আনন্দৰাম ঢেকিয়াল ফুকন
আনন্দৰাম ঢেকিয়াল ফুকন ২২ ছেপ্টেম্বৰ, ১৮২৯ - ১৬ জুন, ১৮৫৯)[1] আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক। গুৱাহাটীত হলিৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালত তেখেতৰ জন্ম হৈছিল।[2] গুৱাহাটীতে শিক্ষাৰম্ভ কৰা আনন্দৰামে কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও সেয়া সম্পূৰ্ণ নহ'ল। মাত্ৰ ২৯ বছৰীয়া জীৱন কালত তেখেতে "অসমীয়া ল'ৰাৰ মিত্ৰ", "বালকোপদেশ", "ভূগোল বৃত্তান্ত" শীৰ্ষক তিনিখন গ্ৰন্থ ৰচনা কৰিছিল। এখেতৰ আপ্ৰাণ চেষ্টাৰ ফলতেই সেই সময়ত চলি থকা বঙালী ভাষাৰ ঠাইত পুনঃ অসমীয়া ভাষা অসমত প্ৰৱৰ্তন কৰা হয়।[3] অৱশ্যে তেখেতৰ জন্মৰ তাৰিখটোক লৈ মতভেদ আছে৷[টোকা 1] তেখেত আছিল অসমীয়া হিচাপে প্ৰথমজন পাঠ্যপুথি প্ৰণেতা৷ অসমীয়া ভাষাত ভূগোল বিষয়ৰ পুথি ৰচোঁতা হিছাপেও তেখেতেই প্ৰথম অসমীয়া৷[5] জন্ম আৰু শিক্ষাজীৱন১৮২৯ খ্ৰীষ্টাব্দৰ ২২ ছেপ্টেম্বৰত (১৭৫১ শকৰ ৭ আহিন) ত গুৱাহাটীৰ এটা সম্ভ্ৰান্ত পৰিয়ালত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল।[টোকা 1][6] পিতৃ হলিৰাম ঢেকিয়াল ফুকন প্ৰথমে আহোম ৰজাৰ বিষয়া আছিল। ব্ৰিটিছ ৰাজৰ দিনত তেওঁ কামৰূপৰ সহকাৰী হাকিম পদত আছিল। হলিৰাম ঢেকিয়াল ফুকনে সংস্কৃত আৰু বঙালী ভাষাত দুখন কিতাপ লিখিছিল, এখনৰ বিষয় বস্তু আছিল কামাখ্যা আৰু আনখনৰ অসম। আনন্দৰাম ঢেকিয়াল ফুকন দুবছৰীয়া হওঁতে পিতৃৰ মৃত্যু হয়। পাঁচ বছৰ বয়সত ঢেকিয়াল ফুকন উমানন্দৰ সংস্কৃত টোলত ভৰ্তি হয়। ককাদেউতাক পৰশুৰামে আনন্দৰামৰ ইংৰাজীত শিক্ষা গ্ৰহণত আপত্তি কৰিছিল। কিন্তু সেই আপত্তিক নেওচি খুড়াক যজ্ঞৰামৰ উদ্যোগত ১৮৩৭[1] চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত (Gauhati English School) ভৰ্তি হয়। জেম্ছ মেথিউ আৰু জেন্কিন্সৰ তত্বাৱধানত তেখেতে ইংৰাজী অধ্যয়ন কৰিছিল। ১৮৪১ চনত এই দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি তেখেতক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠিয়ায়[1]। সেই সময়ত ভাপ-নাও, বা ৰেল-গাড়ী নাছিল বাবে ঢেকিয়াল ফুকনে বঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ-যাত্ৰা কৰি কলিকতালৈ গৈছিল। সংৰক্ষণশীল পৰিয়ালৰ লোক হোৱা হেতুকে তেওঁ লগত ৰান্ধনী আৰু লগুৱাও লৈ গৈছিল। কলিকতাৰ কালুতলা পথত ঘৰ এটা ভাৰালৈ লৈ তেখেতে হিন্দু কলেজত নামভৰ্তি কৰে। তেওঁ দুবছৰ অধ্যয়ন কৰাৰ পাছত শিক্ষা সম্পূৰ্ণ নকৰাকৈ ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে।[6] উভতি আহিও তেখেতে সুধী বৃন্দৰ লগতে ইংৰাজী ভাষাৰ অধ্যয়ন চলাই যোৱাৰ লগতে, উৰ্দু আৰু ফাৰ্চী ভাষাৰো শিক্ষা গ্ৰহণ কৰে।[7] বিবাহ আৰু পৰিয়াল১৮৪৬ চনত গুৱাহাটীলৈ উভতি আহি ঢেকিয়াল ফুকন বিবাহ পাশত আবদ্ধ হয়। পত্নী আছিল পশুপতি ফুকনৰ জীয়ৰী, মাহেন্দ্ৰী দেৱী। বিয়াৰ পাছত আনন্দৰামে ঘৈণীয়েকক ঘৰতে নিজে লিখা-পঢ়া শিকাইছিল। ১৮৪৯ চনত ঢেকিয়াল ফুকনৰ প্ৰথম সন্তান ৰাসেশ্বৰীৰ জন্ম হয় যদিও সন্তানটো অকালতে মৃত্যুমুখত পৰে। বৰপেটাত কাম কৰা কালত ১৮৫৩ চনত তেওঁৰ কন্যা পদ্মাৱতী দেৱী ফুকননীৰ জন্ম হয়। পাছলৈ নগাঁৱত কাম কৰাৰ দিনত তেওঁৰ পুত্ৰ ৰাধিকাৰাম (জন্ম ১৮৫৪), অন্নদাৰাম (১৮৫৬) আৰু কন্যা চন্দ্ৰপ্ৰভা (১৮৫৯)ৰ জন্ম হৈছিল।[7] কৰ্মজীৱনঢেকিয়াল ফুকনে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী অৰুনোদইত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে। ১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ 'জিম্মাদাৰ' নিযুক্ত কৰা হয়। পাছৰ বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হয়। নলবাৰীত থকা কালতে তেখেতে 'ইংলেণ্ডৰ বুৰঞ্জী' (The History of England) নামৰ পুথি এখন প্ৰকাশ কৰে। ১৮৪৯ চনত তেখেতে 'সহকাৰী আয়ুক্ত'ৰ (Assistant Commissionership) পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 'বিজনী ৰাজ এষ্টেট'ৰ (Bijni Raj Estate) 'দেৱান' পদত নিযুক্তি পায়। সেই পদত থাকোঁতেই তেখেতে 'Estate Administration' নামৰ পুথি এখন ৰচনা কৰে। ইয়াৰ পাছত তেখেতে নগাঁও আৰু গোৱালপাৰা জিলাৰ সদৰৰ 'উপ-সহকাৰী আয়ুক্ত' (Sub-Assistant Commissioner) হিচাপে কাম কৰে। এই কালছোৱাত ৰচনা কৰে, 'সদৰেৰ মামলাৰ নিষ্পত্তি'। ১৮৫১ চনত বিজনীৰ ৰজাৰ আৰ্জি লৈ কলিকতালৈ যায়। ১৮৫২ চনত তেখেতক স্থায়ী ভাৱে বৰপেটাৰ 'উপ-সহকাৰী আয়ুক্ত' আৰু 'উপায়ুক্ত' (Deputy Collector) নিযুক্তি দিয়া হয়। তেখেতে ১৮৫২ চনত নগাঁৱত কিছুকাল এক্সট্ৰা এছিষ্টেন্ট কমিছনাৰ হিচাপে কটায়। ১৮৫২ চনত 'কলিকতা নিউ প্ৰেছ' নামেৰে কলিকতাত এটা প্ৰেছ বহুৱায় আৰু সম্পৰ্কীয় খুৰাক গুণাভিৰাম বৰুৱাক প্ৰেছত পৰিচালনাৰ দায়িত্ব দিয়ে[1]। ১৮৫৩ চনত ঢেকিয়াল ফুকনে মি. এ. জে. মোফাট মিল্ছ (Mr. A.J. Moffat Mills) চাহাবলৈ দেশৰ প্ৰশাসন উন্নত কৰাৰ বাবে কেবাটাও পৰামৰ্শ আগবাঢ়ায়। ইয়াৰ পাছতে তেখেতক পদোন্নতি দি নগাঁওৰ 'উপায়ুক্ত' (Deputy Commissioner) পদলৈ বদলি কৰা হয়। ১৮৫৫ চনত তেখেতৰ 'দেৱানী মামলাৰ নিষ্পত্তি' (Essence of Dewani Cases) প্ৰকাশিত হয় একে সময়তে তেখেতে এখন অসমীয়া অভিধান প্ৰণয়নৰ আঁচনি কৰে আৰু 'A few remarks on the Assamese Language' নামৰ গ্ৰন্থখন ৰচনা কৰে। বেপ্টিষ্ট মিছন প্ৰেছ, শিৱসাগৰৰ পৰা প্ৰকাশিত এই গ্ৰন্থখনত অসমত চৰকাৰীভাৱে বঙালী ভাষাৰ প্ৰচলনৰ বিৰোধ কৰি যুক্তি দাঙি ধৰা হয়।[8] অসমীয়া ভাষা সাহিত্যলৈ অৱদান১৭ বছৰ বয়সত ঢেকিয়াল ফুকনে প্ৰথমে লিখা-মেলা কৰিবলৈ লয়। তেওঁ প্ৰথমে ‘অৰুনোদই’ৰ বাবে লিখিবলৈ লৈছিল। ইংৰাজী পাঠ্যপুথিৰ আধাৰত তেখেতে লিখিছিল 'অসমীয়া ল'ৰাৰ মিত্ৰ'। এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়া অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম আছিল বঙালী ভাষা। আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল।[9] ১৮৫৩ চনত ব্ৰিটিছ গৱৰ্নৰ মোফাট মিল্ছ চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি ডাঙি ধৰি আবেদন কৰিছিল। মিল্ছ চাহাবে তেখেতৰ যুক্তিক সমৰ্থন জনাইছিল বুলি জনা যায়। নগাঁৱত চাকৰি কালত, ঢেকিয়াল ফুকন মিছনেৰী ব্ৰন্ছন (Bronson) আৰু 'আয়ুক্ত' বাটলাৰৰ (Collector Butler) সংস্পৰ্শলৈ আহে। ১৮৫৫ চনত তেখেতে 'A few remarks on the Assamese language, and on the Vernacular education in Assam' গ্ৰন্থখন লিখি উলিয়ায়। A Native নামেৰে শিৱসাগৰতে এই কিতাপৰ ১০০টা কপি ছপা কৰি, বেংগল চৰকাৰ আৰু ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰৰ কাৰ্যালয়লৈ পঠিয়ায়। পুথিখনত অসমীয়া ভাষা যে বঙালী ভাষাৰ ঠাল নহয় সেই কথা নানা উদাহৰণেৰে ফঁহিয়াই দেখুৱাইছে। অসমত বঙালী ভাষাৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাত এই পুস্তিকাখনে বিশেষ বৰঙণি আগবঢ়াইছিল। এই পুস্তিকাখনত অসমীয়াৰ উপৰিও বঙালী, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাৰ ওপৰত থকা তেখেতৰ জ্ঞানৰ চমক দেখিবলৈ পোৱা যায়।[7] মৃত্যু১৮৫৯ চনৰ ১১ জুনৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ অসুখ আৰম্ভ হয়। সেই অসুখতে ১৮৫৯ চনৰ ১৬ জুনত মাত্ৰ ২৯ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।[6] প্ৰকাশিত পুথি
টোকা
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia