মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় অসমৰ মাজুলীত অৱস্থিত সংস্কৃতিৰ শিক্ষা আৰু গৱেষণাৰ বাবে স্থাপিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭-ৰ অধীনত স্থাপন কৰিছে।[1] ২০১৮ চনৰ ১৩ জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰায় ৩০০ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া অসমৰ প্ৰথমখন সংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল৷[2]
২০১৯ চনৰ ১০ জুন তাৰিখে অধ্যাপক ড॰ ডম্বৰুধৰ নাথে বিশ্ববিদ্যালয়খনৰ প্ৰথম গৰাকী উপাচাৰ্যৰ পদবীত নিযুক্তি লাভ কৰে।[3] ডিচেম্বৰ ২০২২ ৰ পৰা অস্থায়ী transit চৌহদৰ পৰা মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ হৈছে।[4]
তথ্য উৎস
অসমৰ বিশ্ববিদ্যালয়সমূহ |
---|
| কেন্দ্ৰীয় | |
---|
| ৰাজ্যিক | |
---|
| বেচৰকাৰী | |
---|
| সম্ভাৱ্য | |
---|
|
অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ |
---|
| গৱেষণা কেন্দ্ৰ | |
---|
| বিশ্ববিদ্যালয় | |
---|
| অভিযান্ত্ৰিক মহাবিদ্যালয় | |
---|
| চিকিৎসা মহাবিদ্যালয় | |
---|
| ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান | |
---|
| অন্যান্য মহাবিদ্যালয় | |
---|
|