হৰভজন সিং (কবি)
হৰভজন সিং (ইংৰাজী: Harbhajan Singh; ৮ আগষ্ট ১৯২০-২১ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় কবি, সমালোচক, সাংস্কৃতিক পৰিৱেশক তথা পাঞ্জাৱী ভাষাৰ অনুবাদক। অমৃতা প্ৰীতমৰ সৈতে, তেওঁক পাঞ্জাৱী কাব্য সাহিত্যৰ লিখন শৈলীলৈ বিপ্লৱ কঢ়িয়াই অনাৰ কৃতিত্ব দিয়া হয়। তেওঁৰ ‘ৰেগিস্তান বিচ লকৰহাৰা’কে ধৰি ১৭ খন কাব্য সংকলন প্ৰকাশ হৈছে। ইয়াৰ উপৰিও তেওঁৰ ১৯টা সাহিত্যৰ বুৰঞ্জী সম্পৰ্কীয় কাম আৰু এৰিষ্টটল, চফকলচ্ তথা ৰবীন্দ্ৰনাথ ঠাকুৰকে ধৰি ঋগ বেদৰ নিৰ্বাচিত অংশৰ ১৪টা অনুবাদৰ কাম প্ৰকাশ হৈছে। তাৰোপৰি তেওঁ নেৰুদা, লৰ্কা, ব্ৰেখ্ট, মায়াক’ভস্কি, দাৰ্ভিছৰ সাহিত্যৰ নিৰ্বাচিত অংশ পাঞ্জাবী ভাষালৈ অনুবাদ কৰিছে। জৰুৰীকালীন অৱস্থাৰ সময়ত তেওঁ চাৰিমাহ আটক হৈ আছিল। সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ১৯৬৯ চনত সাহিত্য অকাডেমি বঁটা[1], ১৯৯৪ চনত সৰস্বতী সন্মান, ছোভিয়েট দেশ নেহৰু বঁটাকে ধৰি বহুকেইটি উল্লেখযোগ্য সন্মানীয় পুৰস্কাৰেৰে পুৰস্কৃত হৈছে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা১৯২০ চনৰ ১৮ আগষ্ট তাৰিখে অসমৰ লামডিঙৰ গংগা দেৱী আৰু গন্দা সিঙৰ ঘৰত হৰভজন সিঙৰ জন্ম হৈছিল। দেউতাকৰ টিউবাৰকলচিছ হৈ মৃত্যু হোৱাৰ পিছত তেওঁলোক লাহোৰলৈ যায় আৰু গাৱলমন্দীত দুটা ঘৰ কিনে। তেওঁৰ এবছৰ হোৱাৰ আগতে তেওঁ দেউতাকৰ মৃত্যু হৈছিল। তেওঁৰ চাৰি বছৰ বয়সত তেওঁৰ মাতৃ আৰু ভগ্নীৰ মৃত্যু হয় আৰু তেওঁ অকলশৰীয়া তথা পৰিয়ালহীন হৈ পৰে। লাহোৰৰ ইচ্চৰাত থকা জেঠায়েকে হৰভজন সিঙক ডাঙৰ কৰে। দেৱ স্কুলত তেওঁ পঢ়িছিল আৰু প্ৰথমৰেপৰা এগৰাকী কৃতি ছাত্ৰ আছিল। শৈক্ষিক যাত্ৰাত সদায় পঞ্জাৱৰ প্ৰথম তিনিজন ছাত্ৰৰ এজন হৈ থাকিও আৰ্থিক অনাটনৰ বাবে তেওঁ পঢ়া-শুনা আধাতে সামৰে। পেটৰ দায়ত লাহোৰৰ এখন হোমিওপেথিৰ দোকানত বিক্ৰেতা হিচাপে কামত সোমায় আৰু পিছলৈ চৰকাৰী কেৰাণী ৰূপে নতুন দিল্লীত কাম কৰে। নতুন দিল্লীৰে খালছা স্কুলত সহকাৰী গ্ৰন্থাগাৰিক ৰূপেও তেওঁ কাৰ্যৰত আছিল। কলেজলৈ নোযোৱাকৈয়ে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী আৰু হিন্দী সাহিত্যত স্নাতক ডিগ্ৰী লয় আৰু গুৰুমুখী লিপিত হিন্দী কবিতা বিষয়ত ডক্টৰেট কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰে। তেওঁৰ তিনিগৰাকী সুপুত্ৰৰ এজন মদন গোপাল সিং এগৰাকী পণ্ডিত আৰু জনা-শুনা সংগীত শিল্পী। কৰ্মজীৱনইংৰাজী ভাষাৰ এগৰাকী শিক্ষক ৰূপে হৰভজন সিঙে কৰ্মজীৱন আৰম্ভ কৰে। তাৰপিছত তেওঁ ক্ৰমে হিন্দী আৰু পিছলৈ পাঞ্জাবী ভাষাৰ শিক্ষক ৰূপে কাম কৰে। ১৯৮৪ চনত অৱসৰ লোৱাৰ আগতে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ এমেৰিটাচ আছিল। তেওঁ ‘ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান’, ‘গুৰু নানক দেৱ বিশ্ববিদ্যালয়’, ‘পাঞ্জাব বিশ্ববিদ্যালয়, চণ্ডিগড়’; ‘জম্মু বিশ্ববিদ্যালয়’ আৰু ‘গৌহাটি বিশ্ববিদ্যালয়’কে ধৰি বহুতো সন্মানীয় বিশ্ববিদ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানৰপৰা বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰিত হৈছিল আৰু অনুষ্ঠানসমূহ পৰিদৰ্শন কৰি বক্তৃতা প্ৰদান কৰিছিল। নৃতত্ত্ববিদ আৰু ভাষাবিদেৰে গঠিত এখন পৰিষদে, প্ৰফেছৰ প্ৰীতম সিঙৰ সৈতে, তেওঁক আধুনিক ভাৰতীয় ভাষা বিভাগত যোগদান কৰিবলৈ আমন্ত্ৰণ কৰিছিল। অনুপ্ৰেৰণাতেওঁ ওস্তাদ ৰেহম দিন, লালা সুৰজ ভান, ড° মোহন সিং দিৱানা আৰু ড° নগেন্দ্ৰক তেওঁৰ আটাইতকৈ প্ৰিয় শিক্ষক ৰূপে প্ৰশংসা কৰিছিল। তেওঁ আটাইতকৈ বেছি প্ৰশংসা কৰা আৰু সৰ্বাধিক মূল্যাঙ্কন কৰা কবিসকল আছিল- গুৰু নানক দেৱ, গুৰু অৰ্জন দেৱ, শ্বাহ হুছেইন, ৱাৰিছ শ্বাহ, বুলে শ্বাহ, মীৰ তাকী মীৰ, ফেডেৰিক গাৰ্চিয়া লৰ্কা, ৰবীন্দ্ৰনাথ ঠাকুৰ, নুন মীম ৰছিদ আৰু পুৰণ সিং। পুৰস্কাৰ আৰু সন্মান
গ্ৰন্থপঞ্জী
অনুবাদ
তথ্যসূত্ৰ
|