হাফলং (ইংৰাজী: Haflong)ভাৰতৰ অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ [1] "Haflau" বা "Hangkhlong" শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়৷
ভৌগোলিক বিৱৰণ
হাফলং ডিমা হাছাও জিলাত অৱস্থিত অসমৰ একমাত্ৰ পৰ্বতীয়া ষ্টেচন বা আস্থান৷ ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৬৮০ মিটাৰ৷[2][3]
জলবায়ু
হাফলঙৰ জলবায়ু প্ৰধানত: সেমেকা অৰ্ধক্ৰান্তীয় জলবায়ু৷ ইয়াত সৰ্বনিম্ন তাপমাত্ৰা ১৯৮০ চনৰ ৭ জানুৱাৰীত ২.৪ ডিগ্ৰীলৈ নমা বুলি জানিব পৰা যায়৷
Haflongৰ জলবায়ুৰ তথ্য
|
মাহ
|
জানু.
|
ফেব্ৰু.
|
মাৰ্চ
|
এপ্ৰি.
|
মে
|
জুন
|
জুলা.
|
আগ.
|
চেপ্টে.
|
অক্টো.
|
নৱে.
|
ডিচে.
|
বছৰ
|
সৰ্বাধিক উষ্ণতা °C (°F)
|
28.8 (83.8)
|
25.2 (77.4)
|
28.4 (83.1)
|
29.0 (84.2)
|
20.0 (68.0)
|
28.3 (82.9)
|
26.5 (79.7)
|
28.2 (82.8)
|
25.8 (78.4)
|
24.3 (75.7)
|
21.0 (69.8)
|
18.1 (64.6)
|
—
|
গড় উষ্ণতা - উচ্চ °C (°F)
|
13.6
|
16.2
|
20.0
|
21.2 (70.2)
|
21.2 (70.2)
|
21.7 (71.1)
|
21.9 (71.4)
|
22.2 (72.0)
|
21.7 (71.1)
|
20.3 (68.5)
|
17.6 (63.7)
|
14.7 (58.5)
|
19.36 (66.84)
|
গড় উষ্ণতা - নিম্ন °C (°F)
|
10.3 (50.5)
|
12.0 (53.6)
|
15.9 (60.6)
|
20.0 (68.0)
|
22.7 (72.9)
|
24.9 (76.8)
|
25.6 (78.1)
|
25.6 (78.1)
|
24.7 (76.5)
|
21.9 (71.4)
|
16.7 (62.1)
|
11.8 (53.2)
|
19.34 (66.82)
|
সৰ্বনিম্ন উষ্ণতা °C (°F)
|
3.7 (38.7)
|
4.1 (39.4)
|
6.3 (43.3)
|
12.0 (53.6)
|
13.2 (55.8)
|
15.4 (59.7)
|
18.4 (65.1)
|
18.1 (64.6)
|
15.7 (60.3)
|
10.6 (51.1)
|
8.3 (46.9)
|
5.0 (41.0)
|
সাঁচ:Min/12
|
বৰ্ষাপাত mm (ইঞ্চি)
|
11.9 (0.469)
|
18.3 (0.72)
|
55.8 (2.197)
|
147.9 (5.823)
|
244.2 (9.614)
|
316.4 (12.457)
|
345.4 (13.598)
|
264.3 (10.406)
|
185.9 (7.319)
|
91.2 (3.591)
|
18.7 (0.736)
|
7.1 (0.28)
|
0 (0)
|
% আৰ্দ্ৰতা
|
69
|
55
|
47
|
48
|
55
|
51
|
53
|
52
|
53
|
52
|
52
|
52
|
53.3
|
Avg. rainy days
|
1.8
|
2.9
|
5.8
|
13.1
|
17.0
|
19.6
|
22.3
|
18.5
|
15.2
|
7.4
|
2.8
|
1.3
|
127.7
|
সূৰ্যোদয়ৰ সময়
|
106.3
|
174.7
|
180.1
|
181.0
|
152.2
|
102.0
|
104.0
|
121.2
|
98.0
|
104.6
|
131.0
|
132.5
|
1,587.6
|
উৎস নং ১: World Meteorological Organization.,[4] NOAA (extremes & humidity, 1971-1990)[5]
|
উৎস নং ২: Hong Kong Observatory.[6]
|
যাতায়াত ব্যৱস্থা
হাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷ অৱশ্যে গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰেলৰ চলাচল আছে৷
ভাষা
হাফলঙত প্ৰধানকৈ হাফলং হিন্দী, ডিমাছা, মাৰ আৰু বঙালী ভাষা প্ৰচলিত৷ ইয়াৰোপৰি অসমীয়া আৰু নেপালী ভাষাও ইয়াত প্ৰচলিত।
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি হাফলঙ নগৰৰ জনসংখ্যা আছিল ৪৩,৭৫৬ জন৷ ইয়াৰে ২২,৮৩৮পুৰুষ আৰু ২০,৯১৮ মহিলা৷ হাফলঙৰ গড় সাক্ষৰতাৰ হাৰ ৯৩.0৯%৷ ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৬.০৫% আৰু মহিলাৰ ৮৯.৮৪%৷ [7]
ধৰ্ম অনুযায়ী হাফলঙৰ জনসংখ্যা [7] |
ধৰ্ম |
|
শতাংশ |
খ্ৰিষ্টিয়ান |
|
৩২.৪৮% |
হিন্দু |
|
৬১.৯৩% |
মুছলমান |
|
৪.৫৪% |
অন্যান্য |
|
০.৬১% |
ধৰ্ম অনুযায়ী হাফলঙৰ জনসংখ্যা
†লগতে, শিখ (0.18%), বৌদ্ধ (0.15%), জৈন(0.02%) |
হাফলঙৰ ১২% জনসংখ্যাৰ বয়স ছয়বছৰৰ অনুৰ্ধৰ৷ জনজাতীয় লোকসকলৰ উপৰিও হাফলঙৰ জনসংখ্যাৰ বুজন সংখ্যক অজন-জাতীয় লোকো আছে৷ তেওঁলোকৰ সৰহ সংখ্যকেই চৰকাৰী চাকৰিয়াল আৰু অন্য কিছু সংখ্যক লোক বেহা-বেপাৰৰ লগত জড়িত৷ জনজাতীয় লোকসকলৰ ভিতৰত ডিমাছা, মাৰ, নগা, কুকী, মিজো আদিয়ে প্ৰধান৷
ৰাজনীতি
হাফলং স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷
পৰ্য্যটন
হাফলঙৰ পৰ্যটনৰ বাবে উল্লেখনীয় অঞ্চলসমূহ হ'ল-
- হাফলং হ্ৰদ
- জাতিংগা
- পৰম্পৰাগত গাওঁসমূহ
- ফিয়াংপুই বাগান
- জৰাই
- মউলপং
- ফিয়াংপুই (Fiangpui) গীৰ্জা
চিত্ৰ সম্ভাৰ
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
Dima Hasao ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা