দ্য আছাম ট্ৰিবিউন
দ্য আছাম ট্ৰিবিউন (ইংৰাজী: The Assam Tribune) গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত এখন দৈনিক ইংৰাজী বাতৰি কাকত। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত দ্য আছাম ট্ৰিবিউন-য়েই হৈছে সৰ্বাধিক প্ৰচলিত দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে ৰাধাগোবিন্দ বৰুৱাই বাতৰি কাকতখনৰ জন্ম দিয়ে। কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।[2] প্ৰথম অৱস্থাত কেৱল গুৱাহাটীৰ পৰা প্ৰকাশিত দ্য আছাম ট্ৰিবিউন বৰ্তমান গুৱাহাটী আৰু ডিব্ৰুগড়, এই দুই ঠাইৰ পৰা একেসময়তে প্ৰকাশিত হয়। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এই কাকতখনকেই শ্ৰেষ্ঠতম বুলি বিবেচনা কৰা হয়। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ অঞ্চলত এই কাকতখনৰ বৃহৎসংখ্যক পঢ়ুৱৈ আছে।[3][4] দ্য আছাম ট্ৰিবিউনৰ বৰ্তমানৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱা। প্ৰফুল্ল গোবিন্দ বৰুৱা ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ। দ্য আছাম ট্ৰিবিউনৰ বৰ্তমানৰ কাৰ্যবাহী সম্পাদক পি জে বৰুৱা। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia