বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট
বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (ইংৰাজী: Rain Forest Research Institute, Jorhat) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বনপালন বিদ্যাৰ গৱেষণা কেন্দ্ৰ। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ যোৰহাট জিলাত অৱস্থিত। পূৰ্বতে ইয়াৰ নাম ইনষ্টিটিউট অফ ৰেইন এণ্ড মইষ্ট ডেচিডিউয়াচ ফৰেষ্ট ৰিচাৰ্চ (Institute of Rain and Moist Deciduous Forest Research, IRMDER) আছিল। উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে ১৯৮৮ চনত ইয়াক স্থাপন কৰা হৈছিল[1]। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মণিপুৰ, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বনাঞ্চলসমূহ ইয়াৰ অন্তৰ্গত। বৰ্তমান ছিক্কিমৰ বনাঞ্চলো ইয়াৰ অন্তৰ্গত। ২০০৪ চনত বাঁহ গছৰ গৱেষণাৰ বাবে ইয়াৰ আন এটা শাখা মিজোৰামৰ আইজলত স্থাপন কৰা হৈছে[1]। ইতিহাসভাৰতবৰ্ষৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে ডেৰাডুনত ১৯৭৬ চনত ৰিজনেল চেণ্টাৰ অফ ফ’ৰেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউট, ডেৰাডুন (Regional Centre of Forest Research Institute, Dehra Dun) নামৰ প্ৰতিষ্ঠানটো গঢ় লৈ উঠিছিল। ইয়াৰ সহায়ক হিচাবে উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে ১৯৮৮ চনত যোৰহাটত বৰ্ষা বন অনুসন্ধান সংস্থান, যোৰহাট স্থাপন কৰা হৈছিল । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰাৰ বনাঞ্চলসমূহ ইয়াৰ অন্তৰ্গত। ২০০৪ চনত বাঁহ গছৰ গৱেষণাৰ বাবে ইয়াৰ আন এটা শাখা মিজোৰামৰ আইজলত স্থাপন কৰা হৈছে। জনাদেশ (Mandates)
বৈশিষ্ট্যসমূহবাঁহ মিশ্ৰিত কেন্দ্ৰ (Bamboo Composite Centre)Indian Plywood Industries Research and Training Institute (IPIRTI), Bangalore ৰ পৰা পোৱা প্ৰযুক্তিবিদ্যাৰ সহায়ত এই প্ৰতিষ্ঠানটোত এটা বাঁহ মিশ্ৰিত কেন্দ্ৰ স্থাপন কৰা হৈছে[2]। উৎকৃষ্ট মানদণ্ডৰ বাঁহৰ উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে ইয়াত কেইবাটাও যন্ত্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰৰ মূল উদ্দেশ্য হৈছে যে বাঁহৰ উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত স্থানীয় নিবনুৱা যুৱকক প্ৰশিক্ষণ দিয়া। ইয়াৰ উপৰিও এই বিভাগটোৱে বাঁহৰ সদ্ব্যৱহাৰ আৰু সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। ইয়াত স্থাপিত হোৱা কেইটামান যন্ত্ৰৰ নাম হৈছে:
RFRI BAMBUSETUM২০০২ চনত এই বিভাগটো প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ অধীনত ১ হেক্টৰ মাটিত ৩৯ বিধ প্ৰজাতিৰ বাঁহ গছৰ খেতি আৰম্ভ কৰা হৈছে। ইয়াৰ ভিতৰত ভাৰত-উপমহাদেশৰ বিভিন্ন বিলুপ্তিপ্ৰায়, দুৰ্লভ প্ৰজাতিৰ বাঁহ গছ ও আছে[3]। বাঁহ গছৰ প্ৰজাতিবোৰ হৈছে:
লগতে চাওকতথ্য সংযোগ
বাহ্যিক সংযোগ
|