অমৃতা প্ৰীতম
অমৃতা প্ৰীতম (পঞ্জাবী: ਅੰਮ੍ਰਿਤਾ ਪ੍ਰੀਤਮ) listen (সহায়·তথ্য) (৩১ আগষ্ট ১৯১৯- ৩১ অক্টোবৰ, ২০০৫) এগৰাকী ভাৰতীয় লেখিকা। তেওঁ মূলত পঞ্জাবী আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰিছিল।[1] বিংশ শতিকাৰ পঞ্জাবী ভাষা-সাহিত্যৰ প্ৰথমগৰাকী প্ৰগতিবাদী লেখিকা অমৃতা প্ৰীতমৰ কবিতা, উপন্যাস আৰু ৰচনা সমূহ ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে সমানে সমাদৃত। ছয় দশকজুৰি সাহিত্য চৰ্চাৰে পঞ্জাবী আৰু হিন্দী সাহিত্যৰ ভঁৰাল চহকী কৰা এইগৰাকী লেখিকাই ১০০ৰো অধিক প্ৰকাশিত পুথি, কবিতা, জীৱনী মূলক ৰচনা, কল্প-সাহিত্য আৰু বহু পঞ্জাবী গীত ৰচনা কৰিছে। তেওঁৰ সৃষ্টিৰাজী আৰু আত্মজীৱনী ইতিমধ্যে বিভিন্ন ভাৰতীয় ভাষাৰ লগতে বিদেশী ভাষালৈও অনূদিত কৰা হৈছে।[2][3] অমৃতা প্ৰীতমক চিৰস্মৰণীয় কৰি ৰাখিছে তেওঁৰ বিষাদধৰ্মী কবিতা "আজ আখা ৱাৰিছ শ্বাহ নু"য়ে। ১৮ শতিকাৰ পঞ্জাবী কবি ৱাৰিছ শ্বাহৰ প্ৰতি উচৰ্গিত কবিতাটোত ভাৰত বিভাজনৰ সময়ত সংঘটিত নৰসংহাৰ আৰু সাধাৰণ লোকৰ দুখ-দুৰ্দখা দেখি তেওঁৰ মনত সৃষ্টি কৰা ব্যথা পৰিস্ফুট হৈছে। উপন্যাসিক হিচাপে অমৃতা প্ৰীতমৰ সৰ্বাধিক চৰ্চিত ৰচনা হৈছে ‘পিঞ্জৰ’(১৯৫০)। পিঞ্জৰ কেন্দ্ৰীয় চৰিত্ৰ পাৰুৰ যোগেদি অমৃতা প্ৰীতমে নাৰীৰ ওপৰত সংঘটিত অত্যাচাৰ, মানৱীয়তাৰ স্খলনৰ ছবিখন কৰুণ ৰূপত অংকিত কৰি শেষত নায়িকাৰ ব্যক্তি স্বাধীনতাক মূৰ্তমান কৰি তুলিছে। ‘পিঞ্জৰ’ উপন্যাসখনৰ ওপৰত আধাৰিত ২০০৩ বৰ্ষত নিৰ্মিত চলচ্চিত্ৰ ‘পিঞ্জৰে’ ইতিমধ্যে যথেষ্ট সন্মান বুটলিবলৈ সক্ষম হৈছে।[4][5] ১৯৪৭ চনৰ ভাৰত স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনৰ পৰিপ্ৰেক্ষিতত অমৃতা প্ৰীতম বৰ্তমানৰ পাকিস্তানৰ লাহোৰৰ পৰা ভাৰতলৈ আহিবলৈ বাধ্য হয়। পাকিস্তান এৰি আহিলেও তেওঁৰ সমসাময়িক আন আন লেখক মোহন সিং, শিৱ কুমাৰ বাতালৱি আদিৰ তুলনাত অমৃতা প্ৰীতমৰ লেখা সমূহে পাকিস্তানৰ লোককলৰ মাজত সদায়েই সমাদৰ লাভ কৰি আহিছে। পঞ্জাবৰ নাৰীবাদী লেখিকাসকলৰ বাটকটিয়া অমৃতা প্ৰীতমে ১৯৫৬ চনত তেওঁৰ কাব্যগ্ৰন্থ ‘সোণেহৰে’ৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে। এই বঁটা লাভ কৰা অমৃতা প্ৰীতম প্ৰথমগৰাকী পঞ্জাবী মহিলা সাহিত্যিক।[6] ১৯৮২ চনত তেওঁ ‘কাগজ তে কেনভাচ’ গ্ৰন্থৰ বাবে ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ সন্মান জ্ঞানপীঠ বঁটা লাভ কৰে। ১৯৬৯ চনত তেওঁলৈ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়ায় আৰু ২০০৪ চনত তেওঁলৈ আগবঢ়োৱা হয় অসামৰিক ক্ষেত্ৰৰ দ্বিতীয় সৰ্বোচ্চ সন্মান পদ্মবিভূষণ। সেই একেটা বছৰতে সাহিত্য অকাদেমীয়ে তেওঁক জীৱনযোৰা সাধনাৰ অমৰ সাহিত্যৰাজিৰ বাবে সাহিত্য অকাডেমি ফেল’শ্বিপ বঁটাৰে সন্মানিত কৰে। [7] জীৱনপঞ্জীঅমৃতা প্ৰীতমৰ জন্ম হয় ১৯১৯ চনত ব্ৰিটিছৰ অধীনৰ অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশ (বৰ্তমান পাকিস্তান)-ৰ গোজৰানৱালাত। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান অমৃতা প্ৰীতমৰ প্ৰথমে নাম আছিল অমৃত কৌৰ। [2] তেওঁৰ পিতৃ কৰ্তাৰ সিং হিতকাৰী আছিল এজন স্কুল শিক্ষক আৰু ব্ৰজ ভাষাৰ এগৰাকী গৱেষক। কৰ্তাৰ সিং হিতকাৰী সেই সময়ৰ এখন আলোচনীৰ সম্পাদনাৰ লগতো জড়িত আছিল।[8][9] তদুপৰি শিখ ধৰ্মীয় বিশ্বাস প্ৰচাৰ আৰু প্ৰসাৰৰ কামতো তেওঁ জড়িত আছিল।[10] অমৃতা প্ৰীতমৰ এঘাৰ বছৰ বয়সত তেওঁৰ মাতৃৰ মৃত্যু হয়। তাৰ পাছতে তেওঁ পিতৃ সৈতে লাহোৰলৈ আহে আৰু ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ বাবে হোৱা দেশ বিভাজনৰ সময়লৈকে লাহোৰতে থাকে। নিচেই কম বয়সতে মাতৃহীনা হোৱা অমৃতা প্ৰীতমে ঘৰুৱা দয়িত্বৰ বোজা কঢ়িয়াবলগীয়া হয়। নিসংগতাই আগুৰি ধৰা অমৃতা প্ৰীতমে কলমৰ জৰিয়তে মনৰ বোজা পাতলাবলৈ চেষ্টা আৰম্ভ কৰে। মাত্ৰ ষোল্ল বছৰ বয়সতে তেওঁৰ কাব্যপুথি ‘অমৃত লেহৰে’ প্ৰকাশিত হয়। সেই বছৰতে তেওঁ প্ৰীতম সিং নামেৰে এগৰাকী কাকত সম্পাদকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। শৈশৱতে অমৃতা প্ৰীতমৰ বিবাহ প্ৰীতম সিংৰ সৈতে ঠিক কৰি ৰখা হৈছিল। বিবাহৰ পিছতে তেওঁ নিজৰ নাম অমৃত কৌৰৰ পৰা অমৃতা প্ৰীতমলৈ সলনি কৰে।[11] ১৯৩৬ ৰ পৰা ১৯৪৩ চনলৈ এই কালচোৱাত তেওঁৰ আধা ডজন কবিতাৰ সংকলন প্ৰকাশ পায়। ৰোমাণ্টিক কাব্যচৰ্চাৰে সাহিত্যিক জীৱন আৰম্ভ কৰা অমৃতা প্ৰীতমে পিছলৈ প্ৰগতিবাদী নাৰী আন্দোলনৰ সৈতে জড়িত হৈ পৰে। তেওঁৰ নাৰীবাদী লেখাৰ চাপ প্ৰথম দেখিবলৈ পোৱা যায় ১৯৪৪ চনত যুদ্ধ বিধ্বস্ত অৰ্থনীতিৰ ওপৰত লিখা ‘লোক পীড়’ শীৰ্ষক গ্ৰন্থখনিত। সেই সময়ছোৱাতে তেওঁ কিছু সামাজিক কাম-কাজৰ সৈতেও জড়িত হয়। সেইসময়ৰ বিশিষ্ট সমাজকৰ্মী গুৰু ৰাধা কিষনৰ উদ্যোগত ভাৰতৰ স্বাধীনতাৰ পিছত দিল্লীত ‘জনতা লাইব্ৰেৰী’ স্থাপন কৰা হয়। ‘বলৰাজ চাহানী’ আৰু অৰুণা আশ্ৰফ আলীৰ দ্বাৰা উদ্বোধিত এই অনুষ্ঠানটোৰ লগত অমৃতা প্ৰীতম উতপ্ৰোতভাৱে জড়িত হৈ আছিল। এই লাইব্ৰেৰী পুথি ঘৰটো বৰ্তমান সময়তো দিল্লীৰ Clock Tower ৰ সমীপত সুচাৰোৰূপে পৰিচালিত হৈ আছে। দেশ বিভাজনৰ আগেয়ে লাহোৰ ৰেডিঅ’ চেণ্টাৰৰ সৈতেও অমৃতা প্ৰীতম কিছুদিন জড়িত হৈ আছিল।[12] এইগৰাকী বিশিষ্ট লেখিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদি বিশিষ্ট নাট্যকৰ্মী তথা দেশ বিভাজনৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ ‘গৰম হাৱা’ৰ পৰিচালক ‘এম এচ চাথু’য়ে ‘এক থি অমৃতা’ শীৰ্ষক এখন নাট্য ৰচনা কৰিছে। অমৃতা প্ৰীতম লিখনিৰ কিছু কিছু অংশৰ সৈতে জীৱনীমূলক তথ্যচিত্ৰ ভিত্তিক নাটখনি প্ৰযোজনা কৰিছিল ‘কে কে কোহলি’য়ে। ‘চাহিৰ’ শীৰ্ষক নাটকেৰে সমাদৃত হোৱা বিশিষ্ট নাট্যকাৰ ‘দানিছ ইকবাল’ৰ দ্বাৰা ৰচিত এই নাটখনিত ‘লভলীন থাদানী’, ‘মংগট ৰাম’, ‘বিজয় নাগ্যাল’, ‘কেদাৰ শৰ্মা’ আদি বহু প্ৰসিদ্ধ অভিনেতায়ে অভিনয় কৰিছিল। [উদ্ধৃতিৰ প্ৰয়োজন] ব্যক্তিগত জীৱন১৯৩৫ চনত লাহোৰৰ আনাৰকলি বজাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী এগৰাকীৰ পুত্ৰ প্ৰীতম সিংৰ সৈতে অমৃতা প্ৰীতম বিবাহপাশত আৱদ্ধ হয়। কিন্ত্ত ১৯৬০ চনত তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদ হয়। সেই সময়ৰ প্ৰসিদ্ধ কবি চাহিৰ লুধিয়ানভিৰ সৈতে অমৃতা প্ৰীতমৰ প্ৰেমৰ সম্পৰ্ক থকাৰ কথা জনা যায়।[13] এই প্ৰেমৰ সম্পৰ্কৰ কথা অমৃতা প্ৰীতমে তেওঁৰ আত্মজীৱনী মূলক লেখা ‘ৰচিদি টিকেট’ (Revenue Stamp)ত স্বীকাৰ কৰিছে। পৰৱৰ্তী সময়ত গায়িকা সুধা মালহোত্ৰা শ্বাহিৰ লুধিয়ানভিৰ জীৱনলৈ অহাৰ পৰিপ্ৰেক্ষিতত এই প্ৰেমৰ সম্পৰ্কত যতি পৰে। অকলশৰীয়া অমৃতা প্ৰীতমৰ জীৱনলৈ সেই সময়তে আহে প্ৰ্সিদ্ধ চিত্ৰশিল্পী তথা লেখক ইমৰোজ। অমৃতা প্ৰীতমে জীৱনৰ শেষৰ ৪০টা বছৰ কাল শিল্পী ইমৰোজৰ সংগতে কটায়। শিল্পী ইমৰোজে অমৃতা প্ৰীতমৰ ভালেকেইখন কিতাপৰ অলংকৰণৰ কাম কৰাৰ লগতে শিল্পীজনাৰ বহুকেইখন চিত্ৰকৰ্মৰ বিষয়ো অমৃতা প্ৰীতমেই। দুয়োৰে প্ৰেমৰ সম্পৰ্কক লৈ Amrita Imroz: A Love Story শীৰ্ষক এখনি গ্ৰন্থও ইতিমধ্যে প্ৰকাশিত হৈছে।[14][15] ২০০৫ চনৰ ৩১ অক্টোবৰ তাৰিখে নতুন দিল্লীৰ নিজা বাসভৱনত বহুদিনীয়া অসুস্থতাৰ অন্তত নিদ্ৰাৰত অৱস্থাতে অমৃতা প্ৰীতমৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।[16] মৃত্যুৰ সময়ত তেওঁ সংগী ইমৰোজ, পুত্ৰী কণ্ডলা, পুত্ৰ নভৰাজ কোৱাত্ৰা, বোৱাৰী অলকা আৰু নাতি-নাতিনী তোৰাছ, নুৰ, অমন আৰু শিল্পীক এৰি থৈ যায়। ২০১২ চনত অমৃতা প্ৰীতমৰ পুত্ৰ নভৰাজ কোৱাত্ৰাক অজ্ঞাত কোনো লোকে নিজা বাসভৱনতে হত্যা কৰে।[17] ব্ৰিটিছ ভাৰতৰ বিভাজন১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ সময়ত হোৱা দেশ বিভাজনৰ ফলত ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে প্ৰবল গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি হয়। ফলশ্ৰুতিত কেইবাহাজাৰো হিন্দু, মুছলিম আৰু শিখ ধৰ্মাৱলম্বী লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু লোক গৃহহাৰা হয়। সেই সময়ত অমৃতা প্ৰীতমৰ বয়স হৈছিল ২৮ বছৰ। শৰনাৰ্থী হৈ অমৃতা প্ৰীতমৰ পৰিয়ালটোও লাহোৰৰ পৰা দিল্লী আহিবলৈ বাধ্য হয়। ১৯৪৮ চনত গৰ্ভৱতী অমৃতা প্ৰীতমে ডেৰাডুনৰ পৰা দিল্লীলৈ যাত্ৰা কৰাৰ সময়ত দেশ বিভাজনে তেওঁৰ মনত সৃষ্টি কৰা প্ৰবল ক্ষোভ আৰু ব্যথাৰ ছবিখন কলমেৰে নিগৰিত কৰে।[18] ‘আজ আখা ৱাৰিচ শ্বাহ নু’ (I ask Waris Shah Today) শীৰ্ষক কবিতাটি দেশ বিভাজনৰ পটভূমিত ৰচিত অন্যতম বিষাদধৰ্মী কবিতা হিচাপে চিহ্নিত হৈছে। এই কবিতাটোৱে অমৃতা প্ৰীতমৰ নাম চিৰস্মৰণীয় কৰি ৰাখিছে।[19] কবিতাটো অমৃতা প্ৰীতমে চুফী কবি ৱাৰিচ শ্বাহক সম্বোধি ৰচনা কৰিছে। প্ৰখ্যাত কবি ৱাৰিচ শ্বাহ হ’ল ‘হীৰ আৰু ৰাঞ্জা’ শীৰ্ষক ট্ৰেজিক কাহিনীৰ স্ৰ্ষ্টা। অমৃতা প্ৰীতমে কবিতাটোত ৱাৰিচ শ্বাহক সম্বোধি দেশ বিভাজনৰ কৰুণ চিত্ৰখনি বৰ্ণনা কৰিছে।[20] ১৯৬১ চনলৈকে অমৃতা প্ৰীতমে ‘অল ইণ্ডিয়া ৰেডিঅ’ৰ পঞ্জাবী সেৱা বিভাগত কৰ্মৰত আছিল। ১৯৬০ চনত হোৱা বিবাহ বিচ্ছেদৰ পিছতে তেওঁৰ লিখনী সমূহ নাৰীবাদী লেখাৰ ফাললৈ ঢাল খায়। সেই সময়ত লিখা বহুকেইটা গল্প আৰু কবিতাত তেওঁ বৈবাহিক জীৱনৰ তিক্ততাৰ কাহিনী বৰ্ণনা কৰিছে। অমৃতা প্ৰীতমৰ ভালেখিনি লিখনি ইতিমধ্যে ইংৰাজী, ফৰাচী, জাপানীজ, মান্দাৰীন আৰু অন্যান্য বিদেশী ভাষালৈ অনূদিত হৈছে। তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘ব্লেক ৰোজ’ আৰু ‘ৰচিদি টিকেট’ ইতিমধ্যে পঞ্জাবী আৰু উৰ্দুৰ বাহিৰেও অন্যান্য ভাৰাতীয় ভাষাসমূহলৈ অনুবাদ কৰা হৈছে। অমৃতা প্ৰীতমৰ গ্ৰন্থৰ ওপৰত আধাৰিত প্ৰথমখন চলচ্চিত্ৰ হ’ল কাদম্বৰী(১৯৬৫)। তেওঁৰ ‘ধৰতী সাগৰ তে চিপিয়া’ শীৰ্ষক গ্ৰন্থৰ আধাৰত এই কথাছবিখন নিৰ্মাণ কৰা হৈছিল। ১৯৭৬ চনত প্ৰখ্যাত পৰিচালক ‘বসু ভট্টাচাৰ্য্য’ই অমৃতা প্ৰীতমৰ ‘উনাগ দি কাহিনী’ গ্ৰ্ন্থৰ আধাৰত ‘দাকু’ কথাছবিখন নিৰ্মাণ কৰে। [21] তেওঁৰ ‘পিঞ্জৰ’(১৯৭০) উপন্যাসখনত দেশ বিভাজনে সৃষ্টি কৰা সংঘৰ্ষ আৰু সেই সময়ৰ এগৰাকী নাৰীৰ জীৱনৰ দুখ-দুৰ্দশা আৰু কৰুণ জীৱন গাঁথা বৰ্ণনা কৰিছে। এই উপন্যাসখনৰ আধাৰত চন্দ্ৰ প্ৰসাদ দ্বিবেদীয়ে নিৰ্মাণ কৰি উলিওৱা পিঞ্জৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ কলা-নিৰ্দেশনাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। দুয়োখন দেশৰে সাধাৰণ শ্ৰেণীৰ লোকক সামৰি নিৰ্মাণ কৰা কথাছবিখন ৰাজস্থান আৰু পঞ্জাবৰ সীমামূৰীয়া অঞ্চলত চিত্ৰগ্ৰহণ কৰা হৈছিল। পঞ্জাবী ভাষাত ‘নাগমণি’ নামেৰে এখন মাহেকীয়া কাব্যালোচনী অমৃতা প্ৰীতমে সম্পাদনা কৰিছিল। সাহিত্য আলোচনীখন সুদীৰ্ঘ ৩৩ বছৰ কাল তেওঁ সংগী ইমৰোজৰ সহযোগত প্ৰ্কাশ কৰি উলিয়াইছিল। অৱশ্যে ভাৰতলৈ অহাৰ পিছৰ কালছোৱাত তেওঁ পঞ্জাবীৰ লগতে হিন্দী ভাষাতো সমানে সাহিত্যচৰ্চা অব্যাহত ৰাখিছিল।[1][22] পিছৰ জীৱনত তেওঁ ধৰ্মগুৰু শ্ৰী ৰাজনীশৰ সংস্পৰ্শলৈ আহে আৰু ‘এক ঔংকাৰ সতনাম’ আতি বহুতো গ্ৰন্থৰ পাতনি লিখিবলৈ লয়।[23] সেই সময়ছোৱাতে তেওঁ কিছু আধ্যাত্মিক গ্ৰন্থ ৰচনা কৰে। ‘কাল চেতনা’, অজ্ঞাত কা নিমন্ত্ৰণ’ আদি হ’ল অমৃতা প্ৰীতমে লিখা কেইখনমান আধ্যাত্মিক গ্ৰন্থ।[24] তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ কেইখন হ’ল ‘কালা গোলাব’ (১৯৬৮), ‘ৰচিদি টিকেট’ (১৯৭৬) আৰু ‘অক্ষৰো কে ছাঁয়ে’।[8][25] সন্মান, বঁটা-বাহনঅমৃতা প্ৰীতম হ’ল ‘পঞ্জাব ৰত্ন’ সন্মান লাভ কৰা প্ৰথম গৰাকী ব্যক্তি। এই বঁটা তেওঁক সেই সময়ৰ পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে প্ৰদান কৰে। ‘সুনেহৰে’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাদেমী বঁটা লাভ কৰা অমৃতা প্ৰীতম হ’ল এই বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক। ১৯৮২ চনত ‘কাগজ তে কেনভাচ’ শীৰ্ষক গ্ৰ্ন্থৰ বাবে অমৃতা প্ৰীতমলৈ আগবঢ়োৱা হয় সাহিত্য জগতৰ সৰ্বোচ্চ সন্মান ‘জ্ঞানপীঠ’ বঁটা। [26] ১৯৬৯ চনত তেওঁলৈ আগবঢ়োৱা হয় পদ্মশ্ৰী সন্মান। ২০০৪ চনত তেওঁলৈ ভাৰত চৰকাৰৰ অসামৰিক ক্ষেত্ৰৰ দ্বিতীয় সৰ্বোচ্চ সন্মান ‘পদ্মবিভূষণ’ আৰু সাহিত্য ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘সাহিত্য একাদেমি ফেল’শ্বিপ’ বঁটা আগবঢ়োৱা হয়। তদুপৰি ১৯৭৩ চনত দিল্লী বিশ্ববিদ্যালয় আৰু জবলপুৰ বিশ্ববিদ্যালয়ে আৰু ১৯৮৭ চনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডি লিট ডিগ্ৰী প্ৰদান কৰে।[27] আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অমৃতা প্ৰীতম সন্মানিত হৈছে। ১৯৭৯ চনত বুলগেৰিয়া চৰকাৰে তেওঁক আগবঢ়ায় Vaptsarov সন্মান। তদুপৰি ১৯৮৭ চনত ফ্ৰান্স চৰকাৰে তেওঁক Degree of Officer dens, Ordre des Arts et des Lettres (Officier) বঁটাৰে সন্মানিত কৰে।[1] ১৯৮৬-৯২ কালচোৱাত তেওঁ ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয়। জীৱনৰ শেষ কালচোৱাত তেওঁক পাকিস্তানৰ পঞ্জাবী একাদেমীৰ ফালৰ পৰা সন্মানিত কৰা হয়। এই বঁটাৰ কথা অমৃতা প্ৰীতমে পৰম সন্তোষেৰে ‘বহু দিনৰ পিছত মোৰ মাৰ ঘৰখনে মোক মনত পেলালে’ (My motherland has remembered me after a long time)বুলি উল্লেখ কৰিছিল। ইয়াৰোপৰি পাকিস্তানৰ পঞ্জাবী কবিসকলৰ তৰফৰ পৰা তেওঁলৈ চুফি সন্ত ‘ৱাৰিচ শ্বাহ’ আৰু চুফি কবি ‘বুল্লে শ্বাহ’, ‘চুলতান বাহু’ৰ সমাধিৰ পৰা ‘চাদৰ’ সন্মান স্বৰূপে প্ৰেৰণ কৰিছিল।[2] সংলগ্ন তথ্য২০০৭ বৰ্ষত প্ৰসিদ্ধ গীতিকাৰ গুলজাৰৰ কণ্ঠত 'Amrita recited by Gulzar' শীৰ্ষক এখনি শ্ৰব্য সঁফুৰাই মুক্তি লাভ কৰে। এলবামখনিত গুলজাৰৰ কণ্ঠত অমৃতা প্ৰীতমৰ বহুকেইটা কবিতাই প্ৰাণ পাই উঠিছে।[28][29] ইতিমধ্যে অমৃতা প্ৰীতমৰ জীৱনীভিত্তিক কথাছবি এখনৰ কাম-কাজো আগবঢ়িছে।[30] ৰচনাৱলীছয় দশকযোৰি সাহিত্য চৰ্চা কৰা অমৃতা প্ৰীতমৰ কাপেৰে ২৮খন উপন্যাস, ১৮খন গদ্য সংকলন, ৫খন চুটি গল্প সংকলন আৰু ১৬খন অন্যান্য গদ্য ৰচনা প্ৰকাশিত হৈছে।
Short stories ‘’’’চুটি গল্প’’
তথ্যসূত্ৰ
অধিক পঢ়ক
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia