কৃষ্ণা সোব্তি
কৃষ্ণা সোব্তি (ইংৰাজী: Krishna Sobti; ১৮ ফেব্ৰুৱাৰী, ১৯২৫ – ২৫ জানুৱাৰী, ২০১৯) হ'ল এগৰাকী ভাৰতীয় হিন্দী ভাষাৰ সাহিত্যিক তথা প্ৰবন্ধকাৰ।[1][2] তেওঁৰ উপন্যাস 'জিন্দেগিনামা'ৰ বাবে তেওঁ ১৯৮০ চনত হিন্দী ভাষাৰ সাহিত্য অকাডেমি বঁটা[1][3] আৰু ১৯৯৬ চনত অকাডেমিয়ে আগবঢ়োৱা সৰ্বোচ্চ সম্মান 'সাহিত্য অকাডেমি ফেলোশ্বিপ' লাভ কৰে।[4] ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে সোব্তিয়ে ২০১৭ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল।[4] ২০১০ চনত ভাৰত চৰকাৰে সোব্তিলৈ ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা আগবঢ়ায় যদিও “লেখক হিচাপে মই প্ৰতিষ্ঠাৰপৰা আঁতৰি থাকিব লাগিব। মই ভাবোঁ মই উচিত কামেই কৰিছোঁ।”, বুলি কৈ তেওঁ এই সন্মান গ্ৰহণ কৰাৰপৰা বিৰত থাকে।[5] সোব্তিক তেওঁৰ ১৯৬৬ চনৰ উপন্যাস 'মিত্ৰৌ মৰজানি'ৰ বাবে জনা যায়, য'ত বিবাহিত মহিলাৰ যৌনতাক সাহসিকতাৰে চিত্ৰন কৰা হৈছে। সোব্তি ১৯৮১ চনৰ 'শিৰোমণি বঁটা', ১৯৮২ চনৰ 'হিন্দী অকাডেমি বঁটা', দিল্লীৰ হিন্দী অকাডেমিৰ 'চলাকা বঁটা'ৰ উপৰিও জীৱনজোৰা সাহিত্য সাধনাৰ বাবে ১৯৯৯ চনত 'কথা চূড়ামণি' বঁটা পোৱা প্ৰথমগৰাকী সাহিত্যিক।[6] ২০০৮ চনত তেওঁৰ উপন্যাস 'সময় সৰগম', 'কে কে বিৰলা ফাউণ্ডেচন'ৰ দ্বাৰা স্থাপিত 'ব্যাস সম্মান'ৰ বাবে নিৰ্বাচিত হয়।[7] হিন্দী সাহিত্যৰ প্ৰখ্যাত লেখকসকলৰ এগৰাকী, কৃষ্ণা সোব্তিৰ জন্ম ১৯২৫ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে পঞ্জাবৰ গুজৰাট নগৰত হয়, যি এতিয়া পাকিস্তানৰ অন্তৰ্গত।[8]তেওঁ 'হছমত' ছদ্মনামেৰে লিখা মেলা কৰিছিল আৰু 'হম হছমত' নামেৰে লেখক আৰু বন্ধুবৰ্গৰ এটি প্ৰবন্ধ সংকলন প্ৰকাশ কৰিছিল। তেওঁৰ অন্যান্য উপন্যাসবোৰ হ'ল- 'ডৰ চে বিচ্চুৰি', 'সূৰজমুখী অন্ধেৰে কে', 'য়াৰৌ কে য়াৰ', 'জিন্দেগীনামা' আদি। সোব্তিৰ জনপ্ৰিয় গল্প-সংকলনসমূহ হ'ল- 'নাছিফা', 'চিক্কা বদল গয়া', 'বাদলৌ কে ঘেৰে' আদি।[1] তেওঁৰ নিৰ্বাচিত কামৰ এটি সংকলন 'সোব্তি একা চ'হাবাটা'ই প্ৰকাশ কৰিছে।[1] তেওঁৰ যথেষ্ট সংখ্যক গ্ৰন্থ ইংৰাজী আৰু উৰ্দু ভাষাত উপলব্ধ।[9] ২০১৫ চনত তেওঁৰ উপন্যাস 'দিল-অ'-ডেনিচ'ক 'দ্য হাৰ্ট হেজ ইটচ্ ৰিজন' নাম দি 'কথা বুকচ্'ৰ ৰীমা আনন্দ আৰু মিনাক্ষী স্বামীয়ে ইংৰাজীলৈ অনুবাদ কৰে। কিতাপখনে ভাৰতীয় ভাষাৰ কল্পকাহিনী অনুবাদ বিভাগত 'ক্ৰছবৰ্ড বঁটা' লাভ কৰিছিল।[10]তেওঁৰ গ্ৰন্থৰাজি কেইবাটাও ভাৰতীয় ভাষাৰ লগতে চুইডিছ, ৰাছিয়ান আৰু ইংৰাজী আদি কেইবাটাও বিদেশী ভাষালৈ অনূদিত হৈছে।[2] বঁটা আৰু সম্মান
ভাৰতীয় জ্ঞানপীঠে এটা বিবৃতিত উল্লেখ কৰিছে যে,
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |