সুৰজিৎ পাটৰ
সুৰজিৎ পাটৰ (জন্ম: সুৰজিৎ হুঞ্জন) এজন পাঞ্জাৱী ভাষা লেখক আৰু ভাৰতৰ পাঞ্জাৱৰ কবি।[1] তেওঁৰ কবিতাসমূহে সাধাৰণ ৰাইজৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ লগতে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছে।[2] সংক্ষিপ্ত জীৱনীপাটৰ জলন্ধৰ জিলাৰ পাট্টাৰ (পাঞ্জাৱী: ਪੱਤੜ) কলন গাঁৱৰ বাসিন্দা আছিল সেইসূত্ৰেই তেওঁ পাটৰ উপাধি গ্ৰহণ কৰিছিল।[3] তেওঁ কাপুৰতলাৰ ৰণধীৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু তাৰ পিছত পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰপৰা তেওঁ গুৰু নানক বাণীত লোককাহিনীৰ ৰূপান্তৰ শীৰ্ষক সাহিত্যত পিএইচডি ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ শৈক্ষিক বৃত্তিত যোগদান কৰে আৰু লুধিয়ানাৰ পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ পৰা পাঞ্জাৱী ভাষাৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।[3] ষাঠিৰ দশকৰ মধ্যভাগৰপৰা তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে। তেওঁ ফেড্ৰিক গাৰ্চিয়া লৰকাৰ তিনিখন ট্ৰেজেডি আৰু গিৰিশ কাৰ্নাডৰ নাগমণ্ডল পাঞ্জাৱী ভাষালৈ অনুবাদ কৰিছিল,[4] তেওঁ বেখ্ৰট আৰু নেৰুদাৰ কবিতাও অনুবাদ কৰিছিল। তেওঁ জিন গিৰাডুক্স, ইউৰিপিডছ আৰু ৰেচিনৰ নাটক অভিযোজিত কৰিছে। পাটৰে শ্বেখ ফৰিদৰ পৰা শিৱ কুমাৰ বাটালভিলৈকে পাঞ্জাৱী কবিসকলৰ ওপৰত টেলি-স্ক্ৰিপ্টও লিখিছে। তেওঁ চণ্ডিগড়ৰ পঞ্জাৱ কলা পৰিষদৰ সভাপতি আছিল।[5] অতীতত তেওঁ লুধিয়ানাৰ পাঞ্জাৱী সাহিত্য অকাডেমিৰ সভাপতিৰ পদত অধিষ্ঠিত আছিল। তেওঁক ২০১২ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল।[6] সন্মান
তথ্যসূত্ৰ
|