ৰাভা ভাষা
ৰাভা ভাৰতৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ ভাষা। ৰাভা জনগোষ্ঠীৰ লোকে এই ভাষা ব্যৱহাৰ কৰে। ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ গোৱালপাৰা জিলা, কামৰূপ জিলা আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। তদুপৰি ভাৰতৰ পশ্চিম বংগ আৰু মেঘালয় ৰাজ্যতো ৰাভা জনগোষ্ঠীৰ লোকে ৰাভা ভাষা কয়। মাইতৰী আৰু ৰংদানী ৰাভা ভাষাৰ দুটা মুখ্য উপভাষা। কিন্তু এই দুই উপভাষা অপসাৰী হোৱাৰ বাবে এই দুই উপভাষা কোৱা লোকে পৰস্পৰে যোগাযোগ কৰিবলৈ অসুবিধা পায়। ইউ.ভি জোচেফৰ মতে[2] ৰাভা ভাষাৰ তিনিটা উপভাষা আছে। সেইকেইটা হ'ল : ৰংদানীয়া বা ৰংদানী, মাইতৰীয়া বা মাইতৰী আৰু কোচা। তেওঁ আৰু কয় যে কোচা উপভাষা ব্ৰহ্মপুত্ৰ নদৰ উত্তৰপাৰে কোৱা হয়। কিন্তু ই অত্যন্ত অপসাৰী হোৱাৰ বাবে ৰংদানী বা মাইতৰী ভাষীসকলে কোচা ভাষা বুজি নাপায়। ৰংদানী আৰু মাইতৰী ভাষা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে কোৱা হয় আৰু ইহঁতৰ মাজত ভিন্নতা তুলনামূলকভাৱে কম। এই ভাষা দুটা ঘাইকৈ অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয়ৰ উত্তৰৰ ঢালত কোৱা হয়। ৰংদানী আৰু মাইতৰীৰ মাজত পাৰ্থক্য যিমানে পশ্চিমলৈ যোৱা যায় সিমানেই বিদ্যমান হয়। ২০০৭ চনত তেওঁ ৰাভা ভাষাৰ ব্যাকৰণ প্ৰকাশ কৰিছিল৷[3] ৰাভা ভাষা মূলত চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। ই ব্ৰহ্মপুত্ৰণ উপপৰিয়ালৰ বড়ো-গাৰো ঠাঁলৰ ভাষা। ৰাভা ভাষাৰ নিজা লিপি নাই। এই ভাষা লিখিবলৈ অসমীয়া লিপি আৰু বাংলা লিপি ব্যৱহাৰ কৰা হয়। ৰাভা ভাষা ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ চৰকাৰী ভাষা। বৈশিষ্ট্যৰাভা ব্যাকৰণসন্মত ভাষা আৰু ইয়াৰ নিজা গাণিতিক সংখ্যাও আছে। ৰাভা ভাষায়ে ব্যাকৰণৰ পদ, শব্দৰূপ, ধাতুৰূপ ইত্যাদি নিয়ম মানি চলে। তদুপৰি ৰাভা ভাষাৰ খণ্ড বাক্য আৰু জতুৱা ঠাঁচেৰে নিজা প্ৰকাশভংগী আছে। বৰ্তমান স্থিতিবৰ্তমানলৈকে ৰাভা ভাষাৰ দুখন অভিধান প্ৰকাশিত হৈছে। তদুপৰি ৰাভা, ইংৰাজী আৰু অসমীয়া ভাষাত 'ছমলায়দিনি ৰাওছামি' নামৰ পূৰ্ণাংগ ৰাভা প্ৰশাসনীয় পৰিভাষা প্ৰকাশিত হৈছে। ভৌগোলিক বিতৰণৰাভা ভাষা ভাৰতৰ মূলতঃ উত্তৰ-পূৰ্বাঞ্চলত কোৱা হয়। ইথন'লগৰ মতে ৰাভা ভাষা কোৱা অঞ্চল সমূহ হ'ল:
তথ্য উৎস
|
Portal di Ensiklopedia Dunia