মহাশ্বেতা দেৱী |
---|
| জন্ম |
১৪ জানুৱাৰী, ১৯২৬ (৯৯ বছৰ) ঢাকা |
---|
মৃত্যু |
২৮ জুলাই ২০১৬ (৯০ বছৰ বয়সত) কলকাতা |
---|
ছদ্মনাম |
জুবানশ্ব |
---|
পেচা |
সমাজকৰ্মী, লেখিকা |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
সময় |
১৯৫৬-বৰ্তমানলৈকে |
---|
ধৰণ |
উপন্যাস, চুটিগল্প, নাটক,ৰচনা |
---|
বিষয় |
Denotified tribes of India |
---|
সাহিত্যিক বিপ্লৱ |
গণনাট্য |
---|
উল্লেখনীয় কৰ্মৰাজি |
Hajar Churashir Maa (No. 1084's Mother) Aranyer Adhikar (The Occupation of the Forest) Titu Mir |
---|
| স্বাক্ষৰ |
|
মহাশ্বেতা দেৱী (ইংৰাজী: Mahasweta Devi; জন্ম ১৪ জানুৱাৰী, ১৯২৬)[1][2] এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী। তেওঁ জ্ঞানপীঠ বঁটা তথা পদ্মবিভূষণ উপাধিৰে সন্মানিত। শেহতীয়াকৈ ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে অসম সাহিত্য সভাই তেওঁক মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰে।[3]
সংক্ষিপ্ত জীৱনী
১৯২৬ চনত ঢাকাৰ এক শিক্ষিত হিন্দু ব্ৰাহ্মণ পৰিয়ালত মহাশ্বেতা দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মণীষ ঘটক 'কল্লোল যুগ'ৰ এগৰাকী প্ৰখ্যাত কবি আৰু উপন্যাসিক আছিল, যাৰ ছদ্মনাম আছিল জুৱানশ্ব (Jubanashwa)।[4] বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ঋত্বিক ঘটক মণীষ ঘটকৰ কনিষ্ঠ ভাতৃ আছিল। তেওঁৰ মাতৃ ধৰিত্ৰী দেৱীও এগৰাকী লেখিকা আৰু সমাজকৰ্মী আছিল। ধৰিত্ৰী দেৱীৰ ভাতৃসকল, যেনে বিশিষ্ট ভাস্কৰ শঙ্খ চৌধুৰী, 'ইকনমিক এণ্ড পলিটিকেল ইণ্ডিয়া'ৰ প্ৰতিষ্ঠাপক-সম্পাদক শশীন চৌধুৰী আদিয়েও বিভিন্ন ক্ষেত্ৰত প্ৰসিদ্ধি লাভ কৰিছিল। মহাশ্বেতা দেৱীৰ পঢ়াশলীয়া জীৱন আৰম্ভ হৈছিল ঢাকাত; কিন্তু ভাৰত বিভাজন হোৱাৰ পিছত তেওঁ ভাৰতৰ পশ্চিম বঙ্গলৈ গুচি আহে। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু ইংৰাজী ভাষাত সন্মানসহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা। পিছলৈ তেওঁ যশস্বী নাট্যকাৰ তথা ১৯৪৮ত প্ৰতিষ্ঠা হোৱা ভাৰতীয় গণনাট্য সংঘৰ অন্যতম প্ৰতিষ্ঠাপক বিজয় ভট্টাচাৰ্যৰ সৈতে বিয়াত বহে। তেওঁলোকৰ যুগ্মজীৱনৰ স্বাক্ষৰ আছিল সাম্প্ৰতিক সময়ৰ শীৰ্ষস্থানীয় উপন্যাসিক নবাৰুণ ভট্টাচাৰ্য, যাৰ সাহিত্যকৰ্ম বৌদ্ধিক ওজস্বিতা আৰু দাৰ্শনিক সুবাসৰ বাবে সুপৰিচিত। ১৯৫৯ত বিজয় ভট্টাচাৰ্যৰ সৈতে তেওঁৰ বিবাহ-বিচ্ছেদ হয়।
অৱদান
- The Queen of Jhansi (biography, translated in English by Sagaree and Mandira Sengupta from the 1956 first edition in bangla Jhansir Rani)
- Hajar Churashir Maa[5]
- Aranyer Adhikar (The Occupation of the Forest, 1977)
- Agnigarbha (Womb of Fire, 1978)
- Bitter Soil tr, Ipsita Chandra. Seagull, 1998. Four stories.
- Chotti Munda evam Tar Tir (Choti Munda and His Arrow, 1980) Translated by Gayatri Chakravorty Spivak.
- Imaginary Maps (translated by Gayatri Spivak London & New York. Routledge,1995)
- Dhowli (Short Story)
- Dust on the Road (Translated into English by Maitreya Ghatak. Seagull, Calcutta.)
- Our Non-Veg Cow (Seagull Books, Calcutta, 1998. Translated from Bengali by Paramita Banerjee.)
- Bashai Tudu (Translated into English by Gayatri Chakraborty Spivak and Shamik Bandyopadhyay. Thima, Calcutta, 1993)
- Titu Mir
- Rudali
- Breast Stories (Translated into English by Gayatri Chakraborty Spivak. Seagull, Calcutta, 1997)
- Of Women, Outcasts, Peasants, and Rebels (Translated into English By Kalpana Bardhan, University of California, 1990.) Six stories.
- Ek-kori's Dream (Translated into English by Lila Majumdar. N.B.T., 1976)
- The Book of the Hunter (Seagull India, 2002)
- Outcast (Seagull, India, 2002)
- Draupadi
- In Other Worlds: Essays in Cultural Politics (Translated into English by Gayatri Chakraborty Spivak. Methuyen and Company, 1987. New York, London)
- Till Death Do Us Part
- Old Women
- Kulaputra (Translated into Kannada by Sreemathi H.S. CVG Publications, Bangalore)
- The Why-Why Girl (Tulika, Chennai.)
- Dakatey Kahini
মহাশ্বেতা দেৱীৰ কৰ্মৰ আধাৰত নিৰ্মিত বোলছবি
- সংঘৰ্ষ (১৯৬৮), তেওঁৰ কাহিনীৰ ওপৰত আধাৰিত, যিখন বাৰাণসী চহৰৰ এটি থুগি সম্প্ৰদায়ৰ ভিতৰত প্ৰতিশোধৰ এটি কল্পিত বিৱৰণ প্ৰস্তুত কৰিছে।
- ৰুদালী (১৯৯৩)
- হাজাৰ চুৰাশী কী মা (১৯৯৮)
- মাটি মায় (২০০৬),[6]'দায়েঁ' গল্পৰ আধাৰত।[7]
- গঙ্গোৰ (২০১০) 'চোলী কে পিছে' গল্পৰ আধাৰত ইটালো স্পীনেলীৰ দ্বাৰা পৰিচালিত।
বঁটা আৰু সন্মান
মৃত্যু
১৬ জুলাই ২০১৬ত মহাশ্বেতা দেৱীয়ে গুৰুত্বপূৰ্ণ হৃদৰোগত আক্ৰান্ত হয়। তেওঁক কলকাতাৰ Belle Vue Clinic -ত ভৰ্তি কৰা হয় যদিও একাধিক অংগ বিকল (multiple organ failure) হোৱাৰ ফলত ২৮ জুলাইৰ দিনা তাতে তেওঁৰ মৃত্যু হয়।[9]
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
---|
| ১৯৬৫–১৯৮৫ | |
---|
| ১৯৮৬–২০০০ | |
---|
| ২০০১–বৰ্তমান | |
---|
|
|
---|
সাধাৰণ | |
---|
ৰাষ্ট্ৰীয় পুথিভঁৰাল | |
---|
বৈজ্ঞানিক ডাটাবেচ | |
---|
অন্যান্য | |
---|
|