জছনাৰ ঝিটাছ
জছনাৰ ঝিটাছ (ইংৰাজী: Josnar Jhitas) হৈছে অসমীয়া সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখন চাহ জনগোষ্ঠীয় মহিলা দুৰ্গী ভূমিজৰ জীৱনৰ ওপৰত আধাৰিত।[1] দুৰ্গী ভূমিজ এটি সঁচা চৰিত্ৰ। ঔপন্যাসিক, প্ৰৱন্ধকাৰ আৰাধনা পটংগীয়া গোস্বামীৰ দুৰ্গী উপন্যাসৰ পাছত 'জছনাৰ ঝিটাছ' দুৰ্গী ভূমিজ বিষয়ক দ্বিতীয়খন অসমীয়া উপন্যাস। বিষয়ব্ৰিটিছ ঔপনিৱেশিক কালছোৱাত অসমত প্ৰতিষ্ঠা কৰা চাহ বাগিছাসমূহত কাম কৰিবলৈ যথেষ্ট সংখ্যক মানুহৰ প্ৰয়োজন হৈছিল। এই প্ৰয়োজনীয়তা পূৰণৰ বাবে বিভিন্ন প্ৰান্তত থকা আদিবাসী লোকসকলক নানান প্ৰলোভন দি তথা জোৰ-জবৰদস্তি অসমৰ চাহ বাগিছাত বনুৱা হিচাপে কাম কৰিবলৈ লৈ অনা হয়৷[2] এইদৰে প্ৰব্ৰজন হৈ অহা বনুৱাসকলেৰে এজন হৈ আহিছিল দুৰ্গী ভূমিজ আৰু তেওঁৰ স্বামী দচাৰু।[3] স্বামীৰ মৃত্যুৰ পাছত দুৰ্গী পৰৱৰ্তী সময়ত বাগানৰ দায়িত্বত থকা ব্ৰিটিছ চাহাব এজনৰ ৰক্ষিতা হৈ থাকে আৰু তেওঁৰ সন্তানৰ মাতৃ হয়। পাছত দুৰ্গীয়ে স্বাধীনতা আন্দোলনৰ কৰ্মী হিচাপে কাম কৰি ব্ৰিটিছৰ গুলিত মৃত্যুবৰণ কৰে।[1] লেখিকাৰ পৰিচয়প্ৰধান প্ৰবন্ধ: অৰূপা পটঙ্গীয়া কলিতা
একাধাৰে ঔপন্যাসিক, গল্পকাৰ হিচাপে পৰিচিত অৰূপা পটঙ্গীয়া কলিতাৰ সাহিত্যৰাজিৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে নাৰী কেন্দ্ৰিক চিন্তা চেতনাৰ প্ৰকাশ। তেওঁৰ বেছিসংখ্যক ৰচনাতে নাৰী জীৱনৰ সংগ্ৰাম, সংঘৰ্ষ, দুখ-দুৰ্দশা তথা নাৰীবাদী ভাৱধাৰা দেখিবলৈ পোৱা যায়। লেখকৰ টোকোৰা চৰাইৰ সোণৰ বেজী উপন্যাসখনৰ সম্পূৰ্ণ সাত বছৰৰ পাছত এই উপন্যাসখন প্ৰকাশ পাইছে।[2] গ্ৰন্থখনৰ সংক্ষিপ্ত বিৱৰণ‘জছনাৰ ঝিটাছ’ উপন্যাসৰ প্ৰধান বিষয়বস্তু হৈছে দুৰ্গী ভূমিজৰ জীৱন সংগ্ৰাম। কম বয়সতে বিবাহ পাশত আবদ্ধ হোৱা চাহ জনগোষ্ঠীয় আন ছোৱালীবোৰৰ দৰে দুৰ্গীয়েও দচাৰুৰ লগত বিবাহ পাশত আবদ্ধ হৈ সংসাৰৰ সুখ বিচাৰিবলৈ চেষ্টা কৰিছিল। দিনৰ দিনটো বাগিচাত কাম কৰি পোৱা পাৰিশ্ৰমিেকেৰে দুয়োটাৰে সংসাৰ ভালদৰেই আগবাঢ়িছিল যদিও কম বয়সতে তাইক বিধৱা কৰি দচাৰুৱে মৃত্যুক সাৱটি ল’ব লগা হয় । সকলোৰে চকুত লগা দুৰ্গীৰ ওপৰত ব্ৰিটিছ চাহাব ফ্ৰেজাৰৰো চকু নপৰাকৈ বেছি দিন নাথাকিল। ফলত দুৰ্গী গৈ চাহাবৰ বাংলাত ফ্ৰেজাৰৰ ৰক্ষিতা হিচাপে থাকিব লগা হয় ৷ কম বয়সতে বিধৱা হোৱা দুৰ্গীৰ নিসংগ জীৱনলৈ অহা ফ্ৰেজাৰৰ সান্নিধ্যই দুৰ্গীৰ দুখ পাহৰাই পেলাইছিল। ফ্ৰেজাৰ চাহাবৰ লগত থাকি দুৰ্গীয়ে ‘দুৰ্গী মেম’ হিচাপে নতুন এটা পৰিচয় লাভ কৰে। যিটো নামৰ বাবে তাইক সকলোৱে সমীহ কৰি চলে ৷ ৰ’দে বৰষুণে পাত তুলি, জোক-ম’হৰ কামোৰ খাই ঘূৰি ফুৰা এজনী বাগানৰ সাধাৰণ ছোৱালীয়ে ব্ৰিটিছৰ বাংলাত ৰাণীৰ দৰে থাকিবলৈ সুবিধা পাইছে তাতকৈ আৰু দুৰ্গীৰ বাবে গৌৰৱৰ কথা কি আছিল ৷ এই সুখতকৈয়ো উৰ্ধত দুৰ্গীয়ে চাহাবৰ সান্নিধ্যত থাকি তিনিটা সন্তানৰ মাতৃ হোৱাৰ সুখ লাভ কৰিছে ৷ কিন্তু এই সুখ যে স্থায়ী নহয় দুৰ্গীয়ে সেই কথা কেতিয়াও কল্পনা কৰা নাছিল। কোম্পানীৰ পৰা নিৰ্দেশ অহাৰ লগে লগে ফ্ৰেজাৰে কন্যা সন্তান বেবীক লৈ নিজৰ দেশলৈ উভতি যায় ৷ ইয়াৰ পাছতে দুৰ্গীৰ জীৱনলৈ দুৰ্যোগ নামি আহে। সৰু পুত্ৰ কুশৰ মেলেৰীয়া হৈ মৃত্যু হয় আৰু বৰ পুত্ৰ লৱক গুৱাহাটীত পঢ়িবলৈ পঠাই দুৰ্গীয়ে মেমবাৰীত নিসংগ জীৱন কটাবলৈ আৰম্ভ কৰে ৷ ‘দুৰ্গী মেম’ হৈ বিচ্ছিন্ন হোৱা নিজৰ মানুহখিনিৰ মাজলৈ তাই হেৰুৱা সুখৰ সন্ধানত পুনৰ ঘূৰি যাবলৈ চেষ্টা কৰিয়ো পূৰ্বৰ সুখ তাই নোপোৱা হয়।[2] সমগ্ৰ ভাৰতবৰ্ষত তেতিয়া স্বাধীনতা আন্দোলনৰ ভৰপক ৷ অসমৰ চুকে-কোণে থকা চাহ-জনগোষ্ঠীয় লোকসকলো এই প্ৰভাৱৰ পৰা বাদ পৰা নাই ৷ ব্ৰিটিছ বিৰুদ্ধে প্ৰতিবাদী হৈ থকা দুৰ্গীৰ মনটোৱে এইবাৰ প্ৰতিশোধৰ এটা সুযোগ পালে ৷ জীৱন জীয়াবলৈ পাহৰি যোৱা দুৰ্গীয়ে এইবাৰ দেশৰ হকে সংগ্ৰাম কৰাৰ প্ৰণ লয় ৷ কিন্তু দুৰ্গীৰ এই সংগ্ৰাম বেছিদিনৰ বাবে বৰ্তিব নোৱাৰিলে ৷ স্বাধীনতা সংগ্ৰামৰ লগত দুৰ্গী জড়িত হোৱাৰ কথা গম পাই চলনা কৰি দুৰ্গীক ব্ৰিটিছে গুলিয়াই হত্যা কৰে ৷[2] উপন্যাসখনৰ মূল বিষয়বস্তৰ লগত সংগতি ৰাখি চাহ জনগোষ্ঠীয় সমাজ জীৱনৰ ওপৰত ব্ৰিটিছে চলোৱা অকঠ্য নিযাৰ্তন, নাৰীৰ ওপৰত চলোৱা যৌন শোষণ, বৰ্ণবৈষম্যৰ প্ৰভাৱ, স্বাধীনতা আন্দোলনৰ প্ৰসংগৰ লগতে চাহ শ্ৰমিকসকলৰ প্ৰব্ৰজনৰ লগত জড়িত কৰুণ ঘটনাৰ ছবিখন ঔপন্যাসিকে সুন্দৰকৈ দাঙি ধৰিছে ৷[3] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia