কে সচিদানন্দন
কে সচিদানন্দন (ইংৰাজী: K sachidanandan; জন্ম : ২৮ মে', ১৯৪৬) এগৰাকী ভাৰতীয় কবি[1] আৰু সমালোচক, যি মালয়ালম আৰু ইংৰাজী ভাষাত সাহিত্যকৃতি ৰচনা কৰে। তেওঁ এগৰাকী নাট্যকাৰ, স্তম্ভলেখক, সম্পাদক আৰু অনুবাদক।[2] সচিদানন্দনক আধুনিক মালয়ালম কবিতাৰ অগ্ৰদূত বুলি কোৱা হয়। তেওঁ সাহিত্য অকাডেমিৰ মুখপত্ৰ 'ইণ্ডিয়ান লিটাৰেচাৰ'ৰ প্ৰাক্তন সম্পাদক আছিল আৰু পাছলৈ সাহিত্য অকাডেমিৰ মুখ্য কাৰ্যবাহীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[3] তেওঁ আছিল পৰিৱেশ, মানৱ অধিকাৰ আৰু জাতি-ভেদ প্ৰথাৰ সামাজিক অধিবক্তা, সমকালীন ভাৰতীয় সাহিত্যৰ বক্তা আৰু কেৰেলা সাহিত্য মহোৎসৱৰ মহোৎসৱ সঞ্চালক। [4][5] জীৱন পৰিক্ৰমা১৯৪৬ চনত, কেৰালাৰ ত্ৰিচুৰ জিলাৰ পুল্লোত (Pulloot) সচিদানন্দনৰ জন্ম হৈছিল।[6] গাঁৱৰ স্কুলতে স্কুলীয়া শিক্ষা সাং কৰি তেওঁ Irinjalakudaৰ খ্ৰাইষ্ট কলেজত জীৱবিজ্ঞান পঢ়ে আৰু আৰ্ণাকুলমৰ মহাৰাজা কলেজৰপৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ কালিকুট বিশ্ববিদ্যালয়ৰপৰা পষ্ট ষ্ট্ৰাক্চাৰেলিষ্ট প'য়েটিকচ্ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ১৯৬৮ চনত তেওঁ কে কে টি এম চৰকাৰী কলেজত ইংৰাজীৰ প্ৰবক্তা ৰূপে যোগদান কৰে আৰু ১৯৭০ চনত ইংৰাজীৰ অধ্যাপক ৰূপে খ্ৰাইষ্ট কলেজত কাম কৰে। ১৯৯২ চনত তেওঁ দিল্লীৰ 'ইণ্ডিয়ান নেচনেল একাদেমী'ৰ জাৰ্নেল 'ইণ্ডিয়ান লিটাৰেচাৰ'ৰ সম্পাদকৰ পদ গ্ৰহণৰ বাবে চাকৰিৰপৰা স্বেচ্ছাই অৱসৰ লয়। ১৯৯৬ চনত তেওঁ একাদেমীৰ সম্পাদক, মুখ্য কাৰ্যবাহী বিষয়া ৰূপে মনোনয়ন লাভ কৰে আৰু এই পদৰপৰা ২০০৬ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। তেওঁ ভাৰত চৰকাৰৰ উচ্চ শিক্ষা বিভাগ আৰু ৰাষ্ট্ৰীয় অনুবাদ মিচনৰ পৰামৰ্শদাতা ৰূপে কাম কৰিছিল। তেওঁ ইগন'( ইন্দিৰা গান্ধী নেচনেল অ'পেন ইউনিভাৰচিটি), দিল্লীৰ অধীনৰ 'স্কুল অৱ ট্ৰেন্সলেচন ষ্টাডিজ'[7] আৰু ট্ৰেইনিঙৰ সঞ্চালক আছিল।[8] তেওঁ 'দ্য কথা লাইব্ৰেৰী অৱ ইণ্ডিয়ান লিটাৰেচাৰ' আৰু দক্ষিণ এছীয় সাহিত্য পত্ৰিকা 'দ্য লাইব্ৰেৰী অৱ চাউথ এছিয়ান লিটাৰেচাৰ' সম্পাদনা কৰিছিল। ১৯৭০ চনত, কুৰুক্ষেত্ৰম নামৰ এটি ৰচনা সংকলন আৰু ১৯৭১ চনত অংচুসূৰয়ান নামৰ এটি কাব্য সংকলনেৰে সচিদানন্দনৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল। তেতিয়াৰেপৰা তেওঁৰ কবিতা, সমালোচনা, ভ্ৰমণ বৃত্তান্ত, কবিতা আৰু নাটকৰ অনুবাদকে ধৰি যথেষ্ট সংখ্যক কিতাপ প্ৰকাশ হৈছে আৰু জ্বালা, উত্তৰম, পচক্কুটিৰা আদি কেইবাখনো আলোচনী তেওঁ সম্পাদনা কৰিছে। ইয়াৰ উপৰিও মালয়ালম, ইংৰাজী আৰু হিন্দী ভাষাত তেওঁ কবিতা আৰু প্ৰৱন্ধৰ বহুতো সংকলন সম্পাদনা কৰিছে। সচিদানন্দনে বাল্মিকী বিশ্ব কবি সন্মিলন (দিল্লী, ১৯৮৫), বাৰ্লিন সাহিত্য সন্মিলন (২০০৫), ফ্ৰেংকফাৰ্ট বুক ফেয়াৰ (২০০৫,২০০৬), পেৰিছ বুক ফেয়াৰ (২০০৭), লণ্ডন বুক ফেয়াৰ (২০০৯), জয়পুৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলন (২০০৮), ইণ্ডো-আৰৱ সাহিত্য সন্মিলন, আবু-ধাবি (২০১৩), ব্লু মেট্ৰ'পলিচ্ লিটাৰেৰী ফেষ্টিভেল, মন্ট্ৰীল (২০১১), হে ফেষ্টিভেল, ত্ৰিবান্দ্ৰম (২০১১), মেডেলিন পয়েট্ৰি ফেষ্টিভেল (২০১৩), ফেষ্টিভেল অৱ ইণ্ডিয়া ইন লেটিন আমেৰিকা (২০১৩) আৰু শ্বাৰজাহ বুক ফেয়াৰ (২০১৩) আদি অলেখ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেওঁ ভাৰতৰ সকলো প্ৰধান নগৰৰৰ উপৰিও লাহোৰ, মানচেষ্টাৰ, ডুবাই, ডামাচকাছ, এলেপ', ব'ন, ৰোম, মাদ্ৰিদ, আভিলা আৰু চেগ'ভিয়ালৈ কবিতা পঢ়িবলৈ আৰু বক্তৃতা প্ৰদান কৰিবলৈ গৈছে। ১৮টা ভাষাত প্ৰায় ৩২খন কিতাপ থকা, ভাৰতৰ আটাইতকৈ বেছি সংকলিত আৰু অনুবাদিত আধুনিক কবিসকলৰ ভিতৰত সচিদানন্দনো এজন। ২০০৫ চনত পোলেণ্ড চৰকাৰে সচিদানন্দনক 'ভাৰত-পোলেণ্ড মৈত্ৰী পদক' প্ৰদান কৰে। ২০০৬ চনত তেওঁ লাভ কৰে ইটালিয়ান ৰিপাব্লিকৰ অ'ৰ্ডাৰ অৱ মেৰিট।[9] ২০১১ চনত সাম্ভাব্য নোবেল বঁটাৰ লেডব্ৰুক তালিকাত তেওঁৰ নাম আছিল।[3][10][11] ২০০৭ চনত সচিদানন্দনৰ ওপৰত নিৰ্মিত 'চামাৰ ৰেইন' নামৰ চলচ্চিত্ৰখন মুক্তি পায়। [12] সচিদানন্দন ছিমলাৰ 'ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ'ৰ জাতীয় সহযোগী। তেওঁ 'গুফ্টগু' আৰু 'ওৱান অ'ভাৰ দ্য এইটথ' নামৰ দুখন অনলাইন পত্ৰিকাৰ সহকাৰী সম্পদক। 'ডেন্স অৱ পিক'ক' আৰু 'এন্থ'লজি অৱ কন্টেম্প'ৰেৰি ইণ্ডিয়ান পয়েট্ৰি'[13] আদি প্ৰতিষ্ঠিত কাব্য সংকলনত সচিদানন্দনৰ কবিতা প্ৰকাশ হৈছে। [14][15] ১৯৯৬ চনৰ ২০০৬ চনলৈ তেওঁ সাহিত্য অকাডেমিৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। অকাডেমিৰপৰা অৱসৰ গ্ৰহণৰ পাছত তেওঁ পুনৰ শিক্ষকতালৈ ঘূৰি আহে আৰু ২০১১ চনলৈকে ইগন'ৰ সঞ্চালক আৰু অধ্যাপক ৰূপে কাম কৰে।[16] সচিদানন্দন বিবাহিত আৰু তেওঁ দুগৰাকী কন্যা সন্তানৰ পিতৃ। বঁটা আৰু সম্মানঅন্যান্য উল্লেখনীয় বঁটাৰ লগতে সচিদানন্দনে গদ্য, কবিতা, নাটক আৰু ভ্ৰমণ কাহিনীৰ বাবে ক্ৰমে ১৯৮৪, ১৯৮৯, ১৯৯৯, ২০০০ চনত কেৰালা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ২০১০ চনত তেওঁ কেৰালা সাহিত্য অকাডেমি ফেলোশ্বিপ আৰু ২০১২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় ভাষা পৰিষদ বঁটা, বাপুৰেড্ডী ৰাষ্ট্ৰীয় বঁটা, সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে লণ্ডনৰ কলা বঁটাকে আদি কৰি প্ৰায় ৫১টি বঁটা লাভ কৰিছে। সচিদানন্দনে দিল্লীৰ হিন্দী সাহিত্য সন্মিলনৰ সাহিত্যশ্ৰী সম্মান, ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ চিনিয়ৰ ফেলোশ্বিপ, মধ্য প্ৰদেশ চৰকাৰৰ শ্ৰীকান্ত বাৰ্মা ফেলোশ্বিপ আৰু কে কে বিৰলা তুলনাত্মক সাহিত্য ফেলোশ্বিপো লাভ কৰিছে। তেওঁৰ কবিতা আৰু সমালোচনাৰ কেইবাখনো কিতাপ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত হৈছে। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia