শিৱ প্ৰসাদ বৰুৱা
শিৱ প্ৰসাদ বৰুৱা (ইংৰাজী: Siva Prasad Barooah) (১৮৮০-১৯৩৮) অসমৰ এগৰাকী প্ৰসিদ্ধ চাহ খেতিয়ক, ৰাজনীতিবিদ তথা সমাজসেৱক ৷ অসমৰ সাংবাদিকতাৰ জগতত তেওঁক অন্যতম বাটকটীয়া বুলি গণ্য কৰা হয়৷ তেওঁৰ উদ্যোগতে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত 'বাতৰি' প্ৰকাশিত হৈছিল৷ তেওঁৰ স্মৰণত ১৯৯৯ চনৰ পৰা কমল কুমাৰী ফাউণ্ডেশ্যনে সাংবাদিকতাৰ জগতত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা ব্যক্তি বা সংগঠনক প্ৰতিবছৰে 'শিৱ প্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা' প্ৰদান কৰি আহিছে৷[1] ব্যক্তিগত জীৱনশিৱ প্ৰসাদ বৰুৱাৰ জন্ম হয় ১৮৮০ চনত৷ তেওঁ যোৰহাটৰ প্ৰখ্যাত খঙীয়া বৰুৱা পৰিয়ালৰ আছিল৷ ১৯১৭ চনত তেওঁ কমল কুমাৰী বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়৷ অৱদানশিৱ প্ৰসাদ বৰুৱাই ১৯৩০ চনৰ অক্টোবৰ মাহত 'সাদিনীয়া বাতৰি' নামৰ এখন বাতৰি কাকত প্ৰকাশ কৰে৷ এই কাকতখনেই ১৯৩৫ চনৰ আগষ্ট মাহত 'দৈনিক বাতৰি' লৈ পৰিৱৰ্ত্তিত হয়৷[1] তথ্যসূত্ৰবাহ্যিক সংযোগ
|