আলি চৰ্দাৰ জাফ্ৰি
আলি চৰ্দাৰ জাফ্ৰি (ইংৰাজী: Ali Sardar Jafri; জন্ম:২৯ নৱেম্বৰ, ১৯১৩ – ১ আগষ্ট, ২০০০[1]) এগৰাকী উৰ্দু ভাষাৰ ভাৰতীয় লেখক। লগতে তেওঁ এগৰাকী কবি, সমালোচক আৰু চলচ্চিত্ৰীয় গীতিকাৰ ৰূপেও পৰিচিত। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাউত্তৰ প্ৰদেশৰ বলমপুৰত, ১৯১৩ চনৰ ২৯ নৱেম্বৰ তাৰিখে আলিৰ জন্ম হৈছিল আৰু জীৱনৰ প্ৰথমৰ সময়ছোৱা তেওঁ ইয়াতে পাৰ কৰিছিল।[2] তেওঁৰ প্ৰথম অনুপ্ৰেৰণা আছিল মীৰ আনিছ আৰু জৌছ মলিহাবাদী। ১৯৩৩ চনত তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয় (এএমইউ)ত ভৰ্তি হৈছিল যদিও অতি সোনকালে কমিউনিষ্ট আদৰ্শৰ অনুগামী হৈ ১৯৩৬ চনত ৰাজনৈতিক কাৰণত বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কৃত হয়। পিছত, ১৯৩৮ চনত তেওঁ জাকিৰ হুছেইন মহাবিদ্যালয়, দিল্লীৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। কিন্তু ১৯৪০-৪১ চনত যুদ্ধ বিৰোধী কবিতা লিখা, আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা আয়োজিত ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ পিছত লক্ষ্ণৌ বিশ্ববিদ্যালয়ত তেওঁৰ পৰৱৰ্তী স্নাতকোত্তৰ অধ্যয়ন অকালতে সমাপ্ত হয়।[3] ব্যক্তিগত জীৱন১৯৪৮ চনত তেওঁ বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ পত্নীৰ নাম আছিল চুলতানা। তেওঁলোক দুটি সন্তানৰ পিতৃ-মাতৃ। সাহিত্যিক জীৱন১৯৩৮ চনত মঞ্জিল শীৰ্ষক প্ৰথমটি চুটি গল্প সংকলন প্ৰকাশেৰে সৈতে জাফ্ৰিৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল।[4] তেওঁৰ প্ৰথম কবিতা সংকলন পাৰভেজ (ফ্লাইট) প্ৰকাশ হয়, ১৯৪৪ চনত। ১৯৩৬ চনত, তেওঁ লক্ষ্ণৌত প্ৰগতিশীল লেখক আন্দোলনৰ প্ৰথম সন্মিলনৰ সভাপতি আছিল। জীৱনৰ বাকী সময়ছোৱাত তেওঁ তেওঁলোকৰ পৰৱৰ্তী সভাসমূহতো সভাপতিত্ব কৰিছিল।[5] ১৯৩৯ চনত তেওঁ প্ৰগতিশীল লেখক আন্দোলনৰ প্ৰতি সমৰ্পিত সাহিত্য আলোচনী নয়া আদাবৰ সহ-সম্পাদক হয়। ১৯৪৯ চনলৈকে এই আলোচনীখন প্ৰকাশ হৈ আছিল।[3] তেওঁ কেইবাটাও সামাজিক, ৰাজনৈতিক আৰু সাহিত্য আন্দোলনৰ সৈতে জড়িত আছিল। ১৯৪৯ চনৰ ২০ জানুৱাৰীত বোম্বাই ৰাজ্যৰ মুখ্যমন্ত্ৰী মোৰাৰজী দেশাইৰ সতৰ্কবাণী স্বত্বেও প্ৰগতিশীল উৰ্দু লেখক সন্মিলন আয়োজন কৰাৰ বাবে তেওঁক ভিৱান্দিত গ্ৰেপ্তাৰ কৰা হয়; তিনি মাহৰ পিছত, তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। গীতিকাৰ হিচাপে তেওঁৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ভিতৰত আছে ধৰতি কে লাল (১৯৪৬) আৰু পৰদেশী (১৯৫৭)। ১৯৪৮ চনৰ পৰা ১৯৭৮ চনৰ ভিতৰত তেওঁৰ আঠটা কবিতা সংকলন প্ৰকাশ হৈছিল, ইয়াৰ ভিতৰত আছে নেই দুনিয়া কৌ ছালাম (১৯৪৮), খুন কী লকীৰ, অমন কা চিতাৰা, এছিয়া জাগ উঠা (১৯৫১), পত্থৰ কী দীৱাৰ (১৯৫৩), এক খোৱাব ঔৰ, পেয়াৰাহান-ই-শাৰাৰ (১৯৬৫) আৰু লহু পুকাৰতা হ্যে (১৯৬৫)। ইয়াৰ পিছত তেওঁ অৱধ কী খাক-ই-হচীন, সুৱে ফৰ্দা, মেৰা চফৰ লিখিছিল। তেওঁৰ অন্তিম সংকলনখন আছিল চৰহদ (সীমান্ত); এই কিতাপখন ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ১৯৯৯ চনত লাহোৰলৈ কৰা তেওঁৰ বাছ যাত্ৰাৰ সময়ত তেওঁৰ সৈতে লৈ গৈছিল। প্ৰধানমন্ত্ৰীয়ে জাফ্ৰিকো এই ভ্ৰমণত তেওঁৰ সংগী হবলৈ আমন্ত্ৰণ জনাইছিল; কিন্তু বেয়া স্বাস্থ্যই তেওঁক এই যাত্ৰাত অংশ লোৱাত বাধা প্ৰদান কৰিছিল। চৰহদ স্কোয়াড্ৰন লিডাৰ অনিল চেহগলৰ দ্বাৰা প্ৰযোজিত আৰু বুলবুল-এ-কাশ্মীৰ সীমা অনিল চেহগলৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত তথা ইণ্ডো-পাকিস্তান সৌন্দৰ্যৰ প্ৰতি সমৰ্পিত এটা অডিঅ’ এলবামো। ১৯৯৯ চনৰ ২০-২১ ফেব্ৰুৱাৰীত ঐতিহাসিক লাহোৰ সন্মিলনৰ সময়ত পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক ৰাষ্ট্ৰীয় উপহাৰ হিচাপে চৰহদ উপহাৰ স্বৰূপে প্ৰদান কৰি অটল বিহাৰী বাজপেয়ীয়ে ইতিহাস সৃষ্টি কৰিছিল। এইটো জাফ্ৰিৰ জীৱনৰ এটা মাইলৰ খুঁটি আছিল। তেওঁ ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ’চিয়েশ্যনৰ বাবে দুখন নাটক লিখিছিল, এখন তথ্যচিত্ৰ কবীৰ, ইকবাল এণ্ড ফ্ৰীডম আৰু দুখন দূৰদৰ্শন ধাৰাবাহিক নিৰ্মাণ কৰিছিল। ইয়াৰে প্ৰথমখন আছিল; দ্য ৰানৱে চাকচেছ, এই ধাৰাবাহিকখন বিংশ শতিকাৰ ছয়জন উৰ্দু কবিৰ জীৱন আৰু কামৰ ওপৰত আধাৰিত আছিল। ইয়াত জাফ্ৰিয়ে ব্যক্তিগতভাৱে জনা বিংশ শতিকাৰ ছয়জন উৰ্দু কবি ফিৰাক গোৰখপুৰী, জৌছ মলিহাবাদী, মাজাজ, হচৰত মোহানী, মখদুম মহিউদ্দিন আৰু জিগৰ মোৰাদাবাদীৰ কৰ্ম জীৱনৰ ওপৰত আলোকপাত কৰা হৈছিল। আনখন ধাৰাবাহিক মেহফিল-এ-য়াৰাঁত তেওঁ বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ সাক্ষাৎকাৰ লৈছিল। ২০ চনৰ ১ আগষ্টত মুম্বাইত জাফ্ৰিৰ মৃত্যু হয়। তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে ২০০১ চনত স্কোয়াড্ৰন লিডাৰ অনিল চেহগলৰ দ্বাৰা সম্পাদিত আলী চৰ্দাৰ জাফ্ৰি: দ্য য়ুথফুল ব’টমেন অৱ জয় শীৰ্ষক কিতাপখন প্ৰকাশ কৰা হয়।[6] বঁটা আৰু সন্মানফিৰাক গোৰখপুৰী (১৯৬৯) আৰু কুৰটোলেইন হাইদৰ (১৯৮৯)ৰ পিছতে, ১৯৯৭ চনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা জাফ্ৰি (১৯৯৮) তৃতীয়গৰাকী উৰ্দু কবি। ভাৰতীয় জ্ঞানপীঠে কয়;
তেওঁ ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা (১৯৬৭), জৱাহৰলাল নেহৰু ফেলোশ্বিপ (১৯৭১)[8], ইকবাল অধ্যয়নৰ বাবে পাকিস্তান চৰকাৰৰ সোণৰ পদক (১৯৭৮), কবিতাৰ বাবে উত্তৰ প্ৰদেশ উৰ্দু একাডেমী বঁটা, মখদুম বঁটা, ফৈজ আহমদ ফৈজ বঁটা, মধ্য প্ৰদেশ চৰকাৰৰপৰা ইকবাল সন্মান আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ দ্যানেশ্বৰ বঁটাকে ধৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা আৰু সন্মান লাভ কৰিছিল। বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ পঞ্চাশ বছৰ পিছত ১৯৮৬ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ে (এএমইউ) তেওঁক ডক্টৰেট (ডি.লিট.) প্ৰদান কৰিছিল।[3] তেওঁৰ পূৰ্বসূৰী ড° আলমা ইকবাল, সৰোজিনী নাইডু আৰু হজৰত জিগৰ মোৰাদাবাদীৰ পিছত এই সন্মান লাভ কৰা তেওঁ চতুৰ্থগৰাকী ব্যক্তি আছিল। তেওঁৰ ৰচনাসমূহ বহুতো ভাৰতীয় আৰু বিদেশী ভাষালৈ অনুবাদ কৰা হৈছে।[9] তথ্যসূত্ৰ
|