অসম চুক্তিঅসম চুক্তি (১৯৮৫) ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি (ইংৰাজী: Memorandum of Settlement (MoS))।[1][2] এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু ইয়াৰ ফলস্বৰূপে আন্দোলনৰ নেতৃত্বই এটা ৰাজনৈতিক দল গঠন কৰি পৰৱৰ্তী সময়ত অসমত চৰকাৰ গঠন কৰিছিল। যদিও এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিল, চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা অদ্যাপি কাৰ্যকৰীকৰণ হোৱা নাই। ইয়াৰ ফলস্বৰূপে কেইবাটাও মূল সমস্যাই মূৰ দাঙি আছে।[3] স্বাক্ষৰকাৰীসকলঅসম আন্দোলনৰ প্ৰতিনিধি
অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি
এই চুক্তিৰ স্বাক্ষৰৰ সময়ত উপস্থিত আছিল তথ্য উৎস
বাহ্যিক সংযোগ |