সাপটগ্ৰাম
সাপটগ্ৰাম হ'ল ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ অন্তৰ্গত এখন চহৰ। অৱস্থানসাপটগ্ৰামৰ অৱস্থান হ'ল 26°20′N 90°08′E / 26.33°N 90.13°E.[2] ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ সোণকোষৰ পাৰত এইখন চহৰ অৱস্থিত। ই সাগৰ পৃষ্ঠৰ পৰা ২৭ (৮৮ ফুট) মিটাৰ উচ্চতাত অৱস্থিত। ই অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ মাজৰ সীমান্তৱৰ্তী চহৰ। ধুবুৰী চহৰ আৰু সাপটগ্ৰামৰ মাজৰ দূৰত্ব ৪৭.৬ কিলোমিটাৰ। জনসংখ্যা২০০১ চনৰ লোকপিয়ল অনুসৰি সাপটগ্ৰামৰ মুঠ জনসংখ্যা ১২,০৪৬ জন (পুৰুষ ৫১%, মহিলা ৪৯%, নগৰ খনৰ সাক্ষৰতাৰ হাৰ ৭৭% যিটো ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ (৫৯.৫%তকৈ অধিক, পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮২% হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ ৭২%। [3] ইতিহাসসপতগ্ৰাম এখন প্ৰাচীন চহৰ। ই মূলতঃ পশ্চিমে সোণকোষ নদীৰ পৰা পূবে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত ভৰলী নদীলৈকে বিস্তৃত কোচ বংশৰ ৰঘুদেৱ আৰু তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণৰ অধীনত প্ৰাচীন কোচ হাজো (১৫৮১-১৬১৬) ৰাজ্যৰ অন্তৰ্গত আছিল। মধ্যযুগীয় অসমত তেতিয়াৰ নৰনাৰায়ণৰ অধীনত কামতা ৰাজ্যক বিভক্ত কৰি ইয়াৰ সৃষ্টি হৈছিল। পশ্চিম সীমা সোণকোষ নদী মোটামুটিভাৱে বৰ্তমানৰ অসম আৰু পশ্চিমবংগৰ মাজৰ সীমা। কামতা ৰাজ্যৰ পশ্চিম অংশৰ নাম কোচ বিহাৰ হ’বলৈ ধৰিলে। বৰ্তমান বাংলাদেশৰ ৰংপুৰ জিলা আৰু অসমৰ কিছু অঞ্চলত শাসন কৰা কোচ বংশৰ পূৰ্বপুৰুষ এজন কিংবদন্তি ৰজা হাজো দ্য কোচৰ পৰা হাজো নামটো আহিছে। ১৬০২ চনত ঢাকাৰ নবাব আৰু লক্ষ্মী নাৰায়ণ (কোচ বিহাৰৰ শাসক) আদিৰ দ্বাৰা প্ৰেৰিত এজন মোগল গৱৰ্ণৰে কোচ হাজোৰ শাসক পৰীক্ষিত নাৰায়ণক আক্ৰমণ কৰে। ১৬১৪ চনত পৰীক্ষিত নাৰায়ণ ধুবুৰীত পৰাজিত হয়। তাৰ পিছত মোগলে কবিশেখৰক কানুংগো হিচাপে নিযুক্তি দিয়ে আৰু শ্বেখ ইব্ৰাহিম কৰোৰীক মোগল প্ৰশাসন ব্যৱস্থা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। মোগলে পৰীক্ষিত নাৰায়ণৰ পুত্ৰ বিজিত নাৰায়ণক সোণকোষ নদী আৰু মানস নদীৰ মাজৰ অঞ্চলটোৰ জমিদাৰ হিচাপে নিযুক্তি দিয়ে। আৰু তেওঁ কোচ ৰাজপৰিয়ালৰ বিজনী শাখাৰ প্ৰতিষ্ঠাপক হৈ পৰে, যিয়ে অৱশেষত অভয়াপুৰীত বসতি স্থাপন কৰে। সোণকোষৰ পাৰত থকা সাপটগ্ৰাম চহৰখন দুখন বাগিচাৰ অংশ হৈ পৰিল— বিজনী আৰু পৰ্বতঝোৰা। সীমা নিৰ্ধাৰণৰ ৰেখাডালে বৰ্তমানৰ সাপটগ্ৰাম চহৰৰ মাজভাগেৰে গৈছিল। স্বাধীনতাৰ পিছত সাপটগ্ৰাম গোৱালপাৰা জিলাৰ অধীনলৈ আহে, যিখন ব্ৰিটিছে ১৮৭৬ চনৰ ৮ মাৰ্চত সৃষ্টি কৰে। বৰ্তমান সাপটগ্ৰাম ধুবুৰী জিলাৰ এখন বিশিষ্ট চহৰ, যি ১৯৮৩ চনত গোৱালপাৰা জিলা বিভাজিত হৈ সৃষ্টি হয়। ৮ মাৰ্চ হৈছে সাপটগ্ৰামৰ জন্ম তাৰিখ। শিক্ষাইয়াত দুখন ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন (অসমীয়া মাধ্যমৰ বিদ্যালয়) আৰু এখন হাই মাদ্ৰাছাকে ধৰি পাঁচখন বিখ্যাত হাইস্কুল আছে। ১৯৩৬ চনত স্থাপিত সাপটগ্ৰাম বাঙালী হাইস্কুলে অসমৰ আদিম গুণগত শিক্ষাৰ অন্যতম স্থান হিচাপে খ্যাতি অৰ্জন কৰিছে। আনখন, সাপটগ্ৰাম এমালগেমেটেড একাডেমী, ১৯৩৯ চনত স্থাপন কৰা হৈছিল। এই বিদ্যালয়খনে তুলনামূলকভাৱে উন্নত কৃতিত্ব-অভিলেখ অৰ্জন কৰিছে মূলতঃ ইয়াৰ পূৰ্বৰ প্ৰধান শিক্ষক প্ৰয়াত পঞ্চানন মেধিৰ দিনত, যিজনক কেন্দ্ৰীয় চৰকাৰৰ ‘শ্ৰেষ্ঠ শিক্ষক আৰু শিক্ষাবিদ’ বঁটাৰে প্ৰশংসা লাভ কৰিছিল। চহৰখনৰ ‘সাপটগ্ৰাম কলেজ’ নামৰ এখন কলা মহাবিদ্যালয় আছে। ১৯৭২ চনত প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়খনে ইতিমধ্যে ‘অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত গুণগত শিক্ষাৰ আগশাৰীৰ স্থানৰ মৰ্যাদা লাভ কৰিছে। ইয়াৰ উপৰিও অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ মাজৰ এই সীমান্তৱৰ্তী চহৰখনত কেইবাখনো বাংলা, অসমীয়া আৰু হিন্দী মাধ্যমৰ প্ৰাথমিক বিদ্যালয় আছে। চহৰখনত থানা আৰু ডাকঘৰ আছে। ইয়াৰ ডাকসূচাংক হৈছে ৭৮৩৩৩৭[4]। প্ৰধান শিক্ষানুষ্ঠান
পৰিবহনপ্ৰাক স্বাধীনতা কালতে ভাৰতীয় ৰে'লৱেৰ মানচিত্ৰত সাপটগ্ৰামে স্থান লাভ কৰিছিল। এই চহৰত ১৯২৮ চনৰ জুলাই মাহত ৰে'ল ষ্টেচন স্থাপন কৰা হয়। সাপটগ্ৰামত এন এফ ৰে'লৱেৰ এটা প্ৰধান ৰে'লৱে ষ্টেচন আছিল, যিয়ে উত্তৰ-পূবক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰিছিল, যাৰ পথ বাংলাদেশৰ মাজেৰে আছিল। বৰ্তমান চহৰখনত যোগাযোগৰ বাবে উৎকৃষ্ট স্থলপথ আছে। আনহাতে সোণকোষ নদীখন প্ৰায় শুকাই গৈছে, সেইবাবেই জলপথৰ যোগাযোগৰ বাবে ইয়াক ব্যৱহাৰ কৰা নহয়। বৃত্তি আৰু জীৱিকাসাপটগ্ৰাম চহৰ এসময়ত অসমৰ এক বিশিষ্ট কাঠ-ব্যৱসায়ৰ কেন্দ্ৰ আছিল। কিন্তু স্থানীয় গাঁওসমূহত মূল বৃত্তি আছিল কৃষি। বৰ্তমান চহৰখনৰ জীৱিকাৰ মূল উৎস হৈছে খেতি আৰু ব্যৱসায়। পৰ্যটনসাপটগ্ৰাম অঞ্চল ‘লীলানন্দ আশ্ৰম’ৰ বাবে বিখ্যাত।[12] ১৯৪৬ চনত ঠাকুৰ লীলানন্দই প্ৰতিষ্ঠা কৰা এই মন্দিৰটো সাপটগ্ৰাম চহৰৰ পাৰ্শ্ববৰ্তী ‘শান্তিপুৰ’ নামৰ এখন গাঁৱত অৱস্থিত। এশ বিঘাতকৈও অধিক ভূমিত বিস্তৃত এই আশ্ৰমত বিভিন্ন হিন্দু দেৱতাৰ কেইবাটাও মন্দিৰ আছে। মন্দিৰৰ অন্যতম অনন্য বৈশিষ্ট্য হ’ল ইয়াত ২৪ ঘণ্টাই ‘হৰি নাম সংকীৰ্তন’ৰ ব্যৱস্থা আছে। মন্দিৰটো প্ৰতিষ্ঠা হোৱাৰ ঠিক দিনৰে পৰা এনেদৰে চলি আহিছে। তদুপৰি জনপ্ৰিয়ভাৱে ‘পাগলা বাবা’ নামেৰে পৰিচিত ঠাকুৰ লীলানন্দৰ শিষ্যসকলে প্ৰতি বছৰে ‘ৰথ যাত্ৰা’ উৎসৱ ধুমধাম আৰু আনন্দৰে উদযাপন কৰে। বৰ্তমান মন্দিৰটোৰ আন্তঃগাঁথনিগত সংস্কাৰ আৰু ইয়াৰ ধৰ্মীয় আৰু সামাজিক কাৰ্য্যকলাপৰ সংস্কাৰ চলি আছে। এই আশ্ৰম চাবলৈ বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে। সাপটগ্ৰাম অঞ্চলৰ অন্তৰ্গত গাঁও সমূহশান্তিপুৰ, সোণাময়ী, ভালুকমাৰী, হৰলটাৰী, ৰাৱনটাৰী, ভেৰভেৰী, খুদনামাৰী, শালটাৰী, চাওগুৰি, ভেলাকোবা, বালাপাৰা, ঘাগমাৰী, ৰাঙাপানী, শিয়ালটাৰী, ধৰ্মপুৰ, চিৰাৰপাৰ, সৰুকুঠি, বৰকুঠি, জয়পুৰ, শুৰীপাৰা, ধনপুৰ, কদমতোলা, খলিশানীমাৰী, খলিশাটাৰী, কুঠিপাৰা আদি। এই অঞ্চলৰ ভাষাচৰকাৰী ভাষা অসমীয়া। আন আন সংযোগী ভাষাসমূহ হ’ল কামতাপুৰী (ৰাজবংশী, গোৱালপাৰীয়া, দেশী), বাংলা, হিন্দী, ভোজপুৰী (বিহাৰী), মাৰোৱাৰী, বড়ো, নেপালী আদি। প্ৰধান ধৰ্মহিন্দু, ইছলাম আৰু জৈন ধৰ্ম সাপটগ্ৰাম অঞ্চলৰ প্ৰধান ধৰ্ম।[13] প্ৰধান জাতি-জনগোষ্টীকোচ ৰাজবংশী, কলিতা[14], নাথ-যোগী সম্প্ৰদায়, বাঙালী হিন্দু, বিহাৰী, মাৰোৱাৰী, অসমীয়া, বড়ো, নেপালী।[উদ্ধৃতিৰ প্ৰয়োজন] তথ্যসূত্ৰ
|