অসম ডনব’স্ক’ বিশ্ববিদ্যালয় ২০০৮ চনৰ ২৯ মাৰ্চত গুৱাহাটীৰ আজাৰাত প্ৰতিষ্ঠা কৰা এখন ব্যক্তিগত বিশ্ববিদ্যালয়।
অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ অনুসৰি অসম ডনব’স্ক’ বিশ্ববিদ্যালয় বিধি,২০০৯ ২০০৯ চনৰ ৯ জানুৱাৰীৰ মতে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। Salesians of Don Bosco (SDB)ৰ অধীনৰ ডনব’স্ক’ ছ'ছাইটিয়ে বিশ্ববিদ্যালয়খন পৰিচালনা কৰে।[1][2][3][4]
ডনব’স্ক’ বিশ্ববিদ্যালয় অসমৰ প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয়।
ইতিহাস
Fr. Pascual Chávez, Rector Major, Salesians of Don Bosco laying the Foundation Stone of the University
উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ সৰ্বাংগীণ উন্নতিৰ বাবে Salesians of Don Bosco ছ'ছাইটিয়ে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। ১৯৩৪ চনত ছিলংত ছেইণ্ট এণ্ঠনিচ কলেজ প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা Salesians of Don Boscoয়ে উত্তৰ-পূৰ্বাঞ্চলত কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছে।
১১ আগষ্ট, ২০০৮ চনত প্ৰথম অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতকৰ পাঠ্যক্ৰম আৰম্ভ হৈছিল।
অসম চৰকাৰে অসম ডনব’স্ক’ বিশ্ববিদ্যালয় বিধি ২০০৮ চনত অনুমোদন জনায়।
৬ ডিচেম্বৰ, ২০০৮ চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই বিশ্ববিদ্যালয়খন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।
২০০৯ চনৰ ২০ আগষ্টত প্ৰথম কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু ২৭ আগষ্টত খাৰঘুলিৰ ডনব’স্ক’ ব্যৱস্থাপনা প্ৰতিষ্ঠান প্ৰথম ব্যৱস্থাপনাৰ স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰা হয়।