ৰাধাগোবিন্দ বৰুৱা
ৰাধাগোবিন্দ বৰুৱা (ইংৰাজী: Radha Govinda Baruah) (১৭ অক্টোবৰ, ১৯০০ – ১৫ জুলাই, ১৯৭৭) এগৰাকী অসমীয়া ব্যৱসায়ী, সমাজ সংগঠক, সাংস্কৃতিক আৰু ক্ৰীড়া উদ্যোক্তা। তেওঁ 'দ্য আছাম ট্ৰিবিউন' বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা।[1] তেওঁ 'দৈনিক অসম' (১৯৬৫) আৰু সাপ্তাহিক 'অসম বাণী' কাকতো প্ৰতিষ্ঠা কৰিছিল। গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম তেওঁৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। এটা দশক জুৰি তেওঁ 'অসম ক্ৰিকেট সন্থা'ৰ সভাপতি আছিল। 'গুৱাহাটী ইন্ড'ৰ ষ্টেডিয়াম', 'অসম সংগীত সন্মিলনী' আৰু 'আসাম ফ্লায়িং ক্লাব', 'অসম হকী এছ'চিয়েচন', 'অসম বেডমিণ্টন এছ'চিয়েচন'ৰ প্ৰতিষ্ঠাতো আগভাগ লৈছিল। তেওঁৰ একক প্ৰচেষ্টাতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন হৈছিল।[2] অসমীয়াৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বাবেও তেওঁ যত্ন কৰিছিল। গুৱাহাটীৰ 'ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়' তেওঁৰ নামতে ৰখা হৈছে। তেওঁ গুৱাহাটীৰ প্ৰথমগৰাকী মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ আৰ জি নামেৰে তেওঁ প্ৰখ্যাত আছিল। তেওঁক 'আধুনিক অসমৰ আৰ্হি নিৰ্মাতা' ("the architect of modern Assam")[3] বোলাৰ লগতে 'সিংহপুৰুষ' বুলিও অভিহিত কৰা হয়।[4] ২০০০ চনত 'মহান নেতাসকল: সামাজিক আৰু ৰাজনৈতিক' শিতানত 'জগলাল চৌধুৰী', 'বিজয়লক্ষ্মী পণ্ডিত' আৰু 'ৰেট্টামালাই শ্ৰীনিবাসন'-ৰ লগতে তেওঁক সন্মান যাঁচি এটা ডাক টিকট মুকলি কৰা হৈছে।[4] জন্ম আৰু শৈশৱ১৯০০ চনৰ ১৭ অক্টোবৰত শিৱসাগৰত ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হয়। দেউতাক গুণগোবিন্দ বৰুৱা আছিল ৰেভিনিউ চিৰস্তাদাৰ। তেওঁলোক বেজবৰুৱাৰ বংশৰে লোক। ৰাধাগোবিন্দৰ দুমাহ বয়সতে মাতৃবিয়োগ হয়। তেতিয়া খুৰীয়েক হৈম্যৱতী বৰুৱাই তেওঁক লালন-পালন কৰে।[5] শিৱসাগৰতে প্ৰাথমিক শিক্ষা লাভ কৰি ৰাধাগোবিন্দই বেজবৰুৱা স্কুলত নাম লগায়। তাত কেইবছৰমান পঢ়াৰ পাছত দেউতাক নগাঁৱলৈ বদলি হোৱাত তেওঁ নগাঁও হাইস্কুলত পঢ়ে। দেউতাক পুনৰ ডিব্ৰুগড়লৈ বদলি হোৱাত ডিব্ৰুগড় হাইস্কুললৈ যায় আৰু আৰু তাৰ পৰাই দ্বিতীয় বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।[6] ইয়াৰ পাছত তেওঁ কটন কলেজত নাম ভৰ্তি কৰালে যদিও পঢ়াৰ প্ৰতি তেওঁৰ আগ্ৰহ কমি আহিল আৰু ব্যৱসায়ৰ দিশে মন ঢাল খালে। ব্যৱসায়িক আৰু চাকৰি জীৱনকটন কলেজৰ প্ৰথম বছৰৰ পৰীক্ষা দি ডিব্ৰুগড়ৰ ঘৰলৈ যোৱাৰ পাছৰ ৰাধাগোবিন্দ বৰুৱাই ব্যৱসায় কৰিবলৈ মন মেলিলে। কিছুদিন দেউতাকৰ মেগেলা চাহ বাগিছাত কাম কৰিলে। তাৰ পাছত এটা ছাপ্লাই এজেন্সি খুলি খেৰ, চূণ, বালি, ইটাৰ আদিৰ যোগানৰ কাম আৰম্ভ কৰিলে। কানিৰ মহল এটাও এবছৰৰ বাবে ল'লে। ইয়াৰ পাছত বেলা হালদাৰ নামৰ এগৰাকী মহিলাৰ লগত যুটীয়াভাৱে ৰেলৰ শ্লিপাৰৰ ব্যৱসায়ত লাগে। মহিলাগৰাকীয়ে ব্যৱসায়ৰ হিচাপ-নিকাচ চাইছিল। কিন্তু তেওঁ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠাত সেই ব্যৱসায় তল পৰিল। তেতিয়া ৰাধাগোবিন্দ বৰুৱাই আন ব্যৱসায় কৰাৰ আগতে একাউণ্টেঞ্চি আৰু বুক কিপিঙৰ কাম শিকিবলৈ ঠিৰাং কৰিলে।[7] কলিকতাত অশেষ কষ্ট কৰি তেওঁ একাউণ্টেঞ্চি আৰু বুক কিপিঙৰ প্ৰশিক্ষণ ল'বলৈ ধৰিলে। ইয়াৰ মাজতে ধনৰ জোৰা মাৰিবলৈ বন্ধুৰ সহযোগত চাহৰ দোকান এখনো খুলিছিল। শিক্ষা শেষ হোৱাত তেওঁ ডিব্ৰুগড়লৈ ঘূৰি গ'ল। ইতিমধ্যে তেওঁলোকৰ চাহ বাগিছাও বিক্ৰী হৈছিল। ৰাধাগোবিন্দই কলিকতাত দেখি অহা ইম্পেৰিয়েল বেংকৰ দৰে প্ৰতিষ্ঠান অসমতো খুলিবলৈ চিন্তা কৰিলে। সেইমতে ১৯২৩ চনৰ মে' মাহত কলিকতাৰ পৰা বেংক ব্যৱসায়ৰ জ্ঞান থকা মিঃ কেমেৰন (Mr. Cameron) নামৰ ব্যক্তি এজনক আনি নানা চৰকাৰী মেৰপেঁচ আঁতৰাই ডিব্ৰুগড়ত যুটীয়াভাৱে 'ইম্পেৰিয়েল বেংক' স্থাপন কৰে।[8][9] তেতিয়া তেওঁৰ বয়স মাত্ৰ তেইছ বছৰ। ১৯২১ চনত স্থাপিত হোৱা Imperial Bank of India (পাছলৈ ষ্টে'ট বেংক অৱ ইণ্ডিয়া)-ৰ উত্তৰ-পূব ভাৰতত এইটো আছিল প্ৰথম শাখা আৰু ৰাধাগোবিন্দ বৰুৱা ইয়াৰ প্ৰথম অসমীয়া কৰ্মচাৰী।[10] অশেষ কষ্টৰ বলত তেওঁলোকৰ বেংকৰ ব্যৱসায় বাঢ়ি আহিল। কিন্তু বেংকৰ কেচিয়াৰ এজনে টকাৰ খেলিমেলি কৰাত বিপদ হ'ল। পাছত দোষী সাব্যস্ত হোৱাত কেচিয়াৰজনৰ জেইল হ'ল। এই তিক্ত অভিজ্ঞতাৰ বাবে তেওঁ বেংকৰ কাম পিছ পেলাই 'ব'ম্বে মিউচুৱেল কোম্পানী'ৰ বীমা এজেণ্ট হিচাপে নিযুক্ত হ'ল। তেওঁক অসমত বীমা ব্যৱসায়ৰ বাটকটীয়া বুলিও ক'ব পাৰি। অসম, বংগ, বিহাৰ আৰু ঊৰিষ্যাৰ ভিতৰত তেওঁ দুবাৰ শ্ৰেষ্ঠ এজেণ্টৰ সন্মান লাভ কৰিছিল আৰু ফটো সহিতে এই বাতৰি 'আৱাহন'ত প্ৰকাশ পাইছিল।[11] দেউতাকে এটা প্ৰেছ খোলাৰ আগ্ৰহ কৰাত ৰাধাগোবিন্দ ডিব্ৰুগড়লৈ গৈ 'বৰুৱা প্ৰেছ' নামৰ ছপাশাল আৰম্ভ কৰে। চিঠি, বাগিছাৰ কাগজ-পত্ৰ আদিৰ ছপাৰে এই ব্যৱসায়ে ঠন ধৰি উঠিল। বছৰি তেওঁলোকৰ চল্লিছ-পঞ্চাছ হাজাৰ টকা লাভ হৈছিল।[12] তেওঁ ব্ৰিটিছ চাহাবৰ পৰা আৰু দুটা প্ৰেছ কিনি লৈছিল। পাছলৈ বৰুৱা প্ৰেছৰ পৰাই 'দ্যা আছাম ট্ৰিবিউন' কাকতৰ প্ৰকাশ আৰম্ভ হয়। মিডিয়া গোষ্ঠীৰ প্ৰতিষ্ঠাদি আসাম ট্ৰিবিউন১৯৩৯ চনত ৰাধাগোবিন্দ বৰুৱাই বৰুৱা প্ৰেছৰ পৰাই এখন ইংৰাজী বাতৰি কাকত উলিওৱাৰ কথা চিন্তা কৰিলে। তেতিয়া অসমত প্ৰচলিত একমাত্ৰ ইংৰাজী কাকত আছিল ৰাধানাথ চাংকাকতীয়ে প্ৰকাশ কৰা 'টাইম্ছ অৱ আসাম'। তেতিয়াৰ ইণ্ডিয়ান টি এছ'চিয়েচনৰ ভাইচ চেয়াৰমেন তথা মাইজান চাহ বাগিছাৰ অধীক্ষক আৰ ডি লয়েলৰ পৰামৰ্শ অনুসৰি ৰাধাগোবিন্দই কাকতখনৰ নাম 'আসাম ট্ৰিবিউন' ৰাখিলে।[13] ব্যৱসায়ৰ সহযোগী হিচাপে ভায়েক কৃষ্ণগোবিন্দ বৰুৱা আৰু বিখ্যাত চাহ ব্যৱসায়ী সোমেশ্বৰ বৰুৱাক ল'লে। কলিকতাৰ 'হিন্দুস্তান ষ্টেণ্ডাৰ্ড'ৰ সহকাৰী সম্পাদক ৰূপে কাম কৰি থকা লক্ষ্মীনাথ ফুকনক কোনোতে সৈমান কৰাই সম্পাদক হিচাপে নিযুক্ত কৰিলে। ১৯৩৯ চনৰ ৪ আগষ্টত ডিব্ৰুগড়ৰ পৰা সাপ্তাহিক ৰূপত আসাম ট্ৰিবিউনৰ প্ৰকাশ আৰম্ভ হ'ল।[14] ৰাধাগোবিন্দ বৰুৱাই টি এছ'চিয়েচন, কলিকতাৰ বিভিন্ন এজেন্সী আৰু কোম্পানীক লগ ধৰি কাকতৰ বাবে বিজ্ঞাপন যোগাৰ কৰিলে। কিছুদিনৰ পাছত 'টাইম্ছ অৱ আসাম' বন্ধ হোৱাত ট্ৰিবিউনৰ প্ৰচাৰ বাঢ়ি আহিল। কেইবছৰমানৰ পাছত ৰাধাগোবিন্দই কাকতখনক দৈনিক ৰূপ দিয়াৰ কথা চিন্তা কৰিলে। সেই কামৰ বাবে ডিব্ৰুগড় সুচল নেদেখি ব্যৱসায়ৰ সহযোগীসকলৰ বিৰোধীতা সত্বেও কাকতৰ কাৰ্যালয়, প্ৰেছ আদি গুৱাহাটীলৈ উঠাই অনাৰ কথা চিন্তা কৰিলে। ১৯৪৬ চনৰ জানুৱাৰী মাহত গুৱাহাটীৰ চানমাৰী অঞ্চলত মাটিও কিনিলে। আগষ্ট মাহত ট্ৰিবিউন প্ৰেছ ডিব্ৰুগড়ৰ পৰা স্থানান্তৰিত হ'ল। এটাও সংখ্যা বাদ নপৰাকৈ কিছুদিন সাপ্তাহিক হিচাপে চলাৰ পাছত ৩০ ছেপ্তেম্বৰৰ পৰা আসাম ট্ৰিবিউন দৈনিক কাকত হিচাপে প্ৰকাশ পাবলৈ ধৰিলে। ই অসমৰ পৰা প্ৰকাশ পোৱা প্ৰথমখন দৈনিক কাকতৰূপে পৰিগণিত হ'ল।[8] কাকতখনে সৰ্বভাৰতীয় স্তৰত ফেৰ মাৰিব পৰাই ৰাধাগোবিন্দ বৰুৱাই দিল্লী, কলিকতা, বম্বে', কাণপুৰ আদি ঠাইৰ লগতে লণ্ডনতো কাৰ্যালয় খুলি সাংবাদিক নিযুক্ত কৰিছিল। ইয়াৰ লগতে অসমৰ মফচলীয় অঞ্চলৰ সাংবাদিকতাতো তেওঁ গুৰুত্ব দিছিল। 'আসাম ত্ৰিবিউন এম্প্লয়িজ ইউনিয়ন'ৰ লগত তেওঁৰ সু-সম্পৰ্ক আছিল আৰু কামৰ ক্ষেত্ৰত কঠোৰ হোৱা সত্বেও সকলো সৰু-বৰ কৰ্মচাৰীকে মৰম কৰিছিল। ট্ৰিবিউনৰ ৰূপালী জয়ন্তী উৎসৰ অসমতে সীমাবদ্ধ নাৰাখি শ্বিলং, দিল্লী, কলিকতা আৰু ব'ম্বেতো পতা হৈছিল। শ্বিলঙত তেতিয়াৰ ৰাজ্যপাল বিষ্ণু সহায়, বিত্তমন্ত্ৰী ফখৰুদ্দিন আলি আহমেদ, কলিকতাত মুখ্যমন্ত্ৰী প্ৰফুল্ল চন্দ্ৰ সেন, ব'ম্বেত মুখ্যমন্ত্ৰী ভি পি নায়ক আৰু দিল্লীত প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ লগতে ইন্দিৰা গান্ধীয়ে ৰূপালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰিছিল। গুৱাহাটীত অনুষ্ঠিত মূল অধিবেশনত তেতিয়াৰ শিক্ষামন্ত্ৰী দেৱকান্ত বৰুৱাই সভাপতিত্ব কৰিছিল আৰু মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই মুখ্য অতিথিৰূপে যোগ দিছিল। অসমবাণী আৰু দৈনিক অসমট্ৰিবিউনৰ পাছত বৰুৱাই এখন অসমীয়া সাপ্তাহিক কাকত উলিওৱাৰ কথা চিন্তা কৰে। সেই মৰ্মে ১৯৫৫ চনৰ ১ জুলাইৰ পৰা সাদিনীয়া 'অসম বাণী'ৰ প্ৰকাশ আৰম্ভ হয়। সতীশ চন্দ্ৰ কাকতিক সম্পাদক হিচাপে দায়িত্ব দিয়া হ'ল। ১৯৬৫ চনৰ এপ্ৰিলত ট্ৰিবিউন কাকতৰ ৰূপালী জয়ন্তীৰ সময়তে ৰাধাগোবিন্দ বৰুৱাই ঠিক কৰিলে যে এখন অসমীয়া দৈনিক বাতৰি কাকতো প্ৰকাশ কৰিব। অভিজ্ঞ সাংবাদিক কীৰ্তিনাথ হাজৰিকাক সম্পাদকৰ দায়িত্ব ন্যস্ত কৰা হ'ল আৰু ১৯৬৫ চনৰ ৪ আগষ্টৰ পৰা 'দৈনিক অসম'ৰ প্ৰকাশ আৰম্ভ হ'ল। ত্ৰিবিউন গোষ্ঠীৰ তিনিওখন কাকতে অসমৰ জাতীয়, সামাজিক অৰ্থনৈতিক আদি বিষয়সমূহ সবলভাৱে উত্থাপন কৰাৰ লগতে দুৰ্যোগৰ সময়ত পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিছিল।[15] চৰকাৰৰ জনবিৰোধী নীতিৰ সমালোচনা কৰি ৰাধাগোবিন্দ বৰুৱা কেইবাবাৰো চৰকাৰৰ ৰোষত পৰিছিল আৰু চৰকাৰী বিজ্ঞাপন অহা বন্ধ হৈছিল। ডিব্ৰুগড়ৰ আদালতত চৈয়দ চাদুল্লা চৰকাৰে ট্ৰিবিউন গোষ্ঠীৰ বিৰুদ্ধে মোকদৰ্মাও তৰিছিল৷[16] সাহিত্য প্ৰকাশগ্ৰন্থ প্ৰকাশৰ কথা চিন্তা কৰি ৰাধাগোবিন্দ বৰুৱাই ট্ৰিবিউন প্ৰেছৰ লগতে 'সাহিত্য প্ৰকাশ' নামৰ এটা প্ৰতিষ্ঠান গঢ়ি তুলিলে। প্ৰথম অৱস্থান প্ৰকাশনটোৱে ঘাইকৈ ৰজনীকান্ত বৰদলৈ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্মসমূহ ছপাই উলিওৱাৰ দিহা কৰিলে। ১৯৬৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকীত সাহিত্য প্ৰকাশে নিজাববীয়াকৈ দুটা খণ্ডত 'বেজবৰুৱা গ্ৰন্থাৱলী' ছপাই অসমৰ সাহিত্য জগতলৈ এক গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়।[17] প্ৰতিষ্ঠিত লেখকৰ লগতে বহু নতুন লেখকৰো সাহিত্যকৰ্ম এই প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে। সাংস্কৃতিক অৰিহণাপুৰণি কালৰে পৰা অসমৰ জাতীয় উৎসৱ বিহু পথাৰত বা গছতলত পালন কৰা হৈছিল। আহোম ৰাজত্বকালত ইয়াক ৰংঘৰৰ বাকৰিলৈ আদৰি অনা হৈছিল। অসমৰ সকলো জাতি-জনগোষ্ঠীক একে মঞ্চত একত্ৰিত কৰি সাংস্কৃতিক মহামিলন সৃষ্টি কৰিবলৈ ৰঙালী বিহুৱেই আধাৰ হ’ব পাৰে বুলি দূৰদৰ্শী ৰাধাগোবিন্দই চিন্তা কৰিলে। ১৯৫২ চনত ডা° ভুৱনেশ্বৰ বৰুৱাক সভাপতি, প্ৰবীণ ফুকনক সম্পাদক আৰু ৰাধাগোবিন্দ বৰুৱা আৰু ডা° কনকচন্দ্ৰ বৰুৱাক উপ-সভাপতি হিচাপে লৈ ‘গুৱাহাটী বিহু সন্মিলনী’ৰ জন্ম হ'ল। এই সমিতিৰ উদ্যোগতে লতাশিল খেলপথাৰত ১৯৫২ চনত ৰাজহুৱাভাৱে পতা অসমৰ প্ৰথমখন মঞ্চ বিহু আয়োজন কৰা হ'ল।[15][18] এই কামত তেওঁলোকে বহু সমালোচনাৰ সন্মুখীন হৈছিল। বিহু উদ্বোধনী গীত, বিহু পতাকা আৰু বিহু প্ৰতীক তেওঁ পুৰুষোত্তম দাস আৰু নিপ বৰুৱাৰ হতুৱাই প্ৰস্তুত কৰাই উলিয়াইছিল। অৱশ্যে প্ৰথম মঞ্চ বিহুৰ হোৱাৰ ক্ষেত্ৰত দ্বিমতো আছে।[19] ১৯৫৪ চনৰ ১ জানুৱাৰীত ডা° তাৰিণীমোহন বৰুৱাৰ লগ লাগি ৰাধাগোবিন্দ বৰুৱাই 'অসম সংগীত সন্মিলনী'ৰ জন্ম দিয়ে। এই অনুষ্ঠানৰ উদ্দেশ্য আছিল অসমত উচ্চাংগ সংগীত জনপ্ৰিয় কৰা আৰু আৰু অসমৰ থলুৱা নৃত্য-গীতৰ উন্নতি সধা।[20] তেওঁৰ উদ্যোগতে গুৱাহাটীৰ চাৰ্চ ফিল্ডত আয়োজিত অনুষ্ঠানত ভাৰতৰ বিখ্যাত সংগীত শিল্পী পণ্ডিত বিনায়ক ৰাও পটৱৰ্ধন, ডি ভি পালুষ্কাৰ, ওস্তাদ বড়ে গুলাম আলী খাঁ, আমিৰ খাঁ, ৰচুলন বাঈ, পণ্ডিত ৰবি শংকৰ, বিলায়েৎ হুছেইন খাঁ, আলী আকবৰ, নিখিল বেনাৰ্জী, নিখিল ঘোষ কেৰামাতুল্লা, চাগিৰুদ্দিন আৰু নৃত্য শিল্পী দময়ন্তী যোশী, চিতাৰা দেৱী, গোপীকৃষ্ণন আদিয়ে যোগদান কৰিছিল। ১৯৫৭ চনত এই সন্মিলনীৰ জৰিয়তে 'অসম কলেজ অৱ মিউজিক' প্ৰতিষ্ঠা কৰা হৈছিল। গুৱাহাটীতে সীমাবদ্ধ নাৰাখি সন্মিলনীৰ কাম-কাজ অসমৰ অন্যান্য ঠাইলৈকো নিয়া হৈছিল আৰু নখন শাখা গঢ় লৈ উঠিছিল। সন্মিলনীয়ে উঠি অহা ল'ৰা-ছোৱালীৰ বাবে প্ৰতিবছৰে আয়োজন কৰা 'সদৌ অসম সংগীত প্ৰতিযোগিতা'ত অসমৰ বহু শ প্ৰতিযোগীয়ে অংশ লৈছিল। ন-দহ বছৰ চলাৰ পাছত সাংগঠিক আৰু পুঁজিৰ সমস্যাত সন্মিলনী বন্ধ হৈ যায়। ডিব্ৰুগড়ৰ নাট্য জগতৰ লগত ৰাধাগোবিন্দ বৰুৱা ওতঃপ্ৰোতভাৱে জড়িত আছিল। নাট্য মন্দিৰৰ সংস্কাৰ সাধনত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান আছে।[21] আমোলাপট্টীৰ পুৰণি নাট্য মন্দিৰটোৰ অৱস্থা বেয়াৰ ফালে ঢাল খাওঁতে তাৰ সদস্য ৰাধাগোবিন্দ বৰুৱা, মহেন্দ্ৰনাথ ৰাজখোৱা, লক্ষ্মীকান্ত দত্ত আদিয়ে ১৯২৩ চনত আমোলাপট্টীৰ পূজা প্ৰাংগনত মঞ্চ, ৰভা সাজি তিনিদিন অভিনয়ৰ আয়োজন কৰিছিল। ১৯৩৮-৩৯ চনত ৰাধাগোবিন্দ বৰুৱা আৰু জীৱনৰাম ফুকন নাট্যমন্দিৰৰ যুটীয়া সম্পাদক নিৰ্বাচিত হয়। তেওঁলোকৰ লগতে ৰোহিনী কুমাৰ বৰুৱা আদিৰ দৰে লোকৰ প্ৰচেষ্টাত প্ৰথবাৰৰ বাবে ডিব্ৰুগড়ত সহ-অভিনয়ৰ পাতনি মেলা হয়।[22] তেৱেঁই ডিব্ৰুগড়ত নাটকৰ মাজত প্ৰথমবাৰৰ বাবে নৃত্য প্ৰদৰ্শন কৰাইছিল। ডিব্ৰুগড়ৰ মঞ্চত ৰাধাগোবিন্দ বৰুৱাই সফলতাৰে অভিনয় কৰা কেইটামান চৰিত্ৰ আছিল দুৰ্য্যোধন (শকুনিৰ প্ৰতিশোধ), কৰ্ণ (কৰ্ণাৰ্জ্জুন), আকবৰ (আনাৰকলি), চান্দ সদাগৰ (বেউলা), হলকান্ত (মনোমতী) আদি।[23] আনকি দুবাৰমান তেওঁ স্ত্ৰী-চৰিত্ৰ চিত্ৰাংগদাৰ ভাও ৰূপায়িত কৰিছিল। অসমীয়া চলচ্চিত্ৰ ‘মনোমতী' আৰু ‘পূবেৰুণ’তো তেওঁ অভিনয় কৰিছিল৷ ১৯৬২ চনত নটৰাজ থিয়েটাৰ আৰম্ভ হওঁতে প্ৰথম বছৰেই ৰাধাগোবিন্দ বৰুৱাই গুৱাহাটী টাউন ক্লাবৰ সাহায্যাৰ্থে তেওঁলোকক নিমন্ত্ৰণ কৰিছিল আৰু বাতৰি কাকতত "বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ" বুলি ডাঙৰ হৰফেৰে বিজ্ঞাপন দিছিল। তেতিয়াৰেপৰাই এই অনুষ্ঠান 'ভ্ৰাম্যমাণ থিয়েটাৰ' বুলি জনাজাত হয়।[15] ক্ৰীড়া ক্ষেত্ৰঅসমৰ ক্ৰীড়া জগতলৈ ৰাধাগোবিন্দ বৰুৱাৰ অৱদান অপৰিসীম। অসমৰ ডেকাসকল স্বাস্থ্যৰক্ষা আৰু ক্ৰীড়াত আগুৱাই যাবলৈ ১৯৩৭ চনত তেওঁ ডিব্ৰুগড়ত 'অসম অলিম্পিক'ৰ আয়োজন কৰিছিল। পাঁচ বছৰলৈ এই খেল পতা হৈছিল। ১৯৪৯ চনত ৰাধাগোবিন্দ বৰুৱা গুৱাহাটী টাউন ক্লাবৰ উপ-সভাপতি মনোনীত হ'ল। পাছৰ বছৰ তেওঁ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। নিজৰ টকা খৰছ কৰিও তেওঁ ক্লাবটোক পুনৰুজ্জীৱিত কৰি তোলে। কেইবাবাৰো গুৱাহাটীৰ লীগ খিতাপ আৰু অসমৰ অন্যান্য প্ৰতিযোগিতা জয় কৰি ক্লাবটোৱে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। টাউন ক্লাবৰ হৈ খেলা কেইবাজনো খেলুৱৈক বৰুৱাই আসাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ চাকৰিৰ সুবিধা কৰি দিছিল। ইয়াৰ পাছত ক্ৰমে তেওঁ গুৱাহাটী স্প'ৰ্ট্ছ এছ'চিয়েচন, অসম ক্ৰিকেট এছ'চিয়েচন, অসম ফুটবল এছ'চিয়েচন, লন টেনিছ এছ'চিয়েচন, বেডমিণ্টন এছ'চিয়েচনৰো সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৫০ চনত যোৰহাটত বন বিভাগৰ উচ্চ পদস্থ বিষয়া পি ডি ষ্ট্ৰেচীৰ উদ্যোগত এখন ষ্টেডিয়াম সজা হৈছিল। কিন্তু ই সৰু হোৱাৰ লগতে প্ৰয়োজনীয় সা-সুবিধাসমূহ নাছিল। ৰাধাগোবিন্দ বৰুৱাই উপলব্ধি কৰিলে যে অসমৰ খেলুৱৈসকলৰ বিকাশৰ বাবে এখন সকলো সুবিধাযুক্ত ষ্টেডিয়াম থকাটো অপৰিহাৰ্য। সেই অনুসৰি তেওঁ চৰকাৰক আৰ্জি কৰিলে আৰু ১৯৫৭ চনৰ মে' মাহত গুৱাহাটীত ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হ'ল। ইয়াৰ বাবে চৰকাৰে দিয়া পুঁজি যথেষ্ট নাছিল। গতিকে বৰুৱাই একক প্ৰচেষ্টাত মল্লবীৰ দাৰা সিঙক আনি গুৱাহাটীত তিনিবাৰকৈ মল্লযুঁজ প্ৰদৰ্শনী পাতে আৰু ষ্টেডিয়ামৰ বাবে এক লাখ দহ হাজাৰ টকাৰ পুঁজি গঠন কৰে। ষ্টেডিয়ামৰ বাবে পৌৰ নিগমৰ আৱৰ্জনা পেলোৱা ঠাই এখন নিৰ্বাচন কৰা হৈছিল। প্ৰত্যেক দিনা পুৱা তেওঁ উলুবাৰীলৈ গৈ নিৰ্মাণৰ কামৰ তত্বাৱধান কৰিছিল।[4] ১৯৬৩ চনৰ ১৬ জুলাইত 'নেহৰু ষ্টেডিয়াম' নামেৰে ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ইয়াৰ পাছত ষ্টেডিয়ামৰ আলহী ঘৰ আৰু ইন্ড'ৰ ষ্টেডিয়ামো নিৰ্মাণ কৰি উলিওৱা হ'ল। অতি কম সময়তে সাজি উলিওৱা ইনড'ৰ ষ্টেডিয়ামখনত ১৯৫৮ চনত ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১৯৫৮ চনত বৰুৱাৰ উদ্যোগত 'আচাম ফ্লায়িং ক্লাব' প্ৰতিষ্ঠা হয়। ইয়াৰ বাবে বৰঝাৰ বিমানকোঠ আৰু বিমানকোঠৰ হেঙ্গাৰ ব্যৱহাৰৰ অনুমতি পাইছিল। কেইখনমান পুষ্পক বিমান আৰু এখন টাইগাৰমথ বিমান ক্লাবৰ বাবে লাভ কৰিছিল। তেওঁ গুৱাহাটীত ৰাইফল শ্বুটিং ক্লাবো প্ৰতিষ্ঠা কৰিছিল। অন্যান্য অৱদানআচাম টী ব্ৰ'কাৰ্ছ এছ'চিয়েচনৰ সভাপতি পদত থাকোঁতে ৰাধাগোবিন্দ বৰুৱাৰ একক প্ৰচেষ্টাতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপিত হৈছিল।[24] ১৯৭০ চনৰ ২৫ ছেপ্তেম্বৰৰ দিনা অনুষ্ঠিত হোৱা এই চাহ নিলাম কেন্দ্ৰৰ সৰ্বপ্ৰথম ‘লট’টো ডাকত ক্ৰয় কৰি তেখেতে এই ব্যৱসায়ক নতুন ৰূপ দিছিল৷[15] তেওঁ ‘নেচনেল ছেভিংছ চেণ্ট্ৰেল এড্ভাইচাৰী ব'ৰ্ড’ৰ সদস্য' আৰু অসমৰ ‘স্মল ছেভিংছ এড্ভাইচাৰী ব'ৰ্ড'ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ বহু ঠাই ঘূৰি বিভিন্ন সমস্যাৰ বুজ লৈ তেওঁ সঞ্চয় আঁচনিৰ গুৰি ধৰিছিল আৰু এই কষ্টৰ ফলস্বৰূপে অসমে ভাৰতৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল[25]। অসমৰ টুৰিষ্ট এড্ভাইচাৰী ব'ৰ্ডৰ সদস্য হিচাপে তেওঁ অসমৰ প্ৰতি ভ্ৰমণকাৰীক আকৰ্ষণ কৰিবলৈ নানা দিহা-পৰামৰ্শ দিছিল। কাজিৰঙা, মানস আদি অভয়াৰণ্যৰ লগতে তেজপুৰ, শিৱসাগৰ, বৰপেটা, উমিয়াম, চেৰাপুঞ্জী আদি ঠাই ভ্ৰমণকাৰীৰ বাবে সুচল কৰি তুলিবলৈ তেওঁ পৰামৰ্শ আগবঢ়াইছিল আৰু কণ্ডাক্টেড ট্যুৰ হৈ নুঠাৰ বাবে আক্ষেপ কৰিছিল। ১৯৭৫ চনত গুৱাহাটীৰ প্ৰথমজন মেয়ৰ হিচাপে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰে। এয়া আছিল তেওঁৰ শেষ ৰাজহুৱা দায়িত্ব। অৱশ্যে সেই সময়ত তেওঁৰ স্বাস্থ্য পৰি আহিছিল। চিকিৎসকে তেওঁৰ এই কামত অংশ নল'বলৈ সতৰ্কবাণী দিছিল। ৰাজহুৱা কামত সততে লাগি থকা ৰাজনীতিৰ পৰাও তেওঁ নিজকে আঁতৰাই ৰাখিছিল। মেয়ৰ হৈয়েই তেওঁ পৌৰ নিগমৰ কৰ্মচাৰীসকলৰ দৰমহা নিয়মীয়া কৰিবলৈ ব্যৱস্থা লয়। মেয়ৰ হোৱাৰ আগতেই তেওঁ গুৱাহাটীৰ মাজমজিয়াৰ পৰা ৰেলপথটো অন্যফালেৰে নিয়া আৰু ষ্টেচনটো ফটাশিলৰ দিশে পতাৰ আঁচনি নক্সা আঁকি মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিক জনাইছিল। কিন্তু সেয়া হৈ নুঠিল। ব্যক্তিগত জীৱনৰাধাগোবিন্দ বৰুৱাৰ পদ্ম নামেৰে এগৰাকী বায়েক আছিল। ভায়েক কৃষ্ণগোবিন্দ বৰুৱা মাহীমাকৰ সন্তান। পত্নী লিলি বৰুৱা। ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ তিনিজন- তুলসী গোবিন্দ বৰুৱা, প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু প্ৰদীপ বৰুৱা । কন্যা চাৰিগৰাকী। মৃত্যুজীৱনৰ শেষৰফালে ৰাধাগোবিন্দ বৰুৱাই পুত্ৰকেইজনৰ হাতত প্ৰেছৰ দায়িত্ব অৰ্পণ কৰিছিল। ১৯৬২ চনতে স্মল ছেভিংছ চেণ্ট্ৰেল কমিটিৰ সভাৰ বাবে দিল্লীলৈ গৈ উভতি আহোঁতে কলিকতাত তেওঁৰ ষ্ট্ৰ'ক হৈ সোঁভৰিৰ পক্ষাঘাত হৈছিল। তাৰ চাৰি-পাঁচবছৰৰ পাছত তেওঁৰ এটা হাৰ্ট এটেক হয়। ১৯৭৩ চনত তেওঁৰ পুনৰ ষ্ট্ৰ'ক হৈ বাওঁহাতখন অচল হৈ পৰে।[26] ১৯৭৭ চনত তেওঁ খোজ কাঢ়ি ফুৰিব নোৱৰা হ'ল। ১৩ জুলাইৰ দিনা তেওঁ অচেতন হৈ পৰে। পিছদিনা কিছুসময়ৰ বাবে চকু মেলি পুনৰ অচেতন হয়। ১৯৭৭ চনৰ ১৫ জুলাইত গুৱাহাটীৰ চানমাৰীৰ নিজা বাসভৱনত ৰাধাগোবিন্দ বৰুৱাৰ মৃত্যু হয়। সন্মান আৰু ঐতিহ্যপ্ৰতি বছৰে ১৭ অক্টোবৰৰ দিনটোত অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাধাগোবিন্দ বৰুৱাৰ জন্মবাৰ্ষিকী উদ্যাপন কৰে। ২০০৫ চনৰ ১৭ অক্টোবৰত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাধাগোবিন্দ বৰুৱাৰ নামৰ দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া বঁটাৰ ঘোষণা কৰিছিল।[27] 'অসম ক্ৰীড়া সাংবাদিক সন্থা'ইও 'ৰাধাগোবিন্দ বৰুৱা শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটা' প্ৰদান কৰে। ২০২১ চনৰ বাবে এই বছৰ বঁটা লাভ কৰিছে লাভলীনা বৰগোহাঁইয়ে।[28] অসম সাহিত্য সভাই শশীচন্দ্ৰ বৰবৰুৱা ট্ৰাষ্টৰ সহযোগত দিয়া 'সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা' ২০১০ চনত মৰণোত্তৰভাৱে ৰাধাগোবিন্দ বৰুৱা আৰু আসাম ট্ৰিবিউন বাতৰি কাকত গোষ্ঠীক প্ৰদান কৰা হয়।[29] ১৯৭৮ চনত গুৱাহাটীৰ ফটাশিল, আমবাৰীত তেওঁৰ নামত 'ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়' স্থাপন কৰা হয়। গুৱাহাটীৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা গণেশগুৰি সংযোজী পথটো তেওঁৰ নামতে (RG Barua road) ৰখা হৈছে। নেহৰু ষ্টেডিয়ামৰ ক্ৰীড়াকেন্দ্ৰ তেওঁৰ নামতে 'RG Baruah Sports complex' নাম দিয়া হৈছে। তথ্য সংগ্ৰহ
গ্ৰন্থপঞ্জী
বাহ্যিক সংযোগ |