অসম প্ৰকাশন পৰিষদ
অসম প্ৰকাশন পৰিষদ নিজাকৈ গ্ৰন্থ প্ৰকাশ কৰা অসম চৰকাৰৰ চৰকাৰী প্ৰতিষ্ঠান। অসম চৰকাৰে ১৯৫৮ চনৰ ২ মে' তাৰিখে শ্বিলঙত অসম প্ৰকাশন পৰিষদ প্ৰতিষ্ঠা কৰিছিল।[1] ১৯৫৮ চনৰ ৩০ অক্টোবৰত প্ৰথম পৰিষদ গঠন হৈছিল আৰু বিশিষ্ট সংস্কৃত পণ্ডিত আৰু বিশিষ্ট লেখক বিশ্বনাৰায়ণ শাস্ত্ৰী ইয়াৰ প্ৰথম সচিব পদত নিয়োজিত আছিল। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত।[2] ইতিহাসঅসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ অৰ্থে দুষ্প্ৰাপ্য গ্ৰন্থ সমূহ প্ৰকাশ কৰি সহজ লভ্য কৰি তোলাৰ উদ্দেশ্যৰে ১৯৫৮ চনৰ ২ মে' তাৰিখে অসম প্ৰকাশন পৰিষদ প্ৰতিষ্ঠা কৰা হৈছিল। সেইসময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা, কৃষি মন্ত্ৰী মইনুল হক চৌধুৰী, শিক্ষা মন্ত্ৰী দেৱেশ্বৰ শৰ্মা আৰু ডি.পি.আই. মন্ত্ৰী সুৰেশ চন্দ্ৰ ৰাজখোৱাৰ উদ্যোগত এই পৰিষদ গঠন কৰা হৈছিল। ১৯৫৮ চনৰ ৩০ অক্টোবৰত প্ৰথম পৰিষদ গঠন হৈছিল আৰু বিশিষ্ট বিশ্বনাৰায়ণ শাস্ত্ৰী ইয়াৰ সচিব পদত নিয়োজিত আছিল। অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত অসম প্ৰকাশন পৰিষদৰ জন্ম হৈছিল। পিছত মেঘালয় ৰাজ্যৰ উৎপত্তিৰ পিছত ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়।[3] পৰিচালনাঅসম প্ৰকাশন পৰিষদৰ পৰিচালনাৰ বাবে পৰিচালনা সমিতি আছে। ইয়াৰ সভাপতি অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী আৰু সচিব হল উপ-সভাপতি। ৰাজ্যৰ বিশিষ্ট লেখক আৰু শিক্ষাবিদসকল এই সমিতিৰ সদস্য মনোনীত কৰা হয়।[3] কাৰ্যকলাপঅসম প্ৰকাশন পৰিষদে প্ৰায় ১০০০ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল: 'হস্তীবিদ্যাৰ্ণৱ', 'গীতগোবিন্দ', 'ইলিয়াদ', 'ওডিচী', 'অসমীয়া বিশ্বকোষ' (প্ৰথম খণ্ড), 'অৰুণোদই', 'আসাম বন্ধু', 'মৌ', 'A Comprehensive History og Assam', 'জ্যোতিপ্ৰসাদ ৰচনাৱলী', 'প্ৰাচ্যশাসনাৱলী', 'ভাৰতৰ ইতিহাস' ইত্যাদি।[4] পৰিষদে ১৯ শতিকাৰ প্ৰসিদ্ধ আৰু জনপ্ৰিয় অসমীয়া কাকত বা পত্ৰিকাসমূহৰ সংকলন প্ৰকাশ কৰিছে। প্ৰকাশনে আধুনিক অসমীয়া অভিধান নামেৰে এখন অভিধানো প্ৰণয়ন কৰিছে। পৰিষদে ১৯৭৫ চনৰ এপ্ৰিল মাহত প্ৰকাশ নামৰ এখন সাহিত্য আলোচনী প্ৰকাশ কৰি উলিয়ায়। আলোচনীখন প্ৰথম অৱস্থাত তিনিমহীয়া আছিল যদিও, ১৯৭৭ চনৰ নৱেম্বৰৰ পৰা মাহেকীয়া আলোচনী হিচাপে প্ৰকাশ পায়। পৰিষদে মুকুতা নামৰ এখন শিশু আলোচনীও প্ৰকাশ কৰে।[3] বঁটা আৰু সন্মান
অসম প্ৰকাশন পৰিষদ বঁটাঅসমীয়া সাহিত্যৰ বাছকবনীয়া গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদে প্ৰতি বছৰে প্ৰকাশন পৰিষদ বঁটা প্ৰদান কৰে। ১৯৭৪ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও মাজতে দহ বছৰ প্ৰদান কৰা হোৱা নাছিল। পুনৰ ২০০০ চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে। ২০১২ চনৰ পৰা প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা নামেৰে সলনি কৰা হয়।[5] ব্ৰহ্মপুত্ৰ সাহিত্য মহোৎসৱ২০১৪ চনত অসম প্ৰকাশন পৰিষদে ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাসৰ সহযোগত ব্ৰহ্মপুত্ৰ সাহিত্য মহোৎসৱ আয়োজন কৰে। আৰু সাহিত্যিক সমাজ আৰু গ্ৰন্থপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে। দেশ-বিদেশৰ সন্মানীয় লেখকসকলে ইয়াত অংশগ্ৰহণ কৰে। প্ৰতি বছৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এই মহোৎসৱ অনুষ্ঠিত হয়। তথ্য উৎস
|
Portal di Ensiklopedia Dunia