পদ্মা সচদেৱ
পদ্মা সচদেৱ (ইংৰাজী: Padma Sachdev; ১৭ এপ্ৰিল ১৯৪০ – ৪ আগষ্ট ২০২১) এগৰাকী ভাৰতীয় কবি আৰু ঔপন্যাসিক আছিল। তেওঁ ডোগ্ৰী ভাষাৰ প্ৰথম আধুনিক মহিলা কবি।[1] তেওঁ হিন্দীতো লিখিছিল। তেওঁৰ প্ৰকাশিত কেইবাটাও কবিতা সংকলনৰ ভিতৰত মেৰী কবিতা মেৰে গীত সংকলনটোৱে ১৯৭১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[2][3] তেওঁ ২০০১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী[4] আৰু মধ্য প্ৰদেশ চৰকাৰে কবিতাৰ বাবে প্ৰদান কৰা ২০০৭-০৮ বৰ্ষৰ কবীৰ সন্মান[5], ২০১৫ বৰ্ষৰ সৰস্বতী সন্মান[6][7] আৰু ২০১৯ চনত সাহিত্য অকাডেমি ফেলোশ্বিপ লাভ কৰিছিল।[8] ব্যক্তিগত জীৱন আৰু মৃত্যু১৯৪০ চনৰ ১৭ এপ্ৰিলত জম্মুৰ পূড়মণ্ডলৰ এটা ব্ৰাহ্মণ পৰিয়ালত সচদেৱৰ জন্ম হৈছিল।[9] ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত নিহত হোৱা এগৰাকী সংস্কৃত পণ্ডিত, অধ্যাপক জয় দেৱ বাদুৰ তিনিটা সন্তানৰ ভিতৰত তেওঁ জ্যেষ্ঠ আছিল। তেওঁ প্ৰথমে বেদপাল দীপক বিয়া কৰাইছিল আৰু পিছত ১৯৬৬ চনত সংগীতযুটি সিং বন্ধুৰ গায়ক সুৰিন্দৰ সিঙক বিয়া কৰায়।[10] তেওঁ স্বামী সুৰিন্দৰ সিঙৰ সৈতে প্ৰথমে নতুন দিল্লীত বাস কৰিছিল, কিন্তু পিছত মুম্বাইলৈ স্থানান্তৰিত হয়।[2] ২০২১ চনৰ ৪ আগষ্টত, মুম্বাইত পদ্মা সচদেৱৰ মৃত্যু হয়।[11][12] তেওঁলোকৰ কন্যাৰ নাম আছিল মিতা সচদেৱ। কৰ্মজীৱনসচদেৱে ১৯৬১ চনৰপৰা জম্মুৰ অল ইণ্ডিয়া ৰেডিঅ’ত ঘোষক হিচাপে কাম কৰিছিল। ইয়াত তেওঁ তেওঁৰ জীৱনসংগী হিন্দুস্তানী কণ্ঠশিল্পী সুৰিন্দৰ সিঙক প্ৰথমবাৰৰ বাবে লগ পাইছিল।[10] পৰৱৰ্তী বছৰবোৰত তেওঁ মুম্বাইৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ সৈতেও কাম কৰিছিল।[2] সচদেৱে ১৯৬৯ চনত, তেওঁৰ সংকলন মেৰী কবিতা মেৰে গীতৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এই সংকলনটোৰ প্ৰস্তাৱনাত হিন্দী কবি ৰামধাৰী সিং দিনকাৰে উল্লেখ কৰিছে যে,
পদ্মাৰ আত্মজীৱনী বুন্দ বাৱাদীক কালজয়ী বুলি গণ্য কৰা হয়। তেওঁৰ ইন বিন (উইডাউট ডেম) নামৰ কিতাপখনত ভাৰতীয় পৰিয়ালত ঘৰুৱা সহায়কসকলৰ প্ৰশংসাশূণ্য ভূমিকাক চিত্ৰিত কৰা হৈছে।[13] ১৯৭৩ চনত পদ্মাই বেদ ৰহিৰ প্ৰেম পৰবত নামৰ হিন্দী চলচ্চিত্ৰখনৰ বাবে ‘মেৰা ছোটা চা ঘৰ বাৰ’ গীতটো লিখিছিল; চিনেমাখনৰ সংগীত কৰিছিল জয়দেৱে। তাৰ পিছত, ১৯৭৮ চনৰ হিন্দী চলচ্চিত্ৰ আঁখে দেখিৰ বাবে তেওঁ দুটা গীত লিখিছিল, য’ত জে.পি. কৌশিকৰ সংগীত আছিল আৰু ইয়াৰে মহম্মদ ৰফী আৰু সুলক্ষনা পণ্ডিতে দ্বৈত কণ্ঠত গোৱা সোনা ৰে, তুঝে কেইচে মিলো গীতটি জনপ্ৰিয় হৈছিল। তেওঁ ১৯৭৯ চনৰ হিন্দী চলচ্চিত্ৰ সাহসৰ বাবে যোগেশৰ সৈতে গীত লিখিছিল, য’ত আমিন সংগীতে সংগীত কৰিছিল।[12] স্বীকৃতি
গ্ৰন্থপঞ্জী
তথ্যসূত্ৰ
|