গড়মূৰ সত্ৰ
![]() গড়মূৰ সত্ৰ অসমৰ চাৰি ৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। স্থাপন কাল হিচাপে দ্বিতীয়। প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয়হৰিদেৱ। প্ৰথমে গড়মূৰ সত্ৰ দুখন আছিল। এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ। দুয়োখন মাজুলীৰ সাৰজানৰ কাষত ওচৰা-ওচৰিকৈ আছিল। পাছত দুয়োখন চামিল হৈ এক হয়। আহোম ৰজা প্ৰতাপ সিংহই বন্ধোৱা ছেৱাতল গড়ৰ মূৰতে স্থাপন কৰা বাবে সত্ৰখনৰ নাম হয় গড়মূৰ সত্ৰ। বাকী তিনিখন ৰাজ সত্ৰৰ দৰে এইখন সত্ৰৰ আজিলৈকে এবাৰো স্থান পৰিৱৰ্ত্তন কৰিব লগা হোৱা নাই। আগতে গড়মূৰ সত্ৰৰ অতুল ঐশ্বৰ্য্য সম্পত্তি আছিল। ১৮৩৬ চনত ডেভিদ স্কটৰ ইস্তহাৰত সন্মতি নিদি ইংৰাজৰ আনুগত্য স্বীকাৰ নকৰাত সত্ৰৰ ২৪০০০ পুৰা লাখেৰাজ ভূমি বৃত্তি পৰিত্যাগ কৰিব লগা হয়। এই ঘটনা চলাজনা অধিকাৰ শ্ৰী শ্ৰী ৰঘুদেৱৰ দিনত ঘটে। বৰ্তমান সত্ৰখন বিশেষকৈ ইচ্ছাকৃত বৰঙনিৰ ওপৰতহে চলি আছে। ইতিহাস
সত্ৰখনৰ ভিতৰচৰা![]()
সত্ৰৰ কাম-কাজ
সত্ৰ ৰ কাম কাজ বিলাক হৈছে কলা সংস্কৃতি আদি বৰ্তাই ৰখা। সত্ৰাধিকাৰসকলৰ তালিকা![]() এতিয়ালৈকে ১৫জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। ১) ৺ জয়হৰিদেৱ ২) ৺ লক্ষ্মীনাৰায়ণদেৱ ৩) ৺ জয়ৰামদেৱ ৪) ৺ বলোৰামদেৱ ৫) ৺ হৰিদেৱ (প্ৰথম) ৬) ৺ কৃষ্ণদেৱ ৬) ৺ বাসুদেৱ ৭) ৺ ৰঘুদেৱ ৮) ৺ হৰিদেৱ (দ্বিতীয়) ৯) ৺ ভদ্ৰকৃষ্ণদেৱ ১০)৺ যোগচন্দ্ৰদেৱ ১১)৺ পীতাম্বৰদেৱ ১২)৺ কৃষ্ণচন্দ্ৰদেৱ ১৪)শ্ৰী শ্ৰী হৰিচন্দ্ৰ দেৱ ১৫)শ্ৰী শ্ৰী পৰমানন্দদেৱ (বৰ্তমানৰ সত্ৰাধিকাৰ) লগতে চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia