ঢকুৱাখনা মহাবিদ্যালয়
ঢকুৱাখনা মহাবিদ্যালয় (ইংৰাজী: Dhakuakhana College)১৯৬৬ চনত সেইসময়ৰ ঢকুৱাখনাৰ উচ্চশিক্ষানুৰাগী ৰাইজৰ সহযোগত ৰাইজৰ অনুদানৰ যোগেদি ঢকুৱাখনা চহৰৰ পৰা প্ৰায় ২ কিমি দূৰত্বত, নৱকাঠৰবাৰী গাঁৱত স্থাপিত হৈছিল। মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু ইউজিচিৰ অধ্যায় ২(এফ) আৰু ১২(বি) দ্বাৰা অনুমোদিত। পোনপ্ৰথমে “Deficit system of grant in aid in 1975” ৰ অধীনত থকা মহাবিদ্যালয়খন ২০০৫ চনৰ ডিচেম্বৰ মাহত অসম চৰকাৰৰ দ্বাৰা প্ৰাদেশীকৃত হয়। মহাবিদ্যালয়খনৰ বৰ্তমান অধ্যক্ষ ড॰ যোগানন্দ সূত আৰু উপাধ্যক্ষ চন্দ্ৰ শৰ্মা। মহাবিদ্যালয়খনে সৰ্বমুঠ ১৩। ৯৫ একৰ মাটিকালি আগুৰি আছে।[1] ইতিহাসঢকুৱাখনা মহাবিদ্যালয় ঢকুৱাখনাৰ সেইসময়ৰ বিদ্যানুৰাগী সমাজৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ আৰু উচ্চ শিক্ষাৰ বাবে থকা দায়বদ্ধতাৰ এক সুন্দৰ প্ৰতিফলন। ইতিমধ্যে সোণালী বৰ্ষত ভৰি থোৱা মহাবিদ্যালয়খনে ২৫ জুলাই, ২০১৫ তাৰিখে এখন ৰাজহুৱা সভাৰ যোগেদি সোণালী বৰ্ষৰ শুভাৰম্ভণি কৰি এই উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লৈছে।[2] সা-সুবিধামহাবিদ্যালয়খনৰ মুঠ বিভাগৰ সংখ্যা ১৬ টা। ইয়াৰোপৰিও উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বাবেও দুটা শাখাত (কলা আৰু বিজ্ঞান)পাঠদানৰ সুবিধা আছে। মহাবিদ্যালয়খনৰ মুঠ শিক্ষক ৪৯ আৰু কৰ্মচাৰী ২৪ জন। অন্যান্য
মহাবিদ্যালয় সংগীতমহাবিদ্যালয়ৰ সংগীতটি মহাবিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈয়ে ৰচনা কৰিছে। আমি অজ্ঞানৰ আন্ধাৰ বিনাশোঁ তথ্য সংগ্ৰহ |