অসমৰ অৰ্থনীতিঅসমৰ অৰ্থনীতি মূলতঃ কৃষিকেন্দ্ৰিক। অসমৰ ৬৯% ব্যক্তি কৃষিৰ সৈতে জড়িত। উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ হৈছে: চাহপাত, মৰাপাট, ধান, কুঁহিয়াৰ ইত্যাদি। মূল উৎপাদন ধান।[1] ১৯৬৩ চনত প্ৰকাশ পোৱা "অসমৰ অৰ্থনীতি" শীৰ্ষক গ্ৰন্থৰ জৰিয়তে ভৱানন্দ ডেকাই অসমীয়া অৰ্থনীতিৰ ওপৰত প্ৰথমবাৰৰ বাবে বিদ্যায়তনিকভাৱে অধ্যয়ন কৰিছিল।[2] ইয়াৰোপৰি পৰাগ দাসে "স্বাধীন অসমৰ অৰ্থনীতি" শীৰ্ষক গ্ৰন্থখনতো অসমৰ থলুৱা অৰ্থনীতিৰ সম্পৰ্কত কাম কৰি গৈছে। সমষ্টিগত অৰ্থনৈতিক ধাৰাস্বাধীনতাৰ পাছৰে পৰা অসমৰ অৰ্থনীতিয়ে ভাৰতৰ অৰ্থনীতিৰ সৈতে খোজ মিলাব পৰা নাছিল। ১৯৭০ চনৰ পাছৰ পৰা এই ব্যৱধানটো বৃদ্ধি পাই আহিছিল।[3] উদাহৰণস্বৰূপে ১৯৮১ৰ পৰা ২০০১ বিত্তীয় বৰ্ষলৈকে ভাৰতৰ বিকাশৰ হাৰ আছিল ৬% আৰু অসমৰ বিকাশৰ হাৰ আছিল ৩.৭৮%।[4] সেইদৰে উত্তৰ-উদাৰীকৰণৰ যুগটো অসমৰ অৰ্থনীতিৰ বিকাশৰ গতিধাৰাৰ সৈতে মূলসুঁতিৰ ভাৰতীয় অৰ্থনীতিৰ এটা বৃহত তফাৎ আছিল। অৱশ্যে পঞ্চাশৰ দশকৰ সময়ছোৱাত অসমৰ জনমুৰি আয় ভাৰতৰ আন অঞ্চলসমূহতকৈ বেছি হৈ আছিল যদিও বৰ্তমান জনমুৰি আয়ো ভাৰতৰ তুলনাত কম। ২০০১ চনত অসমৰ জনমুৰি আয় আছিল ৬,১৫৭ টকা, য’ত ভাৰতৰ জনমুৰি আয় আছিল ১০,১৯৮ টকা।[5] অৰ্থাৎ প্ৰায় ৪০% কম। ঠিক সেইদৰে খণ্ডভিত্তিক বিশ্লেষণে (Sectoral Analysis) দেখুৱাই যে কৃষিখণ্ডটোৱে অসমৰ সকলো খণ্ডকে দমন কৰি ৰাখিছে যদিও এই খণ্ডটোৰো বিকাশ বৰ বেছি হোৱা নাই। অসমৰ ভূমি বিতৰণো বিজ্ঞানসন্মত নহয়। অসমৰ 96.6% কৃষকেই ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক।[6], যাৰ বাবে কৃষিখণ্ডৰ বিকাশ হোৱা নাই। বৰ্তমান সময়ত কৃষিখণ্ডৰ বিকাশৰ হাৰ হৈছে ২.৮%।[7] কৃষি আৰু পশুধনকৃষিখণ্ডই অসমৰ অৰ্থনীতিৰ এটা বৃহৎ অংশক আগুৰি আছে। কৃষিৰ সৈতে প্ৰায় ৫৩% শ্ৰমিক জড়িত হৈ আছে।[8] উদ্যান শস্যৰ ভিতৰত চাহ শিল্পই অসমৰ অৰ্থনীতিত প্ৰভাৱ বিস্তাৰ কৰি আছে। প্ৰতি বছৰে প্ৰায় ৬৩০-৭০০ মিলিয়ন কিলোগ্ৰাম চাহপাত অসমৰ পৰা উৎপাদিত হয়।[9] জনপ্ৰিয়ভাৱে এই চাহপাতক অসম চাহ বুলিও জনা যায়। চাহৰ বাহিৰেও অনান্য কৃষিজাত উৎপাদনসমূহ হৈছে- ধান, মৰাপাট, আলু, বিলাহী, কল, অমিতা, শাক-পাচলি আদি। যিকি নহওক বেছিসংখ্যক অসমৰ খেতিয়কেই বৈজ্ঞানিক পদ্ধতিৰ পৰা আঁতৰি আছে যাৰ ফলত কৃষিজাত সামগ্ৰীৰ উৎপাদন কমি আহিছে। ৰাষ্ট্ৰীয় অৰ্থনীতিৰ তুলনাত অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ উৎপাদনৰ হাৰ যথেষ্ট কম।[10] মুখ্য উৎপাদন ধানৰ প্ৰতি হেক্টৰত উৎপাদনৰ গড় হাৰ হৈছে মাত্ৰ ১,৪৩৫ কিলোগ্ৰাম।[11] আনহাতে শেহতীয়া চৰকাৰী নিৰ্দেশনা অনুসৰি সাধাৰণ ধানৰ প্ৰতি কুইণ্টলৰ সৰ্বনিম্ন সমৰ্থনযোগ্য মূল্য হৈছে ১৫৫০ টকা আৰু গ্ৰেড-এৰ বাবে ১৫৯০ টকা।[12] ২০১২ চনৰ লোকপিয়ল অনুসৰি অসমত প্ৰায় ১৯.০৮ মিলিয়ন পশুধন আছে, যাৰ ভিতৰত ৫৪.০২% হৈছে গৰু, ৩২.২৩% ছাগলী আৰু ৮.৫% হৈছে গাহৰি।[13] তেল আৰু গেছখাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত অসম ভাৰতৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্য। ২০১৮ চনত অসমে ৪,৩৪৫ মেট্ৰিক টন লিটাৰ ক্ৰুড অইল উৎপাদন কৰিছিল।[14] সেইদৰে ২০১৮-২০১৯ বৰ্ষত ৯.১ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ট কিউবিক মিটাৰ প্ৰাকৃতিক গেছ উৎপাদন কৰা হৈছিল।[15] অনান্য উদ্যোগচাহ আৰু পেট্ৰলিয়ামভিত্তিক উদ্যোগসমূহৰ বাহিৰেও অসমত দুই-এটা অনান্য উদ্যোগ আছে। ইয়াৰে চৰকাৰী খণ্ডৰ উদ্যোগসমূহ যেনে জাগীৰোড কাগজ কল, বৰুৱা বামুণ গাঁৱৰ চেনিকল আদিৰ দৰে উদ্যোগসমূহ বন্ধ হৈ আছে। [16] অৱশ্যে নামৰূপৰ সাৰ কাৰখানা, ডুমডুমাত অৱস্থিত HUL অৰ্থাৎ হিন্দুস্তান ইউনিলিভাৰৰ শাখা, তেজপুৰৰ পতঞ্জলিৰ উৎপাদন শাখা আদি উদ্যোগসমূহে সক্ৰিয়ৰূপত কাম কৰি আছে। চৰকাৰী সূত্ৰ অনুসৰি অসমত এতিয়া প্ৰায় ১০২টা মজলীয়া উদ্যোগ আৰু ১১০টা বৃহৎ উদ্যোগ আছে।[17] হস্ততাঁত বস্ত্ৰশিল্পঅসমৰ বস্ত্ৰশিল্প এটা গুৰুত্বপূৰ্ণ আৰু মুখ্য ধাৰাৰ অৰ্থনৈতিক উৎস। অতীজৰে পৰা অসমে ৰেচমী কাপোৰ উৎপাদন কৰি আহিছে। বিভিন্ন প্ৰজাতিৰ মুগা, পাট আৰু এৰি সূতাৰ উৎপাদন হোৱাৰ লগতে সিবোৰৰ বিপননো হৈ আহিছে। ঢকুৱাখানা আৰু শুৱালকুছি মূলতে এই উদ্যোগৰ প্ৰাণকেন্দ্ৰ।[18] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia