ধোদৰ আলি
ধোদৰ আলি (ইংৰাজী: Sluggards' Road) পথটো গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা দক্ষিণ-পূৱলৈ গৈ গোলাঘাট নগৰৰ মাজেদি কমাৰ-বন্ধা হৈ তিতাবৰ, মৰিয়নি মাজেৰে নামৰূপৰ ওচৰৰ জয়পুৰত সংযুক্ত হৈছে[1]। এই আলিটোৰ দৈৰ্ঘ্য প্ৰায় ২১২ কিঃমিঃ।[1] এই পথটো উজনি অসমৰ চাৰিখন জিলা (গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়)ৰ মাজেৰে পাৰ হৈ গৈছে | নামৰ উৎপত্তিকথিত আছে যে, ৰজাঘৰীয়া দায়িত্বৰপৰা হাত সাৰিবৰ বাবে ধোদৰ ভাও ধৰা গোঁসাই আৰু ভকতক ধৰি আনি এই পথটো সজোৱা হৈছিল। সেয়ে এই পথটোৰ নাম ধোদৰ আলি দিয়া হয়[2]। নিৰ্মাণ১৬৮১-১৬৯৫ চনৰ সময়ছোৱাত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত এই আলিবাটটো নিৰ্মাণ কৰা হৈছিল[1]। পিছলৈ আহোম ৰজা প্ৰতাপ সিংহই পথটোত ডৰিকা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰোৱায়। দলংখন ৯০৪ ফুট দীঘল (২৭৬ মিটাৰ), ১৮ ফুট বহল (৪.৯ মিটাৰ), আৰু ১৬ ফুট ওখা (৪.৯ মিটাৰ)। ডৰিকাৰ দলংখনে শিৱসাগৰক ওচৰৰ সোণাৰি নগৰৰ লগত সংযোগ কৰিছে।[3] লগতে চাওকতথ্য সংগ্ৰহ
|