ৰাভুৰি ভৰদ্বাজ
ৰাভুৰি ভৰদ্বাজ (তেলেগু: రావూరి భరద్వాజ) এগৰাকী প্ৰথিতযশা তেলুগু ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক। তেলুগু সাহিত্য জগতলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ২০১২ বৰ্ষৰ দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।[2] জন্ম আৰু শিক্ষা-দীক্ষাৰাভুৰি ভৰদ্বাজৰ জন্ম হয় ১৯২৭ চনৰ ৫ জুলাই তাৰিখে হায়দৰাবাদৰ মগলুৰুত। সাহিত্য চৰ্চাৰ বাবে যে কোনো উচ্চ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, ৰাভুৰি ভৰদ্বাজ এই কথাষাৰৰ প্ৰমাণ। তেওঁ মাত্ৰ অষ্টম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে। কিন্ত্ত তেওঁৰ সাহিত্য কৰ্ম অন্ধ্ৰপ্ৰদেশৰ স্নাতক তথা স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাভুৰি ভৰদ্বাজক বৰ্তমানলৈকে অন্ধ্ৰ বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু টেকন’লজিকেল ইউনিভাৰ্চিটি আৰু নাগাৰ্জুনা বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে। সাহিত্য কৰ্মৰাভুৰি ভৰদ্বাজ তেলুগু সাহিত্যৰ ৩৭খন চুটি গল্পৰ পুথি, ১৭খন উপন্যাসকে ধৰি বহু অনবদ্য সাহিত্য কৰ্মৰ স্ৰষ্টা।[2] ১৯৪৬ চনত মাত্ৰ সোতৰ বছৰ বয়সত তেলুগু আলোচনী ‘জমিন ৰায়টু’ৰ জৰিয়তে সাহিত্য চৰ্চা আৰম্ভ কৰে। ১৯৫৯ চনত তেওঁ ‘অল ইণ্ডিয়া ৰেডিঅ’ৰ চিত্ৰ্নাট্যকাৰ হিচাপে যোগদান কৰে। তাৰ পূৰ্বে তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এগৰাকী টেকনিচিয়ান হিচাপেও কাম কৰিছিল। ১৯৪৮ চনত তেওঁ দীনবন্ধু নামৰ অলোচনীখনৰ লগত জড়িত হয়। পৰৱৰ্তী কালত ‘জ্যোতি’,সমীক্ষা,অভিসাৰিকা, চিত্ৰসীমা আৰু যুৱ আলোচনীৰ সম্পাদনাৰ সৈতেও তেওঁ জড়িত হৈ পৰে। ৰাভুৰি ভৰদ্বাজৰ উল্লেখনীয় সৃষ্টিৰাজি হ’ল-
লাভ কৰা বঁটা-বাহন:তেলুগু সাহিত্যলৈ ৰাভুৰি ভৰদ্বাজে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক এতিয়ালৈ বহুটো সন্মানেৰে বিভূষিত কৰা হৈছে। সেই সমূহ হ’ল-
মৃত্যু২০১৩ চনৰ ১৮ অক্টোবৰ তাৰিখে ৮৬ বছৰ বয়সত সাহিত্যিকজনৰ হায়দৰাবাদত পৰলোক প্ৰাপ্তি ঘটে। [1] তথ্যসূত্ৰ
উৎস
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia