ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ
ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ ((ইংৰাজী: Rajendra Keshavlal Shah; জন্ম: ২৮ জানুৱাৰী, ১৯১৩ – ২ জানুৱাৰী, ২০১০) এগৰাকী গুজৰাটী ভাষাৰ ভাৰতীয় গীতিকবি। কাপৰৱাণিত জন্ম হোৱা এই কবিগৰাকীয়ে ২০খনতকৈও অধিক কবিতা আৰু গীতৰ পুথি ৰচনা কৰিছে। ঘাইকৈ প্ৰাকৃতিক সৌন্দৰ্য, দেশৰ মানুহ আৰু মাছুৱৈ সম্প্ৰদায়ৰ ব্যৱহাৰিক জীৱনেই হৈছে তেওঁৰ গীত আৰু কবিতাৰ মূল বিষয়। তেওঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখন শৈলীৰে প্ৰভাৱিত হৈছিল। ৰাজেন্দ্ৰ শ্বাহক গুজৰাটী সাহিত্যৰ উত্তৰ গান্ধীয়ান যুগৰ পণ্ডিতসকলৰ এজন বুলি গণ্য কৰা হয়। [1] সংক্ষিপ্ত জীৱনী১৯৩০ চনত, লোণ আইন অমান্য আন্দোলনত অংশ গ্ৰহণ কৰি ফাটেকলৈ যোৱাৰ বাবে ৰাজেন্দ্ৰ শ্বাহৰ পঢ়া-শুনা অনিয়মীয়া হয় আৰু ১৯৩১ চনত তেওঁ মঞ্জুলা আগৰৱালৰ পাণি গ্ৰহণ কৰে। [2]পিছত, ১৯৩৪ চনত, তেওঁ বৰোডাৰ মহাৰাজা শিৱাজীৰাও বিশ্ববিদ্যালয়ৰপৰা দৰ্শন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু আহমেদাবাদত শিক্ষকৰূপে স্কুলীয়া ছাত্ৰসকলক পাঠদান কৰিবলৈ আৰম্ভ কৰে। [3] ২০১০ চনৰ ২ জানুৱাৰী মুম্বাইত তেওঁৰ মৃত্যু হয়।[4] গ্ৰন্থপঞ্জীকাব্য সংকলন
বঁটা আৰু স্বীকৃতিতেওঁ ১৯৪৭ চনত ‘কুমাৰ চন্দ্ৰক’ আৰু ১৯৫৬ চনত ‘ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক’ লাভ কৰে। 'শান্ত কোলাহল' কাব্য গ্ৰন্থৰ বাবে তেওঁ ১৯৬৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[6] তেওঁ গুজৰাটী সাহিত্য পৰিষদে ১৯৮০ চনত প্ৰদান কৰা অৰুবিন্দু সুৱৰ্ণ চন্দ্ৰক (Aurobindo Suvarna Chandrak), ১৯৯২ চনৰ সাহিত্য গৌৰৱ পুৰস্কাৰ আৰু ১৯৯৯ চনৰ নৰসিংহ মেহতা বঁটা প্ৰাপক। শ্বাহে ২০০১ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ জ্ঞানপীঠ বঁটা লাভ কৰে। তথ্যসূত্ৰ
|