আনন্দৰাম বৰুৱা
আনন্দৰাম বৰুৱা (ইংৰাজী: Ananda Ram Baruah; ১৮৫০-১৮৮৯) সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত আছিল।[2] এৱেঁই প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া (আই. চি. এছ.),[3] প্ৰথম গ্ৰেজুৱেট[4] আৰু অধিবক্তা আছিল। তেখেতে সংস্কৃত ভাষাত ৰচনা কৰি থোৱা গ্ৰন্থকেইখন বিশ্বৰ পণ্ডিতমণ্ডলীৰ দ্বাৰা সমাদৃত। কৰ্মজীৱনত দেখুওৱা দক্ষতা আৰু সাধাৰণ মানুহৰ প্ৰতি তেখেতৰ দয়ালুতাৰ বাহিৰেও আনন্দৰাম বৰুৱা সংস্কৃতৰ বিদগ্ধ পণ্ডিত আছিল। তেখেত পাশ্চাত্য সংস্কৃতিৰদ্বাৰা প্ৰভাৱান্বিত আছিল যদিও, ভাৰতীয় ইতিহাসৰ প্ৰতিও শ্ৰদ্ধাশীল আছিল। সংস্কৃত ভাষাত তেখেতৰ কৰ্মৰাজী পাশ্চাত্য বস্তুনিষ্ঠতাৰে সংস্কৃত ভাষাৰ ওপৰত প্ৰথম আলোকপাত আছিল। তেখেতে অসমীয়া ভাষাত কোনো গ্ৰন্থ লিখা নাছিল।[5][6] জন্ম আৰু শিক্ষাআনন্দৰাম বৰুৱা জন্ম উত্তৰ গুৱাহাটীত হৈছিল। তেখেত মজিন্দাৰ বৰুৱাৰ পৰিয়ালৰ গৰ্গৰাম বৰুৱাৰ সন্তান আছিল। মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা আছিল তেওঁৰ ডাঙৰ দুজন ভাতৃৰ নাম হ'ল পৰশুৰাম আৰু জানকীৰাম বৰুৱা সদৰামিন ৰূপে কেইবছৰ কাৰ্যনিৰ্বাহ কৰা গৰ্গৰাম বৰুৱাৰ চাৰি গৰাকী সন্তানৰ তৃতীয়জন আনন্দৰাম বৰুৱা আছিল। আনন্দৰাম বৰুৱাই প্ৰথমে সংস্কৃত শিক্ষা গ্ৰহণ কৰে। তেখেত মেধাবী ছাত্ৰ আছিল। ১৪ বছৰ বয়সত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হয়, আৰু কলিকতাৰ 'প্ৰছিডেন্সী কলেজ'ত এফ. এ. (FA) পঢ়িবলৈ লয়। আনন্দৰাম বৰুৱাৰ বিষয়ে প্ৰছিডেন্সী কলেজৰ শিক্ষাগুৰু ছাৰ গুৰুদাস বেনাৰ্জীয়ে কৈছিল, “১৮৬৫ চনৰ প্ৰেছিডেন্সী কলেজত কেইবাগৰাকীও চোকা ছাত্ৰ আছিল, তাৰে ভিতৰত আনন্দৰাম বৰুৱা আছিল সবাতোকৈ মেধাবী।” ১৮৬৬ চনত তেওঁ এফ.এ. পৰীক্ষাত প্ৰথম বিভাগৰ ষষ্ঠ স্থান অধিকাৰ কৰে, আৰু গণিত বিভাগত 'ডাফ' বৃত্তি (Duff Scholarship) লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ বি. এ. পৰীক্ষাত তেখেতে তৃতীয় স্থান লাভ কৰে। ইয়াৰ পাছত তেখেতে উচ্চ শিক্ষাৰ বাবে বৃত্তি লৈ ইংলেণ্ডলৈ যায়। ১৮৬৯ চনত আনন্দৰাম বৰুৱাই ইংলেণ্ডত ভৰি দিয়ে। তেওঁ লণ্ডন বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু 'মধ্য টেম্পল'ত (Middle Temple) আইনৰ শিক্ষা গ্ৰহণ কৰে[7]। একলগে তেওঁ প্ৰশাসনীয় সেৱাৰ সহায়িকা বিষয়তো যোগদান কৰে। ১৮৭০ চনত তেওঁ 'ভাৰতীয় প্ৰশাসনীয় সেৱা'ৰ (I.C.S. Examination) পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮৭১ চনত তেখেতে আইনৰ পৰীক্ষাতো উত্তীৰ্ণ হয়; একেটা বছৰতে তেখেতে বি. এছ.চি ডিগ্ৰীও লাভ কৰে। আনন্দৰাম বৰুৱা অসমৰ প্ৰথম গ্ৰেজুৱেট, অধিবক্তা আৰু প্ৰশাসনীয় বিষয়া। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ তেখেতে পঞ্চম গৰাকী বিষয়া। কৰ্ম-জীৱন১৮৭২ চনত আনন্দৰাম বৰুৱা ভাৰতলৈ উভতি আহে, আৰু শিৱসাগৰ জিলাৰ সহকাৰী কমিছনাৰ পদত যোগদান কৰে। এবছৰ অসমত কাম কৰাৰ পাছত তেখেতক বংগলৈ বদলি কৰা হয় আৰু চাকৰি জীৱনৰ বাকি কালচোৱা তেখেতে তাতেই কটায়। শিৱসাগৰত কাৰ্যৰত অৱস্থাত তেখেতে চাপকন (Chaugachapkan) পৰিধান কৰিছিল। চাকৰি কালতো আনন্দৰাম বৰুৱাই পঢ়া-শুনা এৰা নাছিল। তেখেতে হেনো হাকিমৰ কামৰ ফাঁকে ফাঁকে কাৰ্যালয়তো কিতাপ পঢ়িছিল। চৰকাৰী চাকৰিৰ লগতে তেখেতে পঢ়া-শুনাৰ কামো চলাই ৰাখিছিল। ১৮৮১ চনত তেখেতে সংস্কৃত ভাষাৰ এখন বৃহৎ ব্যাকৰণ ৰচনাৰ পৰিকল্পনা লয়। প্ৰতিটো খণ্ডত এহেজাৰ পৃষ্ঠা সম্বলিত ১২-টা খণ্ডৰ এই ব্যাকৰণৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ তেখেতে লণ্ডনলৈ যায়। ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বিভিন্ন কিতাপ-পত্ৰ আৰু সাঁচিপাতৰ অধ্যয়ন কৰি পুঠিখনৰ বাবে সমল গোটাই দুটা বছৰৰ পাছত ১৮৮৩ চনৰ অক্টোবৰ মাহত তেখেত ভাৰতলৈ উভতি আহে। ১৮৮৫ চনত আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ ফেলো (Fellow of Calcutta University) নিৰ্বাচিত হয়, আৰু কলা শাখাত সংশ্লিষ্ট (Faculty of Arts) হৈ থাকে। ১৮৮৭ চনত তেখেতক দ্বিতীয়বাৰৰ বাবে বংগৰ নোৱাখালি জিলালৈ বদলি কৰা হয়। আনন্দৰাম বৰুৱা অতি দয়ালু অন্তৰৰ মানুহ আছিল বুলি জনা যায়। তেখেতে হেনো মফছললৈ যাওঁতে, লগত গাড়ী এখনত কিছু খোৱা বস্তু লৈ গৈছিল। সেই সময়ত বংগৰ অতি দুখীয়া কৃষকৰ মাজত তেখেতে সেইবোৰ বিতৰণ কৰিছিল। তেখেতৰ নামতো বংগৰ কেবাঠাইতো স্কুল-কলেজ আৰু পুখুৰী আদিৰ নাম ৰখা হৈছিল। কৰ্মক্ষেত্ৰত দেখুওৱা কুশলতাৰ বাবে তেখেতে চৰকাৰৰো আস্থাভাজন হ'বলৈ সক্ষম হৈছিল। সাহিত্য কৃতি১৮৭৭-১৮৮০ চনৰ ভিতৰত আনন্দৰাম বৰুৱাই তিনিটা খণ্ডত 'English-Sanskrit Dictionary' প্ৰণয়ন কৰে। প্ৰথম খণ্ড প্ৰকাশ হয় ১৮৭৭ চনত তেওঁ বৰ্ধমানত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত। দ্বিতীয় খণ্ড 'Higher Sanskrit Grammar' প্ৰকাশ হয় ১৮৭৮ চনত গোৱালপাৰাত কৰ্মৰত সময়্ত। আনহাতে তৃতীয় খণ্ড 'Ancient Geography of India' প্ৰকাশ পায় ১৮৮০ চনত। ১৮৮৭ চনত তেওঁৰ আন এখন মূল্যবান গ্ৰন্থ 'Companion to Sanskrit-reading undergraduates of the Calcutta University' প্ৰকাশ হয়। সেই বছৰতে 'মহাবীৰ চৰিতম্' প্ৰকাশ হয়। ইয়াৰোপৰি 'সৰস্বতী কথাভৰণম্', 'নামলিংগানুশসন', 'Compilations of a comprehensive dictionary of all Dialects of Bengal' আদি গ্ৰন্থ ৰচনা কৰে।[8] মৃত্যু১৮৮৮ চনত আনন্দৰাম বৰুৱা অসুস্থ হৈ পৰে আৰু একাংগী ৰোগত ভুগিবলগীয়া হয়। তেওঁ তিনিমাহৰ ছুটী লৈ কলিকতালৈ আহে আৰু চিকিৎসা কৰোৱায়। কিন্তু সেই চিকিৎসাই ফল নধৰিলে। ১৮৮৯ চনৰ জানুৱাৰী মাহৰ ১৯ তাৰিখে তেখেতৰ মৃত্যু হয়। সন্মান
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia