নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়
অসমৰ ভিতৰতে এখন সু-প্ৰাচীন আৰু সমগ্ৰ নগাঁও জিলাৰ ভিতৰতে প্ৰাচীনতম উচ্চশিক্ষাৰ অনুষ্ঠান নগাঁও গৱৰ্ণমেণ্ট হাইস্কুল। বৰ্তমান এই শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ৰূপে পৰিচিত। ১৮৬৫ চনৰ ১৭ নৱেম্বৰত প্ৰতিষ্ঠিত হোৱা বিদ্যালয় খন ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ নগাঁও চহৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ইতিহাস১৮২৬খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ অধীনলৈ অহাৰ পিছত প্ৰথদ, দ্বিতীয়খন গৱৰ্ণমেণ্ট হাইস্কুল ব্ৰিটিছ চৰকাৰে কামৰূপ আৰু শিৱসাগৰ জিলাত প্ৰতিষ্ঠা কৰাৰ পিছতে ১৮৬৫ খ্ৰীষ্টাব্দৰ মে মাহত নগাঁও জিলাৰ সদৰ ঠাই নগাঁৱত এই চৰকাৰী বিদ্যালয় খন প্ৰতিষ্ঠা কৰিবলৈ ব্ৰিটিছ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি অনুমোদন প্ৰদান কৰে। বিদ্যালয় খনৰ নাম তেওঁলোকে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় নামেৰে ৰাখিছিল। বিদ্যালয় খনৰ প্ৰথম গৰাকী প্ৰধান শিক্ষক আচি বাবু জন্মেজয় দাস।
অৱস্থাননগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খনৰ সন্মখভাগ অৰ্থাত্ উত্তৰ দিশে আছে কলং সূতি, দক্ষিণ দিশে বৰ্তমানে থকা নুৰুল আমিন ষ্টেডিয়াম, পূৱ দিশে আছে বৰ্তমান যশোদা প্ৰেছ আৰু পশ্চিম দিশত আছে বৰ্তমান জিলা পুথিভঁৰাল আৰু জিলা পৰিষদৰ কাৰ্য্যালয়। পূৰ্বতে (বিদ্যালয় খনৰ বৰ্তমানৰ) উচ্চতৰ মাধ্যমিক শাখাৰ গৃহটোৰ মাজেদিয়েই নগাঁও মিশ্যন হাইস্কুলৰ আলিটোলৈকে পথাৰৰ মাজেদি এটা পথ আছিল। ইয়াৰ সোঁফালটোৰ নাম আছিল টাইগাৰ কেম্প আৰু ইয়াৰ বাওঁফালে খেৰী ঘৰেৰে সৈতে পি ডব্লিউ দি ৰ কাৰ্য্যালয় আছিল। পথটোৰ কাষতে এটা প্ৰকাণ্ড পুখুৰী আছিল। মহাৰাণী ভিক্টোৰীয়াই ভাৰতেশ্বৰী উপাধি গ্ৰহণৰ পৰা ৰূপালী জয়ন্তী উত্সৱ সেই টাইগাৰ কেম্পতে পতা বাবে পিছত ইয়াৰ নাম দিয় হয় জুবিলী খেল পথাৰ। পূৰ্বতে এই খেলপথাৰখনৰ এটা অংশ বিদ্যালয়ৰ নিজা খেলপথাৰ আছিল, কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছত অসম চৰকাৰে গোটেই খেলপথাৰখন একেখন কৰি পেলায়।
অধ্যক্ষৰ তালিকা১৮৬৫ চনৰপৰা ২০১৪ চনলৈকে মুঠ ৫০ জন অধ্যক্ষই কাৰ্য্যভাৰ গ্ৰহণ কৰিছে।
মূল্যাংকনশিক্ষাউচ্চতৰ মাধ্যমিককলা, বিজ্ঞান আৰু বাণিজ্য বিভাগত ২ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰদান কৰা হয়। কম্পিউটাৰ বিজ্ঞান পাঠ্যক্ৰমছাত্ৰাবাস
|
Portal di Ensiklopedia Dunia