নলবাৰী মহাবিদ্যালয়
নলবাৰী মহাবিদ্যালয় (ইংৰাজী: Nalbari College) অসমৰ নলবাৰী চহৰৰ পৰা এক কিঃমিঃ দূৰত জাপাৰকুছি গাঁৱত অৱস্থিত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল ১৯৪৫ চনত। ইয়াৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল ত্ৰৈলোক্য নাথ গোস্বামী। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (ইংৰাজী: National Assessment and Accreditation Council) ৰ দ্বাৰা 'B+' শ্ৰেণীৰ মহাবিদ্যালয় হিচাপে চিহ্নিত হৈছে[কেতিয়া ?]।[1][2] সংক্ষিপ্ত ইতিহাসভাৰতে স্বাধীনতা লাভৰ দুবছৰ আগেয়ে ৪ জুলাই, ১৯৪৫ত নলবাৰী মহাবিদ্যালয় প্ৰতিস্থাপিত হয়। সেই সময়ত মঙলদৈৰ পৰা বঙাইগাঁৱলৈ ইয়েই একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আছিল। প্ৰথমতে ই কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আছিল যদিও ১৯৪৮ত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত এইখনো গুঃবিঃৰ অন্তভুক্ত হয়। ১৯৫৮ চনত এই মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি হোৱাত ইয়াৰ ইতিহাসত এক নতুন পৃষ্ঠা সংযোজিত হয়। মাত্ৰ ২৮ জন শিক্ষাৰ্থীৰে আৰম্ভ হোৱা এই মহাবিদ্যালয় বৰ্তমান এক বৃহৎ শিক্ষানুষ্ঠান।[1] সা-সুবিধাসমূহএই মহাবিদ্যালয়খনৰ মাটিকালি ১৬.১০ একৰ (আনুমানিক)। ইয়াত কলা আৰু বিজ্ঞান শাখাত শিক্ষাদানৰ বাবে বহুকেইটা ভৱন আছে। স্নাতক পৰ্যায়ত ইয়াত পোন্ধৰটা বিভাগে চৈধ্যটা বিষয়ক প্ৰধান বিষয় হিচাপে শিক্ষাদান কৰে। লগতে ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অসমীয়াত স্নাতকোত্তৰ শিক্ষা লাভৰো সুবিধা আছে। এই মহাবিদ্যালয়ত থকা আন আন সা-সুবিধাসমূহ হ'ল-এটা স্থায়ী পুথিভঁৰাল, এটা ছাত্ৰাবাস, এটা ছাত্ৰীনিবাস, এখন উদ্ভিদ বিজ্ঞান বাগিচা (Botanical Garden), community information center, কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, মহাবিদ্যালয় কেণ্টিন, এক বৃহৎ খেলপথাৰ (নলবাৰী মহাবিদ্যালয় খেলপথাৰ) আদি। তদুপৰি বৰ্তমান এক ইনড'ৰ ষ্টেডিয়াম নিৰ্মাণৰো যোঁ-জা চলি আছে। বিভিন্ন শাখা আৰু বিভাগসমূহনলবাৰী মহাবিদ্যালয়ত অসমীয়া আৰু ইংৰাজী উভয় মাধ্যমতে পাঠগ্ৰহণৰ সুবিধা আছে। ১) কলা শাখা
২) বিজ্ঞান শাখা
শিক্ষকবৃন্দ
তথ্য সংগ্ৰহ
|