খাৰুপেটীয়া
খাৰুপেটীয়া (IPA: ˌkɑːrʊˈpiːtɪə)(ইংৰাজী: Kharupetia) অসমৰ দৰং জিলাত অৱস্থিত এখন নগৰ। এই অঞ্চলটো মঙলদৈ আৰু গুৱাহাটীৰ পৰা ক্ৰমে ১৭ কিমি আৰু ৮৭ কিমি দুৰত্বত অৱস্থিত। এই অঞ্চলটোৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ভৌগোলিক অৱস্থানখাৰুপেটীয়াৰ ভৌগোলিক অৱস্থান 26°31′N 92°08′E / 26.52°N 92.13°E.[1] সাগৰপৃষ্ঠৰ পৰা এই অঞ্চলৰ গড় উচ্চতা প্ৰায় ৩৭ মিটাৰ ( ১২১ ফুট)। খাৰুপেটীয়াৰ পৰা নিকটতম ৰে'লৱে ষ্টেচন গুৱাহাটী। আন্তঃগাঁথনি২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] খাৰুপেটীয়াৰ জনসংখ্যা ১৭,৭৮৪ জন। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। এই অঞ্চলৰ গড় সাক্ষৰতাৰ হাৰ ৭৩%, ইয়াৰে পুৰুষ আৰু মহিলাৰ পৃথকভাৱে সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭৮% আৰু ৬৮%। খাৰুপেটীয়াৰ মুঠ জনসংখ্যাৰ ১২% ৰ বয়স ছয় বছৰৰ অনুৰ্ধৰ। শিক্ষাবিদ্যালয়-
মহাবিদ্যালয়-
তথ্যসূত্ৰ
|