নামৰূপ
নামৰূপ (ইংৰাজী: Namrup) হৈছে পাটকাই পৰ্বত শ্ৰেণী (ম্যানমাৰৰ লগত সংযোগ হৈ থকা পূৰ্বাঞ্চল শ্ৰেণী)ৰ নামনি অঞ্চলত অসমৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত আৰু ডিব্ৰুগড় জিলাৰ এখন সৰু লোকপিয়ল নগৰ তথা অসম ৰাজ্য বা মুং দুন চুন খামৰৰ তৃতীয় ৰাজধানী।।[1] নামৰূপৰ মাজেদি দিচাং নদী বৈ গৈছে। ই অসমৰ এখন উল্লেখযোগ্য উদ্যোগিক ঠাই। ডিব্ৰুগড় নগৰৰ পৰা নামৰূপলৈ দূৰত্ব প্ৰায় ৮০ কিঃমিঃ আৰু তিনিচুকীয়াৰ পৰা প্ৰায় ৭০ কিঃমিঃ। ইয়াৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে: চাবুৱা বিমানবন্দৰ (ডিব্ৰুগড় বিমানবন্দৰ)। দূৰত্ব প্ৰায় ৭০ কিঃমিঃ। নামৰূপ সাধাৰণতে তিনিটা উদ্যোগৰ বাবে পৰিচিত। সেইসমূহ হ’ল ক্ৰমে:-
ইতিহাসনামৰূপ এখন ঐতিহাসিক স্থান। টাই-ছান জনগোষ্ঠীৰ লোকসকলৰ প্ৰাৰম্ভিক জীৱন নামৰূপৰ লগতেই জড়িত হৈ আছে। নামৰুপ শব্দটো টাই ভাষাৰ পৰা উৎপত্তি হৈছে। টাই ভাষাত নাম মানে পানী আৰু ৰূক বা ৰূপ মানে পাঁচ। অৰ্থাৎ নামৰূপ মানে পাঁচখন নদীৰ অঞ্চল। আহোম ৰাজত্বকালৰ পূৰ্বে নামৰূপৰ নাম কি আছিল জনা নাযায়। তথাপি যথেষ্ট সংখ্যক কছাৰী আৰু বৰাহী লোক ইয়াত বাস কৰিছিল বুলি অনুমান কৰিব পাৰি। আহোমৰ শাসন কালত নামৰূপ এখন উল্লেখযোগ্য ঠাই আছিল। এই অঞ্চলটো নামৰূপীয়া ৰজাৰ অধীনত আছিল। নামৰূপীয়া ৰজা, আহোম সাম্ৰাজ্যৰ এক উল্লেখযোগ্য পদ আছিল। পশ্চিম দিশৰ বাহিৰাগত আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবৰ বাবে আহোম ৰজাসকলে নামৰূপৰ চৰাইখোৰোঙ নামৰ এটুকুৰা গুপ্ত ঠাইত আশ্ৰয় লৈছিল। আহোমৰ শাসন কালৰ এক বিশেষ ধৰণৰ কাৰাগাৰ কলিয়াপানী, নামৰূপতে অৱস্থিত। চাৰিশ বছৰ পূৰ্বে তেতিয়াৰ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও আৰু জয়পুৰক সংযোগ কৰি ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল। বৰ্তমান এই পথটো জয়পুৰৰ পৰা গোলাঘাট জিলা লৈকে বিস্তৃত হৈ আছে। ১৯৬০ দশকত কেন্দ্ৰীয় চৰকাৰে নামৰূপত এটা সাৰ কাৰখানা (বৰ্তমানৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড) প্ৰতিষ্ঠা কৰা সিদ্ধান্ত লয়। এয়াই উদ্যোগী নগৰ নামৰূপৰ আধুনিকীকৰণৰ আৰম্ভণি বুলি ক’ব পাৰি। ইয়াৰ পিছত অসম চৰকাৰে এটা ৰাসায়নিক উদ্যোগ (বৰ্তমানৰ অসম পেট্ৰ’কেমিকেলছ লিমিটেড) আৰু এটা তাপ বিদ্যুৎ প্ৰকল্প (বৰ্তমানৰ নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেশ্যন) প্ৰতিষ্ঠা কৰে। অৱস্থান আৰু পৰিবহণনামৰূপৰ অৱস্থান হৈছে 27°07′N 95°13′E / 27.11°N 95.21°E[2]। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা হৈছে ১২৪ মিটাৰ (৪০৬ ফুট)।
নামৰূপৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে: চাবুৱা বিমানবন্দৰ (ডিব্ৰুগড় বিমানবন্দৰ)। দূৰত্ব প্ৰায় ৭০ কিঃমিঃ।
নামৰূপৰ নিকটৱৰ্তী ৰেল ষ্টেছন হৈছে নামৰূপ ষ্টেছন।
অসমৰ ৰাজধানী গুৱাহাটীৰ উত্তৰ দিশে প্ৰায় ৫০০ কিঃমিঃ দূৰত নামৰূপ অৱস্থিত। ডিব্ৰুগড় চহৰৰ পৰা নামৰূপলৈ দূৰত্ব প্ৰায় ৮০ কিঃমিঃ আৰু তিনিচুকীয়াৰ পৰা প্ৰায় ৭০ কিঃমিঃ। অসমৰ প্ৰায় সকলো ঠাইলৈকে ইয়াৰপৰা নিয়মীয়াকৈ বাছ চলাচল কৰৈ। ইয়াত অসম ৰাজ্যিক পৰিবহণ নিগমৰ এটা বাছ আস্থান আছে। উজনি অসমৰ বিভিন্ন ঠাইলৈ অহা-যোৱা কৰাৰ সুবিধাৰ্থে ব্যক্তিগত খণ্ডৰ বাছো চলাচল কৰে। জনগাঁথনি২০০১ চনৰ লোকপিয়ল মতে, নামৰূপৰ জনসংখ্যা হৈছে ১৮,৯২১। ইয়াৰ ভিতৰত ৫৪% পুৰুষ আৰু ৪৬% মহিলা। ১৯৬০ দশকৰ পিছৰ পৰা চহৰ খনৰ জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। অৰ্থনৈতিক ব্যৱস্থানামৰূপৰ অৰ্থনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে তিনিটা উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। উদ্যোগ তিনিটাক কেন্দ্ৰ কৰিয়েই ইয়াত পৰিবহণ, বেপাৰ-বাণিজ্য আদি গঢ় লৈ উঠিছে। ইয়াৰ উপৰিও দিল্লীঘাটৰ ওচৰৰ পাহাৰীয়া অঞ্চলসমূহত কয়লা খনি আৰু শিলৰ কোৱাৰি আছে। ইয়াত কেইবাখনো চাহ বাগিছাও আছে। এই অঞ্চলটোত ধান খেতি কৰাও দেখা যায়। আকৰ্ষণৰ কেন্দ্ৰসমূহদিল্লীঘাটদিল্লীঘাট হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য বনভোজৰ কেন্দ্ৰ। শীতকালত আৰু ইংৰাজী নৱবৰ্ষৰ সময়ত ইয়ালৈ বিভিন্ন ঠাইৰ মানুহৰ সমাগম ঘটে। নামৰূপ আৰু শিৱসাগৰ জিলাৰ বৰহাটৰ মাজত দিল্লী অথবা দিচাং নদী (ব্ৰহ্মপুত্ৰৰ এখন উপনৈ)ৰ পাৰত দিল্লীঘাট অৱস্থিত। ইয়াৰ উপৰিও নামৰূপৰ ওচৰত বহুতো আকৰ্ষণীয় ঠাই আছে। জয়-দিহিঙ বৰ্ষাৰণ্য ইয়াৰ উত্তৰে প্ৰায় ১০-১৫ কিঃমিঃ দূৰত আৰু টাই-ফাকে জনগোষ্ঠীৰ ব্যতিক্ৰমী টাই-ফাকে গাঁও ইয়াৰ উত্তৰে ১৩-১৪ কিঃমিঃ দূৰত অৱস্থিত। অৰুণাচল প্ৰদেশৰ দেউমালি (নদীৰ পাৰৰ এটুকুৰা বনভোজৰ কেন্দ্ৰ), নামদাফা ৰাষ্ট্ৰীয় উদ্যান, খুন্সা (Namdapha National Park, Khunsa) আদিৰ দৰে বহুতো আকৰ্ষণীয় ঠাই নামৰূপৰ ওচৰতে অৱস্থিত। উদ্যোগব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড (বি ভি এফ চি এল)প্ৰধান প্ৰবন্ধ: ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড
ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড (ইংৰাজী: Brahmaputra Valley Fertilizer Corporation Limited, সংক্ষেপতে বি.ভি.এফ.চি.এল.) হৈছে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি সাৰ প্ৰস্তুত কৰা ভাৰতৰ প্ৰথমটো উদ্যোগ তথা অসমৰ একমাত্ৰ সাৰ কাৰখানা। ই অসমৰ ডিব্ৰুগড় জিলাৰ দক্ষিণ-পূব সীমান্তত দিল্লী নদীৰ পাৰত অৱস্থিত[3]। প্ৰথমতে এই উদ্যোগটো ফাৰ্টিলাইজাৰ ক’ৰ্প’ৰেশ্বন অফ ইণ্ডিয়া (Fertilizer Corporation of India, FCI)ৰ অধীনত আছিল আৰু পিছত হিন্দুস্তান ফাৰ্টিলাইজাৰ ক’ৰ্প’ৰেশ্বন (Hindustan fertilizer Corporation, HFC)ৰ অধীনলৈ যায়[3]। ২০০২ চনৰ ১ এপ্ৰিল তাৰিখে ইয়াক এইচ. এফ. চিৰ পৰা বিভক্ত কৰা হয় আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড নামেৰে নামকৰণ কৰা হয়[3]। ১৯৬৬ চনৰ ১ জানুৱাৰীত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বি পি চলিহাই এই উদ্যোগটোৰ আধাৰশিলা স্থাপন কৰে। ১৯৬৯ চনৰ ১ জানুৱাৰীৰ পৰা ইয়াৰপৰা বাণিজ্যকভাৱে সাৰ উৎপাদন আৰম্ভ হয়[3]। এই উদ্যোগটোৰ তিনিটা গোট (Unit) আছে: নামৰূপ-১, নামৰূপ-২ আৰু নামৰূপ-৩। নামৰূপ-১ গোটটো বৰ্তমান বন্ধ কৰি দিয়া হ’ল।
১৯৬০ চনৰ মাজভাগত হিন্দুস্তান কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰছ (Hindustan Chemicals and Fertilizers)-এ নামৰূপ-১ গোটটো স্থাপন কৰে। এই গোটটোত ইউৰিয়াৰ বাৰ্ষিক উৎপাদন ক্ষমতা হৈছে ৫৫০০০ মেট্ৰিকটন আৰু এম’নিয়াম ছালফেটৰ বাৰ্ষিক উৎপাদন ক্ষমতা হৈছে ১,০০,০০০ মেট্ৰিকটন। বৰ্তমান এই গোটটো বন্ধ কৰা হ’ল[4]।
১৯৭৬ চনৰ পৰা নামৰূপ-২ গোটটোত বাণিজ্যিকভাৱে সাৰ উৎপাদন আৰম্ভ হয়। এই গোটটোত ইউৰিয়াৰ বাৰ্ষিক উৎপাদন ক্ষমতা হৈছে ৩,৩০,০০০ মেট্ৰিকটন[4]।
১৯৮৭ চনৰ পৰা নামৰূপ-৩ গোটটোত বাণিজ্যিকভাৱে সাৰ উৎপাদন আৰম্ভ হয়। এই গোটটোত ইউৰিয়াৰ বাৰ্ষিক উৎপাদন ক্ষমতা হৈছে ৩,৮৫,০০০ মেট্ৰিকটন[4]। ইয়াত প্ৰাকৃতিক গেছ, বাষ্প আৰু নাইট্ৰ’জেন ব্যৱহাৰ কৰি ইউৰিয়া উৎপাদন কৰা হয়। বৰ্তমান ইয়াত তিনিধৰণৰ সাৰ উৎপাদন কৰা হয়[5]:
অসম পেট্ৰ’কেমিকেলছ লিমিটেড (এ পি এল)প্ৰধান প্ৰবন্ধ: অসম পেট্ৰ’কেমিকেলছ লিমিটেড
অসম পেট্ৰ’কেমিকেলছ লিমিটেড (ইংৰাজী: Assam Petochemicals Limited, সংক্ষেপতে এ পি এল) হৈছে নামৰূপত অৱস্থিত এটা পেট্ৰ'কেমিকেলছ উদ্যোগ। ১৯৭৬ চনত ইয়াৰ বাণিজ্যিক উৎপাদন আৰম্ভ হয়[6]। উজনি অসমত তেল উৎপাদন আৰম্ভ হোৱাৰ পাছত প্ৰাকৃতিক গেছ সমূহ আৱৰ্জনা হিচাবে থাকি গৈছিল। ইয়াৰে কিছু পৰিমাণৰ গেছ বি.ভি.এফ.চি.এল. আৰু নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেশ্যন-এ ব্যৱহাৰ কৰিছিল। বাকী থকা আৱৰ্জনাসমূহ ৰোধ কৰিবৰ বাবে অসম চৰকাৰ আৰু আসাম ইণ্ডাছট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প'ৰেশ্বন লিমিটেড (Assam Industrial Development Corporation Ltd, AIDC)মিলি এই উদ্যোগটো প্ৰতিষ্ঠা কৰে[6]। প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি পেট্ৰকেমিকেলছ উৎপাদন কৰা ই ভাৰতৰ প্ৰথমটো উদ্যোগ। জাপানৰ মিটছুবিচি গেছ কেমিকেলছ কম্পেনী (Mitsubishi Gas Chemicals Co. Inc, Japan)-এ যোগান ধৰা প্ৰযুক্তিৰ সহায়ত ইয়াত প্ৰথম উৎপাদন আৰম্ভ কৰা হয়[6]। নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেশ্যন (এন টি পি এছ)প্ৰধান প্ৰবন্ধ: নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেশ্যন
নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেশ্যন (ইংৰাজী: Namrup Thermal Power Station)টো অসম চৰকাৰে নামৰূপৰ তৃতীয়টো উদ্যোগ ৰূপে স্থাপন কৰে। এই উদ্যোগটো বৰ্তমান অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অধীনত আছে। শিক্ষানামৰূপৰ গড় সাক্ষৰতা হাৰ হৈছে ৮৭%। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ হৈছে ৮৮% আৰু মহিলাৰ সাক্ষৰতা হাৰ হৈছে ৮৫%। নামৰূপত প্ৰাথমিক আৰু উচ্চতৰ শিক্ষাৰ বাবে সুবিধা আছে। নামৰূপ কলেজত কলা আৰু বাণিজ্য শাখাত স্নাতক পৰ্য্যায়ৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। বিভিএফচি হায়াৰ চেকেণ্ডেৰী স্কুল, বিভিএফচি মডেল স্কুল আৰু কেন্দ্ৰীয় বিদ্যালয়, নামৰূপ হৈছে এই অঞ্চলৰ কেইখনমান উল্লেখযোগ্য বিদ্যালয়। ইয়াৰ বাহিৰেও এই অঞ্চলত সাতখনমান হাইস্কুল আছে। কেন্দ্ৰীয় বিদ্যালয়, নামৰূপকেন্দ্ৰীয় বিদ্যালয়, নামৰূপ (ইংৰাজী: Kendriya Vidyalaya, Namrup) হৈছে নামৰূপৰ এখন উল্লেখযোগ্য বিদ্যালয়। ১৯৮৫ চনত এইচ. এফ. চি (বৰ্তমানৰ বি.ভি.এফ.চি.এল.)ৰ পৃষ্ঠপোষকতাত ইয়াক স্থাপন কৰা হয়। ই নামৰূপ কলেজৰ ওচৰত বি.ভি.এফ.চি.এল. কলনিৰ ই চেক্টৰত অৱস্থিত[7]। ১৪ একৰ এলেকা জুৰি ইয়াৰ চৌহদ বিস্তৃত হৈ আছে। প্ৰাথমিক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইয়াত পাঠদান কৰোৱা হয়। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে বিজ্ঞান আৰু কলা- এই দুয়োটা শাখাৰ পাঠ্যক্ৰম ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পাঠ্যক্ৰম সমূহ চি.বি.এছ.ই.ৰ অন্তৰ্গত। ইয়াত ইণ্টাৰনেটৰ সংযোগ থকা কম্পিউটাৰ প্ৰয়োগশালা, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ বাবে পৃথককৈ প্ৰয়োগশালা আছে। ইয়াৰ উপৰিও বিদ্যালয়ৰ পুথিভঁৰালত প্ৰায় ৬০০০খন কিতাপ আৰু ২৫খন মান মাহেকীয়া আলোচনী আছে[7]। বি ভি এফ চি এল মডেল হাইস্কুলবি ভি এফ চি এল মডেল হাইস্কুল হৈছে নামৰূপৰ বি.ভি.এফ.চি.এল. কলনিত ১৯৬৯ চনত স্থাপিত হোৱা এখন খ্ৰীষ্টান মিছনেৰী স্কুল। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|