বড়োলেণ্ডএই প্ৰবন্ধটো এক স্বায়ত্ত্বশাসিত অঞ্চল আৰু প্ৰস্তাবিত ৰাজ্যখনৰ বিষয়ে। অঞ্চলটো পৰিচালনা কৰা পৰিষদটোৰ বাবে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ চাওক।
বড়োলেণ্ড (ইংৰাজী: Bodoland, বড়ো: बर'लेन्द), আনুষ্ঠানিক নাম বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (চমুকৈ বিটিআৰ), হৈছে অসমৰ এখন স্বায়ত্তশাসিত অঞ্চল। ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাদদেশত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অসমৰ চাৰিখন জিলাক লৈ বড়োলেণ্ড সৃষ্টি হৈছে। এই জিলা কেইখন হৈছে ক্ৰমে কোকৰাঝাৰ জিলা, বাক্সা জিলা, ওদালগুৰি জিলা আৰু চিৰাং জিলা। বড়ো আন্দোলনৰ ফলশ্ৰুতিত ২০০৩ চনত হোৱা বড়ো চুক্তিৰ ফলাফল হিচাপে বড়োলেণ্ড গঠন কৰা হৈছিল।[3] এই অঞ্চলটোৰ পৰিচালনা কৰে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ নামৰ এক নিৰ্বাচিত পৰিষদে। পূৰ্বতে অঞ্চলটোক বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ বা বিটিএডি নামৰ জনা গৈছিল, পাছে বড়ো চুক্তি ২০২০ৰ পাছত ইয়াৰ পুনঃনামকৰণ কৰি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (অৰ্থাৎ বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চল) ৰখা হয়।[4] অঞ্চলটোৰ মাটিকালি প্ৰায় ৮,০০০ বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ গৰিষ্ঠসংখ্যক বাসিন্দা হৈছে বড়ো জনগোষ্ঠীৰ লোক।[3][5] ইতিহাসপৃথক বড়োলেণ্ডৰ দাবীৰে বড়ো আন্দোলন ১৯৬৭ চনৰ পৰাই চেগা-চোৰোকাকৈ চলি আছিল যদিও ১৯৮৭ চনতহে উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত ই জংগী ৰূপ লাভ কৰে। বড়োলেণ্ড গঠনৰ বাবে কৰা আন্দোলনটোক পাঁচটা ভাগত ভাগ কৰিব পাৰি।
এইটো ভাগক ৰাজনৈতিক সচেতনতা আৰম্ভণিৰ যুগ বুলি জনা যায়। সদৌ অসম ট্ৰাইবেল লীগ, কছাৰী যুৱক সন্মিলন আদিৰ যোগেদি বড়ো সকলৰ পৰিচয়গত ৰাজনীতিৰ প্ৰথম ভেঁটিটো নিৰ্মাণ হৈছিল। এই ভাগটোতে ভূমি-জনজাতি (Plain Tribal)-সকলৰ কাৰণে পৃথক নিৰ্বাচনী ব্যৱস্থাৰ অন্তৰ্গত কৰি পাঁচখন আসন সংৰক্ষণৰ দাবী জনোৱা হৈছিল।
এইটো ভাগৰ মূল প্ৰশ্ন আছিল ভাষা আৰু লিপিক লৈ উদ্ভৱ হোৱা সচেতনতা। ১৯৫২ চনত বড়ো সাহিত্য সভাৰ গঠন হৈছিল আৰু ইয়াৰ নেতৃত্বই সেইসময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ হাতত এখন বড়ো মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ দাবী পত্ৰ প্ৰদান কৰিছিল। ১৯৬৩ চনত বড়ো ভাষাক ইয়াৰ আধিপত্য থকা অঞ্চলত শিক্ষাৰ মাধ্যম হিচাপে মুকলি কৰি দিছিল।
এইটো ভাগ অত্যন্ত গুৰুত্বপূৰ্ণ। ২৭ ফেব্ৰুৱাৰী, ১৯৬৭ চনত গঠন কৰা হৈছিল প্লেইন ট্ৰাইবেল কাউন্সিল অৱ আচাম নামৰ এটা সংগঠনৰ। ১৫ ফেব্ৰুৱাৰী, ১৯৬৭ চনত আনহাতে গঠিত হৈছিল অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন বা চমুকৈ ABSU। এই সময়চোৱাতে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৰাজ্য পুনৰগঠনৰ ঘোষণাৰ প্ৰতি সঁহাৰি জনায় আবছুয়ে ১৯৬৯ চনত স্বায়ত্তশাসনৰ স্বীকৃতিৰ দাবী জনায়। সেইদৰে এইচোৱা সময়তে অসমত অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত আৰম্ভ হোৱা অসম আন্দোলনলৈ বড়ো সংগঠনসমূহে মুকলি সমৰ্থন আগবঢ়ায়। কিন্তু অসম চুক্তিয়ে বড়ো নেতৃত্বক সন্তুষ্ট কৰিব নোৱাৰিলে আৰু উত্তৰ-অসম আন্দোলনকালীন সময়ত বড়ো আন্দোলন অধিক তীব্ৰতৰ হৈ উঠে।[6]
এই সময়চোৱাতে পৃথক ৰাজ্যৰ দাবী উত্থাপন হ'বলৈ আৰম্ভ কৰিলে। ১৯৮৭ চনৰ পৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত আবছুয়ে বড়ো আন্দোলনটো নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিলে। "Divide Assam 50-50" শ্লোগানেৰে তেওঁলোকে পৃথক ৰাজ্যৰ দাবীটোক অধিক জংগী কৰি তুলিলে। সেই সময়চোৱাতে ৩ অক্টোবৰ, ১৯৮৬ চনত বড়োলেণ্ড চিকউৰিটি ফ'ৰ্চ বা চমুকৈ বিডিএচএফ নামৰ এটা সশস্ত্ৰ নৃগোষ্ঠীয় সংগঠন গঠন কৰা হয়।[7] ২০ ফেব্ৰুৱাৰী, ১৯৯৩ চনত অৱশেষত বড়ো চুক্তি স্বাক্ষৰ কৰা হৈছিল আৰু বড়ো অটনমাছ কাউন্সিল গঠন কৰা হৈছিল। কিন্তু বড়ো চুক্তিয়ে বড়ো নেতৃত্বক আশাহত কৰি তুলিলে।
এই ভাগটোক উত্তৰ-বড়ো চুক্তিকালীন সময় হিচাপে চিহ্নিত কৰিব পাৰি। যিহেতু বড়ো চুক্তিয়ে বড়ো নেতৃত্বক সন্তুষ্ট কৰিব নোৱাৰিলে, ১৯৯৪ চনৰ পৰা বিডিএচএফ জংগী হৈ উঠে। পৰৱৰ্তী সময়ত এই বিডিএচএফ-য়েই নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড বা এনডিএফবি হিচাপে আত্মপ্ৰকাশ কৰে। এই সময়চোৱাতে ১৯৯৫ চনত বিএলটি বা বড়ো লিবাৰেশ্যন টাইগাৰচ-য়েও আত্মপ্ৰকাশ কৰে। ২০০৩ চনত পুনৰ বিএলটি আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৰাজ্য চৰকাৰৰ উপস্থিতিত বড়ো চুক্তি পুনৰ স্বাক্ষৰিত কৰা হয়। এই চুক্তি অনুসৰি বড়োলেণ্ডত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ বা বিটিচি গঠন কৰি ইয়াক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তি কৰা হয়। এতিয়াও এনডিএফবিৰ সংগ্ৰাম চলিয়েই আছে। তেওঁলোকৰ বিশ্বাস যে বিএলটিৰ নেতৃত্বই বড়ো জনসাধাৰণৰ আশা-আকাংক্ষা সম্পূৰ্ণ কৰাত ব্যৰ্থ হ'ল। ভূগোলবড়োলেণ্ডৰ সীমাৰেখা ২৬° ৭' ১২" উত্তৰ অক্ষৰেখাৰ পৰা ২৬° ৪৭' ৫০" উত্তৰ অক্ষৰেখা আৰু ৮৯° ৪৭' ৪০" পূবৰ পৰা ৯২° ১৮' ৩০" পূব দ্ৰাঘিমাৰেখালৈকে বিস্তৃত হৈ আছে। ইয়াৰ ৩% ব্যক্তি নগৰত বাস কৰে। বড়োলেণ্ডত ৫০০ বৰ্গ কিলোমিটাৰ জুৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে।[8] সেইদৰে বড়োলণ্ডে ভৌগোলিকভাৱে ভূটান আৰু অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভাগ-বতৰা কৰি আছে। ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এটা বৃহৎ অংশ বড়োলেণ্ডৰ অধীনত আছে। অনান্য সীমামূৰীয়া জিলাসমূহ হৈছে ধুবুৰী জিলা, বঙাইগাঁও জিলা, বৰপেটা জিলা, নলবাৰী জিলা, কামৰূপ জিলা, দৰং জিলা আৰু শোণিতপুৰ জিলা।[9] জনগাঁথনিবড়োলেণ্ডত জনগাঁথনিগতভাৱে বড়ো জনগোষ্ঠী সৰ্বাধিক সংখ্যাত আছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বড়োলেণ্ডৰ ৩০.৫% লোক বড়ো ভাষীক, ২৬.৮% লোক অসমীয়া ভাষীক, ২৩.৭% বঙালী ভাষীক। অৰ্থনীতিঅৰ্থনৈতিকভাৱে বড়োলেণ্ড এতিয়াও ইমান বেছি উন্নত হোৱা নাই। অঞ্চলটো মূলতঃ কৃষিজীৱি। শিক্ষা২০০৯ চনত কোকৰাঝাৰত বড়োলেণ্ড বিশ্ববিদ্যালয় স্থাপন হৈছিল।[10] সাম্প্ৰতিক কালত বড়োলেণ্ডত সাক্ষৰতাৰ হাৰ হৈছে ৬১.৩%। প্ৰশাসনপ্ৰধান প্ৰবন্ধ: বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ
সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত বড়োলেণ্ডৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ জিলাত। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, চমুকৈ বিটিচি)-এ এই অঞ্চলটো পৰিচালনা কৰে। প্ৰথম অৱস্থাত বিটিচিৰ সদস্যৰ সংখ্যা আছিল ৩০ জন। ষষ্ঠ অনুসূচীৰ ২(১) অনুচ্ছেদটোৰ সংশোধন কৰি বৰ্তমান ইয়াৰ সংখ্যা ৪৬ জনলৈকে বৃদ্ধি কৰা হৈছে। এই ৪৬ জনৰ ভিতৰত ৩০খন আসন অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত, ৫খন আসন অজনজাতিৰ বাবে সংৰক্ষিত কৰি থোৱা আছে, ৫খন আসন সকলোৰে বাবে মুকলি আৰু ৬খন আসন ৰাজ্যপালৰ দ্বাৰা মনোনীত। অৰ্থাৎ বিটিচিৰ মুঠ সদস্য সংখ্যাৰ ভিতৰৰ ৪০ জন নিৰ্বাচিত আৰু ৬ জন মনোনীত।[9] প্ৰতি পাঁচ বছৰৰ অন্তত নিৰ্বাচন অনুষ্ঠিত হয়। অসম চৰকাৰৰ জাননী নং TAD/BTC/161/2003/6-ৰ অধীনত বিটিচিৰ হাতত ৪০টা বিষয়ত ক্ষমতা প্ৰদান কৰা হৈছে। কৃষি, পশুপালন, শিক্ষা, সংস্কৃতি, মীন পালন, বন আৰু পৰিৱেশ, জন্ম-মৃত্যুৰ পঞ্জীয়ন আদি কেতবোৰ অত্যন্ত প্ৰয়োজনীয় বিষয় বিটিচিৰ ক্ষমতাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে।[9] প্ৰশাসনীয় বিভাগবড়োলেণ্ড চাৰিখন জিলাক লৈ গঠিত।[11] ১০টা মহকুমা আৰু ৪০টা উন্নয়নখণ্ড আছে।[12]
তথ্য উৎস
|
Portal di Ensiklopedia Dunia