অৰূপা পটংগীয়া কলিতা (ইংৰাজী: Arupa Patangia Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ।[1][2] তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত, জছনাৰ ঝিটাছ আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেখেতে “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল৷
জীৱন
তেখেতে গোলাঘাট মিছন গাৰ্লছ্ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ হায়াৰছেকেণ্ডৰী আৰু স্নাতক ডিগ্ৰী লাভ কৰে ডি.আৰ কলেজৰ পৰা৷ তেখেতে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাৰ্ল এছ বাক (Pearl S. Buck) ৰ নাৰী চৰিত্ৰসমূহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।[3] তেখেত দৰং জিলাৰ টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা ৰূপে কৰ্মনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছে।[2]
সাহিত্যিক অৱদান
অৰূপা পটংগীয়া কলিতাই ভালেসংখ্যক উপন্যাস তথা চুটিগল্প ৰচনা কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল-[2][4]-
- উপন্যাস
- মৃগনাভি, বাণী প্ৰকাশ (১৯৮৭)
- মেপল হাবিৰ ৰং (অনু.) পুথিতীৰ্থ প্ৰকাশন (১৯৮৯)
- অয়নান্ত, লয়াৰ্ছ বুক ষ্টল (১৯৯৪)
- মৰুভূমিত মেনকা আৰু অন্যান্য (১৯৯৫)
- মৃগনাভি (পৰিৱৰ্ধিত সংস্কৰণ), পুথি নিকেতন (১৯৯৫)
- কাইঁটত কেতেকী, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ (১৯৯৯) (শিশু উপন্যাস)
- অৰুণিমাৰ স্বদেশ, বনলতা, (২০০১)[5]
- ফেলানী, জ্যোতি প্ৰকাশন (২০০৩)
- ৰঙামাটিৰ পাহাৰটো (অনু.) অন্বেষা প্ৰকাশন (২০১০)
- টোকোৰা বাহৰ সোণৰ বেজী, লয়াৰ্ছ বুক ষ্টল (২০১৪)
- তানিয়া, চন্দ্ৰ প্ৰকাশ (২০১৮) (শিশু উপন্যাস)
- জলতৰঙ্গৰ সুৰ, চন্দ্ৰ প্ৰকাশ (২০১৮)
- জছনাৰ ঝিটাছ, চন্দ্ৰ প্ৰকাশ (২০২১)
- সবাটোকৈ নীলা চকুজুৰি, লয়াৰ্ছ বুক ষ্টল (২০২২)
- চুটিগল্প সংকলন
- মৰুযাত্ৰা আৰু অন্যান্য, লয়াৰ্ছ বুক ষ্টল (১৯৯২)
- মৰুভূমিত মেনকা আৰু অন্যান্য, সৃষ্টিলেখা প্ৰকাশন (১৯৯৫)
- দেও পাহাৰৰ ভগ্নস্তুপত, সাহিত্য প্ৰকাশ (১৯৯৯)
- পাছ চোতালৰ কথকতা, জ্যোতি প্ৰকাশন (২০০০)
- মিলেনিয়ামৰ সপোন, জ্যোতি প্ৰকাশন (২০০২)
- আলেকজান বানুৰ জান, লয়াৰ্ছ বুক ষ্টল (২০০৩) [6]
- কুৰোশ্বোৱাৰ সপোন, মোৰ সপোন সিহঁতৰ সপোন, বনলতা (২০০৭)
- পাহাৰ, নদী, সাগৰ আৰু মানুহ, বনলতা (২০১০) (ভ্ৰমণ কাহিনী)
- সোণালী ঈগলে কণী পাৰিলে, বেলিয়ে উমনি দিলে, চন্দ্ৰ প্ৰকাশ (২০১০)
- মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, চন্দ্ৰ প্ৰকাশ (২০১২)[7]
- পানী গাভিনী আছিল আৰু অন্যান্য, জ্যোতি প্ৰকাশন (২০১৯) [5]
- মানুহজনী ফেঁচা হ’ল, জ্যোতি প্ৰকাশন (২০২৪)
- অনূদিত উপন্যাস
- Dawn: A Novel, জুবান, অয়নান্তৰ ইংৰাজীলৈ অনূদিত ৰূপ, অনুবাদক- ৰঞ্জিতা বিশ্বাস
- দ্য ষ্টৰী অফ ফেলানী, জুবান, দীপিকা ফুকনৰ দ্বাৰা ইংৰাজীলৈ অনূদিত। ক্ৰছৱৰ্ড বুক এৱাৰ্ডত মনোনীত[8]
- ৰিটেন ইন টীয়েৰ্ছ, হাৰ্পাৰ পাৰ্নিয়েল, অনুবাদক-ৰঞ্জিতা বিশ্বাস
- এক নয়ে চুবাহ, যাত্ৰা বুকচ্, (হিন্দী ভাষালৈ অনুবাদ) অনুবাদক- চুচিতা মিট্টাল
- দ্য মাস্ক এণ্ড দ্য আডাৰ ষ্টৰী, নিয়য়োগী বুকচ্
- ফেলানী, বিকি পাব্লিচাৰ্চ্, ২০১৯ (বাাংলা ভাষালৈ অনুবাদ) অনুবাদক- সুশান্ত কৰ
- The Lonliness of Hira Baruah, পান মাচমিলন, ২০২০ (ইংৰাজী ভাষালৈ অনুবাদ), অনুবাদক- ৰঞ্জিতা বিশ্বাস
- তনয়া, পেংগুইন ৰেনডম হাউচ, ২০২২, অনুবাদক-মিনাক্ষী বৰকটকী
- Aa ma Sobnai Fwtharo Jwsa Mainao, (বড়ো ভাষালৈ অনুবাদ), অনুবাদক-ৰীতা বড়ো
- The Invitation -অৰুণাভ ভূঞাৰ দ্বাৰা ইংৰাজীলৈ অনূদিত।
বঁটা আৰু সন্মান
- শৈলেশ চন্দ্ৰ দাসগুপ্ত সাহিত্য সেতু বঁটা (১৯৯৩) [9]
- ভাৰতীয় ভাষা পৰিষদৰ বঁটা (১৯৯৫)
- কথা বঁটা (১৯৯৮) ‘দৈৱকীৰ দান’ গল্পৰ বাবে
- Aka Abong Koyakjon Sahitya Sanskriti Sanmman (২০০৯)
- লেখিকা সমাৰোহ সাহিত্য বঁটা (২০১০)
- প্ৰবীণা শইকীয়া বঁটা (২০১২)[10]
- দ্য ইকনমিষ্ট ক্ৰছ ৱৰ্ড বুক এৱাৰ্ড ফ’ৰ ট্ৰেন্সলেশ্যন (২০১১)
- সাহিত্য অকাডেমি বঁটা (২০১৪)
- Distinguised Women Award (২০১৫) প্ৰাগ চেনেলৰ দ্বাৰা প্ৰদান কৰা হৈছে৷
- অসম উপত্যকা সাহিত্য বঁটা (২০১৭)[11]
- শ্ৰীময়ী অসমী বঁটা (২০১৭)
- গোলাঘাট জাতীয় বিদ্যালয় বঁটা (২০১৯)
- ত্ৰৈলোক্যনাথ গোস্বামী মেমৰিয়েল এৱাৰ্ড ‘কথা সাহিত্য বঁটা’ (২০১৯)
- পৰীমল চন্দ্ৰ ব্ৰহ্ম লিটাৰেৰী এৱাৰ্ড (২০২৩)
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|
---|
| ১৯৯০-২০০০ | | |
---|
| ২০০১-২০১০ | |
---|
| ২০১১-বৰ্তমানলৈ | |
---|
|
|