১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলা অসম আন্দোলনৰ তেওঁ এজন গুৰি ধৰোঁতা আছিল। ১৯৮৫ চনৰ ১৫ আগষ্টত ছাত্ৰসন্থাৰ নেতৃবৃন্দ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত নতুন দিল্লীত অসম চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিত ভৃগু কুমাৰ ফুকনৰো স্বাক্ষৰ আছিল।
তাৰ পিছতে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ নামেৰে এটা নতুন ৰাজনৈতিক দলৰ জন্ম হয় আৰু ১৯৮৫ চনৰ সাধাৰণ নিৰ্বাচনত এই দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। এই চৰকাৰৰ দিনত ভৃগু কুমাৰ ফুকনে অসমৰ গৃহমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ বৰ্তমানলৈ অসমৰ ইতিহাসৰ সৰ্বকনিষ্ঠ গৃহমন্ত্ৰী। ২৯ বছৰ বয়সতে তেওঁ গৃহমন্ত্ৰী হৈছিল। কিন্তু প্ৰফুল্ল কুমাৰ মহন্তৰ লগত মনোমালিন্য হোৱাৰ বাবে ১৯৮৯ চনত তেওঁ সেই পদ তথা দল ত্যাগ কৰে আৰু বৃন্দাবন গোস্বামীৰ লগ হৈ ১৯৯১ চনত নতুন অসম গণ পৰিষদ নামেৰে এটা নতুন ৰাজনৈতিক দল গঠন কৰে। ১৯৯৬ চনত এই দলটো পুনৰ অসম গণ পৰিষদৰ লগত সন্মিলিত হয় । ১৯৯৮ চনত ফুকন পুনৰবাৰ অগপ ৰ পৰা আঁতৰি যায় আৰু অসম জাতীয় সন্মিলনী নামেৰে আন এটা ৰাজনৈতিক দল গঠন কৰে। কিন্তু তাৰ কিছুদিন পিছতেই তেওঁ নেচনেলিষ্ট কংগ্ৰেছ পৰ্টিত যোগদান কৰে। পিছলৈ তেওঁ সেই দলটোৰ সভাপতি ৰূপেও নিৰ্বাচিত হৈছিল।[2]