গুণাভিৰাম বৰুৱা
গুণাভিৰাম বৰুৱা (১৮৩৪-১৮৯৪) এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক।[2] তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়[3]। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেওঁৰ "ৰাম নৱমী" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়[4]। শিক্ষা আৰু কৰ্ম জীৱন১৮৩৭ চনত, যোৰহাটত গুণাভিৰাম বৰুৱাৰ জন্ম হয়। দেউতাক ৰণৰাম বৰুৱা।[5]সৰুতে পিতৃ বিয়োগ হোৱাত আনন্দৰাম ঢেকিয়াল ফুকনৰ তত্বাৱধানতাত কলিকতাৰ প্ৰেচিডেন্সি কলেজত দ্বিতীয় বাৰ্ষিকলৈ পঢ়ি আইনৰ পাঠ্যক্ৰমত নাম লিখায়।[6] গুণাভিৰাম বৰুৱা, কালিৰাম বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকন মূলতঃ একেটা পৰিয়ালৰ মানুহ। ১৮৮০ চনত গুণাভিৰাম বৰুৱাই আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত লিখি প্ৰকাশ কৰে।[5] কলিকতাৰ পৰা আহি বৰুৱাই ব্ৰিটিছ চৰকাৰৰ অধীনত অতিৰিক্ত সহকাৰী উপায়ুক্তৰ চাকৰিত যোগদান কৰে। ১৮৫৯ চনত চাকৰিত যোগদান কৰা গুণাভিৰামে এবছৰৰ পিছতেই একষ্ট্ৰা-এছিষ্টেণ্ট কমিছনাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। ত্ৰিশ বছৰ চাকৰি কৰাৰ পাছত ১৮৯০ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ কলিকতাত নিগাজীকৈ থাকিবলৈ লয়। ১৮৯৪ চনত কলিকতাতে তেওঁৰ মৃত্যু হয়। [5] কলিকতাত থাকোঁতেই তেওঁ সমাজ সংস্কাৰক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সান্নিধ্যলৈ আহে আৰু ব্ৰাহ্ম সমাজৰ দ্বাৰা অনুপ্ৰাণিত হয়[6]। ব্ৰাহ্মণ হোৱা সত্ত্বেও হিন্দু ধৰ্মৰ গোড়ামি দেখি তেওঁ ব্ৰাহ্মধৰ্ম গ্ৰহণ কৰি[5] সমাজ সংস্কাৰমূলক কাম-কাজত আগভাগ লৈছিল। প্ৰথমা পত্নী ব্ৰজসুন্দৰী[5]ৰ মৃত্যুৰ পিছত গুণাভিৰাম বৰুৱাই এগৰাকী ব্ৰাহ্মণ বিধবা বিষ্ণুপ্ৰিয়াক বিয়া কৰায়[7]। নাৰী শিক্ষাৰ ক্ষেত্ৰতো গুণাভিৰাম বৰুৱাই বৰঙণি আগবঢ়াইছিল আৰু নগাঁৱত চাকৰি কৰি থাকোঁতে নিজৰ জীয়েক স্বৰ্ণলতা দেৱীক কলিকতালৈ শিক্ষা গ্ৰহণৰ বাবে পঠাইছিল। সাহিত্যিক জীৱনঅসমীয়া আলোচনী "অৰুণোদয়"ৰ পাতত গুণাভিৰাম বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলে[3]। তাত তেওঁ নাৰী শিক্ষা আৰু বিবাহ সংস্কাৰৰ ওপৰত কিছু প্ৰবন্ধ লিখিছিল। ১৮৫৭ চনত তেওঁৰ প্ৰথম নাটক "ৰাম-নৱমী"ৰ পৰাই আধুনিক অসমীয়া নাট্য সাহিত্যৰ ধাৰা আৰম্ভ হয়। "ৰামচন্দ্ৰ" আৰু "নৱমী" নামৰ দুটা মুখ্য চৰিত্ৰ লৈ লিখা এই নাটৰ মূল বিষয়বস্তু আছিল বিধবা বিবাহ[4]। বিবাহ সংস্কাৰৰ সপক্ষে চলা আন্দোলনক ই যথেষ্ট ইন্ধন যোগায় আৰু ১৮৫৬ চনত ব্ৰিটিছ চৰকাৰে বিধবা বিবাহৰ সপক্ষে আইনী ৰায় দিয়ে[3]। ১৮৮৬ চনত লিখা তেওঁৰ আন এখন সামাজিক নাটক আছিল "বিবাহ ৰহস্য" য'ত কানি-আসক্ত অসমীয়া মানুহৰ চৰিত্ৰ বৰ্ণনা কৰা হৈছিল। কিন্তু এইখন নাট সম্পূৰ্ণ নহ'ল। ১৮৮৫-৮৬ চনত গুণাভিৰাম বৰুৱাই "আসাম বন্ধু" নামৰ এখন আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰে। ইয়াতো তেওঁৰ আৰু আন প্ৰবন্ধকাৰৰ বহু ৰচনা প্ৰকাশ পাইছিল[7]। তেওঁ প্ৰথম অসমীয়া জীৱনী "আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ" ১৮৮০ চনত লিখি উলিয়ায়[7]। তেখেতৰ আন এক গুৰুত্বপূৰ্ণ অৱদান আছিল ১৮৮৪ চনত লিখা আসাম বুৰঞ্জী য'ত প্ৰাচীন কালৰ পৰা অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণিলৈকে ঘটনাৱলী বৰ্ণনা কৰা হৈছে[3]। মৃত্যুৰ পিছত ১৯১২ চনত প্ৰকাশ পোৱা "কঠিন শব্দৰ ৰহস্য ব্যাখ্যা" এখন হাস্যৰসাত্মক পুথি[7]। তদুপৰি তেওঁ "জোনাকী" আলোচনীত "সৌমাৰ ভ্ৰমণ", "অলিখিত বুৰঞ্জী" আদি প্ৰবন্ধ সহজ-সৰল ভাষাৰে লিখি গৈছে[7]। গুৰুদত্ত ছদ্মনাম লৈ তেওঁ বিজুলী কাকতত কেইবাটাও সৰল কবিতা লিখিছিল। গুণাভিৰাম বৰুৱাৰ পত্নী আৰু সন্তানো তেওঁৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। জী স্বৰ্ণলতাই "ল'ৰাৰ বন্ধু" আলোচনীলৈ বৰঙনি আগবঢ়াইছিল। ১৮৮৪ চনত তেওঁৰ পত্নী বিষ্ণুপ্ৰিয়াই "নীতি কথা" নামৰ এখন নৈতিক সাধু কথাৰ পুথি লিখে[6]। পুত্ৰ কৰুণাভিৰাম বৰুৱাই ১৮৮৮ চনত প্ৰথম অসমীয়া শিশু আলোচনী "ল'ৰাৰ বন্ধু" আলোচনী সম্পাদনা কৰিছিল আৰু জ্ঞানদাভিৰাম বৰুৱা পিছলৈ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল[6][8]। মৃত্যু১৮৯৪ চন ২৫ মাৰ্চত গুণাভিৰাম বৰুৱাৰ মৃত্যু ঘটে।[9] তথ্য সংগ্ৰহ
|