কাৰ্বি ভাষা
কাৰ্বি ভাষা উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পূব বাংলাদেশৰ কাৰ্বি লোকসকলে (মিকিৰ বা আৰ্লেং) কোৱা ভাষা। ই চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত কিন্তু ইয়াৰ স্থান স্পষ্ট নহয়। শ্বাফাৰ (১৯৭৪) আৰু ব্ৰেডলীয়ে (১৯৯৭) মিকিৰ ভাষাক এক পথচ্যুত (aberrant) কুকি-চিন ভাষা বুলি শ্ৰেণীকৰণ কৰিছে, আনহাতে থাৰগুডে (২০০৩) ইয়াক শ্ৰেণীকৰণ নকৰি চীনা-তিব্বতীয়ৰ মাজত ৰাখিছে। ব্লেঞ্চ আৰু প'ষ্টে (২০১৩) ইয়াক গোটেই ভাষা পৰিয়ালটোৰ সকলোতকৈ গুৰি ভাষাৰ এটা বুলিছে। ধুমুৰালী / কামৰূপ কাৰ্বিৰ বাহিৰে কথিত ভাষাটোৰ স্থানবিশেষে বিশেষ পাৰ্থক্য নাই। মান্য ভাষাৰূপে সাধাৰণতে ডিফু অঞ্চলৰ কথিত ভাষাটোকে ধৰা হয়।[3] ইতিহাসউত্তৰ-পূব ভাৰতৰ প্ৰায়বোৰ ভাষাৰ দৰে কাৰ্বি ভাষাও ৰোমান লিপিৰে আৰু কেতিয়াবা অসমীয়া লিপিৰে লিখা হয়। সকলোতকৈ পুৰণি কাৰ্বি লিখিত পাঠ্যবোৰ আমেৰিকান বাপ্টিষ্ট মিচন আৰু কেথলিক গীৰ্জাৰ খ্ৰীষ্টান মিচনেৰীসকলে উলিয়াইছিল। মিচনেৰীসকলে ১৯০৩ চনত Birta নামৰ এখন কাৰ্বি বাতৰি কাকত ছপাইছিল। ৰেভাৰেণ্ড আৰ ই নেইবৰৰ ১৮৭৮ চনত প্ৰকাশিত 'Vocabulary of English and Mikir, with Illustrative Sentences' ক প্ৰথম কাৰ্বি অভিধান বুলিব পাৰি। চাৰ্ড'কা পেৰিন কে'ৰ ১৯০৪ চনত প্ৰকাশিত 'English–Mikir Dictionary' , ছাৰ চাৰ্লছ লিয়াল আৰু এডৱাৰ্ড ষ্টেকৰ ১৯০৮ চনত প্ৰকাশিত কাৰ্বিসকলৰ জনগোষ্ঠীয় বিৱৰণৰ প্ৰথম দলিল The Mikirs আৰু গি ডি ৱাকাৰৰ ১৯২৫ চনৰ 'A Dictionary of the Mikir Language' আদিবোৰ কাৰ্বি লোক, ভাষা আৰু ব্যাকৰণৰ কেইখনমান পুৰণি গ্ৰন্থ।[4] কাৰ্বিসকলৰ কথিত ভাষাও চহকী। ইয়াৰে এক উদাহৰণ ম'চেৰা (Mosera বা অতীতৰ সোঁৱৰণ) য'ত কাৰ্বিসকলৰ উৎপত্তি আৰু প্ৰব্ৰজন বৰ্ণনা কৰা হয়। ভিন্নতাক'নাৰ্থে (২০১৪)কাৰ্বি ভাষাৰ দুটা ৰূপ আঙুলিয়াই দিছে।
ধ্বনিকাৰ্বি ভাষাত সাতটা স্বৰবৰ্ণ আৰু উনৈছটা ব্যঞ্জনবৰ্ণ উচ্চাৰণ হয় (দুয়োটা মিলি ছাব্বিছটা)। স্বৰবৰ্ণবোৰৰ হস্ৰ আৰু দীৰ্ঘৰ পাৰ্থক্য নাই। তলৰ তথ্যসমূহ ক'নাৰ্থৰ (২০১৭) পৰা উদ্ধৃত।[5] ব্যঞ্জনবৰ্ণআৰম্ভণিৰ ব্যঞ্জনবৰ্ণ
শেষৰ ব্যঞ্জনবৰ্ণ
স্বৰবৰ্ণ
শব্দাংশৰ গঠনকাৰ্বি শব্দাংশ মুক্ত (C)(C)V(V) বা বন্ধ (C)(C)VC হ'ব পাৰে। এনেধৰণৰে ব্যঞ্জন গোটৰ সংযোগ হ'ব পাৰে: /pl pr pʰl pʰr tʰr kl kr kʰr/. অসমীয়াৰ প্ৰভাৱকাৰ্বি ভাষাত বহুতো অসমীয়া মূলৰ শব্দ পোৱা যায়। কাৰ্বি উচ্চাৰণৰে বহুকেইটাই অন্য ৰূপ লৈছে। যেনে- চাৰিজন বুঢ়া> চাৰবুৰা, ঘৰ> কহৰ, মধুৰী আম> মাদুৰাম, ঘণ্টা> খন্তা আদি। কিতাপ, আলহী, আপদ, কেৰাহী আদি শব্দ একে ৰূপতে ব্যৱহাৰ হয়।[3] শব্দ গঠনমিচিং ভাষাত দুটা শব্দৰ সংযোগত নতুন এটা শব্দৰ গঠন হোৱাৰ দৰে কাৰ্বি ভাষাতো এনে উদাহৰণ পোৱা যায়। এনেকৈ সৃষ্টি হোৱা নতুন শব্দটোত সাধাৰণতে মূল শব্দ দুটাৰ প্ৰথম অংশকেইটা লোপ পায় আৰু দ্বিতীয় অংশকেইটা ৰৈ যায়। অৱশ্যে ইয়াৰ ব্যতিক্ৰমো আছে। উদাহৰণস্বৰূপে- আৰলং+ কেচৰ= লংচৰ, তমন+ কেদেং= মনদেং, কিন্তু থেংপি+ আফাং= থেংফাং, কেল'ক+ পিক= লক্পিক আদি।[3] কাৰ্বি বাক্যড° অৰ্পণা কোঁৱৰৰ প্ৰবন্ধৰ পৰা লোৱা কিছুমান কাৰ্বি ভাষাৰ বাক্য তলত দিয়া হ'ল -
ভৌগোলিক বিতৰণকাৰ্বি ভাষা উত্তৰ-পূব ভাৰতৰ এই ঠাইসমূহত কোৱা হয়।
তথ্যসূত্ৰ
|