ'ল - জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰেচম মহাবিদ্যালয় আদি। এই নগৰৰ মাজেদি পূবা-পশ্চিমাকৈ ঐতিহাসিক ধোদৰ আলি পাৰ হৈ গৈছে। ধানখেতিৰ বাবে বিখ্যাত তিতাবৰৰ এখন বিখ্যাত পথাৰ হামদৈ পথাৰ | প্ৰায় দুই হাজাৰ পুৰা মাটিৰে পৰিৱেষ্টিত পথাৰখনত ভালেকেইখন গাঁৱৰ ৰাইজে খেতি কৰি আহিছে | নামৰ উৎপত্তিতিতাবৰ নামৰ কেইবাটাও প্ৰবাদ জনসমাজত প্ৰচলিত আছে। এটা প্ৰবাদ মতে, তিতাৰাম নামে এজন দৰদী, অতিথি পৰায়ণ ব্যক্তিৰ নামৰ পৰা তিতাবৰ খ্যাত হ’ল। ঘৰৰ সন্মুখত পথৰ দাঁতিত নিজে ৰোৱা এজোপা বড় গছ। বড় গছৰ তলত বাটৰুৱাই জিৰণি লয় আৰু তিতাবৰৰ ঠাণ্ডা পানী, চৰবত আদিৰ আপ্যায়ন পায়। তিতাৰাম আৰু তিতাৰামৰ বড় বিখ্যাত হৈ উঠিল। সেয়ে কালক্ৰমত স্থান নিৰ্দেশক নামলৈ ‘তিতাৰাম বড়’ আৰু শেষত ‘তিতাবৰ’লৈ ৰূপান্তৰ ঘটিল।[1] ইতিহাস১৯৫৯ চনত এখন ৰাজহ নগৰ হিচাপে তিতাবৰ নগৰখন গঢ় লৈ উঠিছিল। পূৰ্বতে তিতাবৰ যোৰহাট মহকুমাৰ অন্তৰ্গত আছিল। তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তিতাবৰক যোৰহাট জিলাৰ এটা নতুন মহকুমা ৰূপে ঘোষণা কৰে। ভৌগোলিক অৱস্থিতি আৰু জনগাঁথনিতিতাবৰৰ স্থানাংক হৈছে 26°36′N 94°12′E / 26.60°N 94.20°E আৰু গড় উচ্চতা ১৭২ মিটাৰ (564 ফুট)। ২০০১ চনৰ লোকপিয়লৰ তথ্য মতে নগৰ সমিতি অঞ্চলৰ জনসংখ্যা আছিল ৭৮৪০ জন।[2] ৰাজনীতিতিতাবৰ নগৰখন যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত। তিতাবৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ পাছত বৰ্তমানৰ বিধায়ক কংগ্ৰেছৰ শ্ৰী যুত ভাস্কৰজ্যোতি বৰুৱা। প্ৰয়াত গগৈ ২০০১ চনৰ পৰা একেৰাহে চাৰিবাৰ তিতাবৰ সমষ্টিৰ বিধায়ক নিৰ্বাচিত হৈ আহিছিল।[3] যাতায়াততিতাবৰৰ মাজেৰে পূবা-পশ্চিমাকৈ ঐতিহাসিক ধোদৰ আলি পাৰ হৈ গৈছে। এই পথেৰে পূৱলৈ ডিব্ৰুগড় জিলাৰ নামৰূপৰ ওচৰৰ জয়পুৰলৈ আৰু পশ্চিমলৈ গোলাঘাট জিলাৰ কমাৰগাঁৱলৈ যাব পাৰি। নগৰৰ সোমাজতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান আৰু তিতাবৰ ৰে'ল ষ্টেছন অৱস্থিত। ইয়াৰে আশে পাশে বে-চৰকাৰী বাছ আৰু টেক্সী সেৱাৰ বাবে বিভিন্ন আস্থান সমূহ আছে। নিকটৱৰ্তী বিমান বন্দৰ ৰৰৈয়াৰ পৰা তিতাবৰলৈ দূৰত্ব প্ৰায় ১৬ কিঃমিঃ।[4] অৰ্থনীতিতিতাবৰৰ লোকসকল প্ৰধান জীৱিকা হৈছে কৃষি। মূল শস্য হৈছে চাহ আৰু ধান। ইয়াত উৎপন্ন হোৱাৰ ধানৰ অসমৰ বিভিন্ন ঠাইত চাহিদা আছে।
তিতাবৰ নগৰৰ পৰা প্ৰায় তিনি কিঃমিঃ দূৰত ধলি নৈৰ পাৰতে পঞ্চৰত্ন চিমেণ্ট প্ৰাইভেট লিমিটেড নামৰ ব্যক্তিগত খণ্ডৰ এটা বিলাতী মাটিৰ উদ্যোগ আছে। আনহাতে পাণবাৰী, ৰঙাজান আৰু ডফলাটিং চাহ বাগিছাত একোটাকৈ চাহপাতৰ কাৰখানা আছে।
তিতাবৰ চহৰৰ মাজমজিয়াতে প্ৰতি দেওবাৰে এখন বজাৰ বহে। ইয়াত কৃষিজাত সামগ্ৰীকে ধৰি সকলো ধৰণৰ লাগতিয়াল বস্তুৰ লাগতিয়াল বস্তু বেচা-কিনা হয়। উল্লেখযোগ্য ঠাই১৮৮০ দশকত নিৰ্মিত এই অতিথিশালাটো তিতাবৰৰ পৰা প্ৰায় পাঁচ কিঃমিঃ মান দূৰত্বৰ জালুকনিবাৰীত অৱস্থিত।[5] ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। এই ছপাশালটোৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ হৈছিল।[5][6] তিতাবৰ চহৰৰ পৰা প্ৰায় ৫কিঃমিঃ আঁতৰত অৱস্থিত। ইয়াত বাস কৰা লোকসকল হৈছে থাইলেণ্ডৰ পৰা প্ৰব্ৰজন হোৱা লোকসকলৰ উত্তৰসূৰী। তেওঁলোকে ভাৱ বিনিময়ৰ বাবে দোৱান ব্যৱহাৰ কৰে। এই দোৱানৰ থাইলেণ্ডত ব্যৱহৃত হোৱা ভাষাৰ সৈতে মিল আছে। ইয়াৰোপৰি তেওঁলোকৰ নিজা লিপি আছে।
হামদৈ পথাৰ হৈছে ধান খেতিৰ বাবে ব্যৱহৃত পথাৰ। প্ৰতিবছৰে ধান কটাৰ পাছত ভাৰতীয় বায়ু সেনাই এই পথাৰখনতে নতুনকৈ ভৰ্তি হোৱা পেৰাট্ৰ’পাৰ সকলক পেৰাছুটিঙৰ প্ৰশিক্ষণ দিয়ে। কিংবদন্তি মতে কছাৰী ৰজাৰ কণ্যা হেৰেমদৈৰ নাম অনুসাৰে এই ক্ষেত্ৰক হামদৈ হিচাপে নামকৰণ কৰা হয়। হামদৈ পথাৰত প্ৰায় দুহেজাৰ পুৰা মাটি থকাৰ কথা পোৱা যায়। এই পথাৰত প্ৰায় ৬-৭খন গাঁৱৰ ৰাইজে খেতি কৰে। ইয়াত জলসিঞ্চনৰ বাবে দাঁতিকাষৰীয়া জান, কাছজান নদীৰ ওপৰত এখন শ্লুইশ গেট ৰ কাম ২০০৭ চনৰ পৰা আৰম্ভ কৰা হৈছিল যদিও বিভিন্ন কাৰণত সেইখন সম্পূৰ্ণ হৈ নুঠিল। সংবাদ সেৱা১৯৩৫ চনৰ ১২ আগষ্টত ৰায়বাহাদুৰ শিৱ প্ৰসাদ বৰুৱাই ঠেঙাল ভৱনৰ পৰা দৈনিক বাতৰি প্ৰকাশ কৰি তিতাবৰত সাংবাদিকতাৰ ভেঁটি গঢ়ি তোলে। কিছুদিনৰ পাছতেই এই কাকতখন বন্ধ হৈ যায়। তথাপি প্ৰথমখন অসমীয়া দৈনিক বাতৰি কাকত ৰূপে ইয়াৰ নাম ইতিহাসত জিলিকি আছে। ১৯৪৭-৪৮ চনত প্ৰয়াত চক্ৰেশ্বৰ শইকীয়াৰ সম্পাদনাত ভোলাৰাম শইকীয়া ৰাজখোৱা প্ৰকাশক স্বৰূপে থাকি দ্বিতীয়খন পষেকীয়া কাকত ‘কৃষক’ তিতাবৰৰ পৰা প্ৰকাশ পায়। তিতাবৰ প্ৰেছ ক্লাব গঠন আৰু নিৰ্মাণ তিতাবৰ অঞ্চলৰ সাংবাদ জগতত এক উল্লেখযোগ্য উপকৰণ।[7] শিক্ষাকুৰি শতিকাৰ আৰম্ভণিতে তিতাবৰত কেইবাখন প্ৰাথমিক বিদ্যালয় গঢ় লৈ উঠিছিল। ১৯০৭ চনত প্ৰথমখন মধ্য ইংৰাজী বিদ্যালয় স্থাপন হয়। ১৯৩৩ চনত মিহিৰাম শইকীয়া হাইস্কুল স্থাপন কৰা হয়। অশোক শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যজ্ঞেশ্বৰ শৰ্মা দৰে উল্লেখযোগ্য ব্যক্তি এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ আছিল। ১৯৪৪ চনৰ ১৬ আগষ্টত তিতাবৰত ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপিত হয়। ১৯৪৮ চনত তিতাবৰত বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হয়। এই কেন্দ্ৰতে অভ্যাসন বিদ্যালয় স্থাপন কৰা হয়। ১৯৫৪ চনত তিতাবৰত বুনিয়াদী প্ৰশিক্ষণ মহাবিদ্যালয় আৰু ১৯৫৭ চনত স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন হয়। এই প্ৰশিক্ষণ মহাবিদ্যালয় ১৯৬৪ চন মানত একেবাৰে উঠি যায় আৰু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰও ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত (১৯৮৬) জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ ৰূপান্তৰ ঘটিল। ইয়াৰোপৰি তিতাবৰৰ মেলামাটিত ইছলামী শিক্ষাৰ বাবে দুখন শিক্ষানুস্থান গঢ়ি উঠিছে।[1] কুৰি শতিকাৰ শেষ দশকত কেইবাখনো ইংৰাজী আৰু অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় তিতাবৰত গঢ় লৈ উঠে। ১৯৯০ চনত প্ৰাগজ্যোতিকা ইংৰাজী বিদ্যালয়, ১৯৯৮ চনত তিতাবৰ জাতীয় বিদ্যালয়, গ্ৰীণ ফিল্ড একাডেমী, ব্ৰাইট ফিউচাৰ, হলি হাৰ্ট আদি বিদ্যালয় গঢ় লৈ উঠে। ১৯৫৯ চনত তিতাবৰ তিনিআলিৰ মিহিৰাম শইকীয়া হাইস্কুল প্ৰঙ্গনত তিতাবৰ অঞ্চলৰ প্ৰথমখন স্নাতক পৰ্যায়ৰ কলেজ প্ৰতিষ্ঠা হয়। মিহিৰাম শইকীয়া হাইস্কুলত নৈশ শাখাৰে ‘তিতাবৰ কলেজ’ আৰম্ভ কৰা হয়। প্ৰথমে কলা শাখা আৰু পাছত কলা শাখাৰে সমৃদ্ধ হৈ বৰ্তমান পূৰ্ণ পৰ্যায়ৰ মহাবিদ্যালয় ৰূপে স্বীকৃতি লাভ কৰিছে। এই মহাবিদ্যালয়ে সমগ্ৰ তিতাবৰ মহকুমাৰে স্নাতক পৰ্যায়ৰ কলা আৰু বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰি আহিছে।[1] শৈক্ষিক প্ৰতিষ্ঠানসমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধানৰ গৱেষণাৰ বাবে ১৯২৩ চনত তিতাবৰত স্থাপন কৰা হৈছিল। পূৰ্বতে ইয়াৰ নাম "ধান গৱেষণা কেন্দ্ৰ" আছিল। ১৯৮৬ চনত, এই কেন্দ্ৰটো "আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ" নামেৰে নামাংকিত কৰা হয়। ১৯৬৯ চনৰপৰা ইয়াৰ প্ৰশাসনিক দায়িত্বত আছে অসম কৃষি বিশ্ববিদ্যালয়।
মহাবিদ্যালয়
তিতাবৰ নগৰৰ মাজমজিয়াতে অৱস্থিত। ইয়াত কলা আৰু বিজ্ঞান শাখাত স্নাতক পৰ্যায়ৰ পাঠদান দিয়া হয়।
তিতাবৰ নগৰৰ পৰা প্ৰায় ৮কিঃমিঃ মান দূৰত ন-আলিৰ দাঁতিতে অৱস্থিত। ইয়াত কলা শাখাত স্নাতক পৰ্যায়ৰ পাঠদান কৰোৱা হয়।
এই মহাবিদ্যালয় ১৯৯০ চনত বৰহোলাত প্ৰতিষ্ঠা কৰা হৈছিল। উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়
ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়
চিত্ৰ ভঁৰাল
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia