যতীন্দ্ৰনাথ গোস্বামী
যতীন্দ্ৰনাথ গোস্বামী (ইংৰাজী: Jatindranath Goswami) ১৯১৮ চনৰ ১২ নৱেম্বৰত যোৰহাট জিলাৰ টীয়ক নেপালী সত্ৰৰ জগন্নথীয়া গোসাঁই ঘৰত যতীন্দ্ৰনাথ গোস্বামীৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম প্ৰাণকৃষ্ণ গোস্বামী আৰু মাতৃৰ নাম নৰ্মদা দেৱী। সৰুতেই মাতৃহাৰা হোৱা গোস্বামীদেৱে তিনিচুকীয়াৰ মোমায়েকৰ ঘৰত থাকি স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল।[1] চমু জীৱনীশিক্ষা জীৱন১৯৩৭ চনত তিনিচুকীয়া চেনাইৰাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা যতীন্দ্ৰনাথ গোস্বামী দেৱে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৯ চনত যোৰহাট মহাবিদ্যালয়ৰ পৰা আই.এ. শ্বিলঙৰ ছেইণ্ট এডমাণ্ডছ কলেজৰ পৰা বি.টি আৰু ১৯৫০ চনত প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে[1]। কৰ্ম জীৱনযতীন্দ্ৰনাথ গোস্বামী দেৱে ১৯৪১চনত মিলিটেৰী ইঞ্জিনীয়াৰিং চাকৰিত যোগদান কৰি কৰ্মজীৱন আৰম্ভ কৰে। শ্বিলং, যোৰহাট আৰু গুৱাহাটীত এই চাকৰি কৰি ১৯৪৫ চনত এই চাকৰি ইস্তাফা দিয়ে আৰু একে বছৰতে কলিকতাৰ চলিহা ৰলিং মিলছত সাময়িকভাবে কিছুদিনৰ বাবে চাকৰি কৰে। কিন্তু সেইবছৰতে সেই চাকৰি বাদ দি ১৯৪৬ চনত শ্বিলঙত লাবান বালক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। ১৯৪৭ চনত মেঘালয়ৰ তুৰা চৰকাৰী হাইস্কুলৰ সহকাৰী শিক্ষক হিচাপে নিযুক্তি পাই যদিও ১৯৪৯ চনত ডিব্ৰুগড় চৰকাৰী বালক বিদ্যালয়লৈ বদলি হৈ আহে। তেওঁ ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়তো কিছুদিন অংশকালীন প্ৰবক্তা হিচাপে কাম কৰিছিল। ১৯৫১ চনত তেওঁ যোৰহাট নৰ্মাল স্কুললৈ বদলি হৈ আহে আৰু ১৯৬১ চনলৈকে যোৰহাট নৰ্মাল স্কুলতে শিক্ষকতা কৰে। তদুপৰি তেওঁ যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাপেও কাম কৰিছিল। ১৯৬১ চনত পুনৰ তেওঁ আহি কানৈ মহাবিদ্যালয়ত যোগদান কৰে আৰু ইয়াৰ পাছত ১৯৬২ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰি তাৰ পৰাই তেওঁ ১৯৮০ চনত অৱসৰ গ্ৰহণ কৰে। ১৯৯০ চনৰ পাছত তেওঁ যোৰহাট কলেজ অৱ টিচাৰ এডুকেশ্যনটো অধ্যাপক হিচাপে কাম কৰিছিল। পৰবৰ্তী কালত তেওঁ অসম সাহিত্য সভাৰ লগত জড়িত হৈ পৰে[1]। মৃত্যু২০০৫ চনৰ ৭ নৱেম্বৰত টীয়কৰ ঐতিহ্যমণ্ডিত নেপালী সত্ৰত ডেকা-সত্ৰাধিকাৰ হিচাপে নিজৰ দায়িত্ব পালন কৰি থকা অৱস্থাতে তেওঁ ইহলীলা সম্বৰণ কৰে[1]। সাহ্যিত্যিক অৱদানসাহিত্য সভালৈ বৰঙনিযতীন্দ্ৰনাথ গোস্বামী ১৯৫৩ চনৰ পৰা অসম সাহিত্য সভাৰ লগত জড়িত হৈ আছিল। তেওঁ ১৯৫৯ চনৰ পৰা ১৯৭৩ চনলৈকে নগাওঁ, ধিং, মাকুম আৰু ধুবুৰী অধিবেশনৰ প্ৰধান সম্পাদকৰ দায়িত্বতত থাকি অসম সাহিত্য সভালৈ বিশেষ অৱদান আগবঢ়াইছিল। ১৯৬১-৬২ চনত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক, ১৯৭৪-৭৫ চনত সভাৰ উপ-সভাপতি, ১৯৭৭-৭৮ চনত শিৱসাগৰ জিলা সাহিত্য পৰিষদৰ মৰাণ অধিবেশনৰ সভাপতি আৰু ১৯৮০-৮১ চনত অসম সাহিত্য সভাৰ ৰহা অধিবেশনৰ সভাপতি[2] নিৰ্বাচিত হৈছিল[3]। যতীন্দ্ৰনাথ গোস্বামী, অসম কলেজ শিক্ষক সন্থা, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিচালনা সমিতি, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় পৰিচালনা সমিতি, দৰঙীচুক প্ৰাথমিক আৰু প্ৰাক-প্ৰাথমিক বিদ্যালয় আৰু চন্দ্ৰকান্ত-ইন্দ্ৰকান্ত ন্যাসৰ আদি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিল[1]।
গ্ৰন্থ সংকলন সমূহ
তেওঁ য-যাৰ ছদ্মানামেৰে লিখা-মেলা কৰিছিল। জীৱনৰ খলা-বমা গোস্বামীদেৱৰ আত্মজীৱনীমূলক গ্ৰন্থ। ২০০৩ চনত ৮৫তম জন্ম দিনত প্ৰকাশ হোৱা স্মৰণীয়-বৰণীয়া তেখেতৰ ২৮টা প্ৰবন্ধ সংকলন[1]। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia