তৰুণ ৰাম ফুকন
গুৱাহাটীৰ ভৰলমুখত জন্মগ্ৰহণ কৰা ফুকনে পাছলৈ কলিকতাৰ প্ৰেছিডেঞ্চী কলেজৰ পৰা এফ এ পাছ কৰি পৰৱৰ্তী সময়ত লণ্ডনত ওকালতি কৰিবলৈ যায়৷ তেখেত অসমৰ তৃতীয়জন বেৰিষ্টাৰ৷ উকিলৰ বৃত্তিৰে নিজৰ কৰ্মজীৱনৰ পাতনি মেলি ফুকনে গুৱাহাটীৰ আৰ্ল ল কলেজত কিছুদিন শিক্ষকতা কৰে৷ ১৯১৪ চনত ইতিমধ্যেই আৰম্ভ হোৱা ভাৰতীয় স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰে৷ আন্দোলনৰ সময়তে তেওঁ মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহে৷ ১৯৩৬ চনত তেওঁ এটা ৰাজনৈতিক দল গঠন কৰে৷ ১৯২০ চনত তেওঁ স্তুতিমালা নামৰ এলানি স্তুতি-কবিতা লিখে৷ অসমীয়াৰ বাহিৰেও তেখেতে উড়িয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাত লিখা-মেলা কৰিব পাৰিছিল। জন্ম আৰু শিক্ষাগুৱাহাটীৰ ভৰলুমুখত ১৮৭৭ চনৰ ২২ জানুৱাৰীত তৰুণ ৰাম ফুকনৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম বলৰাম ফুকন আৰু মাতৃ ভাগীৰথী।[4] দেউতাক বলৰাম ফুকন এজন নিপুণ চিকাৰী আছিল। পেছাগতভাৱে তেওঁ বিজনীৰ ৰজাৰ দেৱান আছিল। তদুপৰি তেওঁৰ হাতীৰ মহল আৰু ব্যৱসায় আছিল। বলৰাম ফুকনে হৰ্ষ-বিষাদ বিষয়ক ৰচনা নামে এখনি পুথি “আছাম ব্যপ্তিষ্ট মিছন যন্ত্ৰ’’ত ছপাই প্ৰকাশ কৰিছিল৷[5] জীৱনৰ প্ৰথমছোৱাত তৰুণৰামে ঘৰতেই গুৰুৰ অধীনত সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল। পাছত গুৱাহাটীৰ কলেজিয়েট স্কুলত (Collegiate School) নাম লগায়, সেই স্কুলৰ পৰা ১৮৯৫ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। সেইসময়ত এই পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগ পোৱা শিক্ষাৰ্থীক ক্ৰমে ২০, ১৫ আৰু ১০ টকা জলপানি দিয়া হৈছিল৷ তৰুণৰামে ১০ টকীয়া জলপানি পাইছিল৷[6] কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা তেওঁ এফ এ পাছ কৰি বি এ ত নামভৰ্তি কৰে। কিন্তু বি এ পৰীক্ষা নিদিয়াকৈয়ে লণ্ডনত বেৰিষ্টাৰি (Barrister-at-Law) পঢ়িবলৈ যায়।[7] তেখেত আছিল অসমৰ তৃতীয়জন বেৰিষ্টাৰ। প্ৰথমজন- আনন্দৰাম বৰুৱা আৰু দ্বিতীয়জন আছিল আব্দুল মজিদ।[8] দাম্পত্য জীৱনঅসমৰ প্ৰথম ডেপুটী কমিছনাৰ ডিব্ৰুগড়ৰ পৰশুৰাম খাওণ্ডৰ তৃতীয় কন্যা বিদ্যুৎপ্ৰভাৰ লগত ১৯৯০ চনৰ ২৬ জুন বৃহস্পতিবাৰে তৰুণৰামৰ বিবাহ হয়৷ বিদ্যুৎপ্ৰভাৰ ঘৰত মতা নাম আছিল বিজুলী৷ তৰুণৰাম আৰু বিজুলীৰ বিবাহিত জীৱন বৰ মধুৰ আছিল৷[9] বেৰিষ্টাৰী পাছ কৰি আহি জ্ঞানদাভিৰাম বৰুৱাৰ লগত বৰযাত্ৰী হৈ কলিকতালৈ গৈ তৰুণৰাম ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ সৈতে চিনাকি হৈছিল৷ বিয়াৰ অনুষ্ঠানত তেওঁ এটা বাংলা কবিতা আবৃত্তি কৰিছিল আৰু তাত মোহিত হৈ সুন্দৰ, সুপুৰুষ, বিদ্যাৱন্ত তৰুণৰামলৈ ৰবীন্দ্ৰনাথ ঠাকুৰে নিজৰ নুমলীয়া কন্যা অতসীলতাক বিয়া দিবলৈ ইচ্ছা প্ৰকাশ[10] কৰি ককায়েক নবীনৰাম ফুকনলৈ প্ৰস্তাৱ পঠিয়াইছিল৷ কিন্তু তৰুণৰাম এই প্ৰস্তাৱত মান্তি হোৱা নাছিল৷ তেওঁৰ কৈছিল, “তাকে কৰিলে মই আৰু তৰুণৰাম ফুকন হৈ নাথাকিম; মানুহে মোক ৰবি ঠাকুৰৰ জোঁৱাই বুলিহে জানিব৷ মই তৰুণৰাম ফুকন হৈ থাকিব খোজোঁ৷’’[11] পত্নী বিজুলীৰ প্ৰতি তেওঁৰ অফুৰন্ত প্ৰেম আছিল৷ পত্নীৰ মৃত্যুৰ পিছত তেওঁৰ ছবিৰ তলত নিজহাতে তেওঁ লিখি থৈছিল, “মোৰ সপোনৰ, সজাগৰ মোহিনী মূৰতি, নিৰাশাৰ ডাৱৰৰ বিজুলী জেউতি’’৷[12] তৰুণৰাম ফুকন আৰু বিজুলীৰ চাৰিটি সন্তান হয়— প্ৰতিভা দেৱী, বলেন্দ্ৰৰাম ফুকন, ৰেণু দেৱী আৰু নৃপেন্দ্ৰৰাম ফুকন৷[13] কৰ্মজীৱন১৯০৫-১৯২০১৯০৫ চনত লণ্ডনৰ পৰা বেৰিষ্টাৰ পৰীক্ষা পাছ কৰি[14] উভতি আহি তেখেতে কিছুদিন কলিকতাত ওকালতি কৰিবলৈ লয়। পাছত গুৱাহাটীলৈ উভতি আহি ওকালতি আৰম্ভ কৰে। ১৯১৪ চনৰ পৰা গুৱাহাটীৰ আৰ্ল ল কলেজত (Earle Law College) কিছুদিন শিক্ষকতা কৰে। ১৯১১ চনলৈ কলিকতাত ওকালতি কৰি পিছত গুৱাহাটীত ওকালতি কৰে[15] আন এক তথ্যমতে গুৱাহাটীৰ আৰ্ল ল কলেজত অধ্যাপনা কৰে৷[16]১৯২১ চনত তৰুণ ৰাম ফুকনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে। ১৯০৩ চনত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ নেতাসকলে আসাম এছ’ছিয়েশ্যন নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তোলে৷ গৌৰীপুৰৰ ৰজা প্ৰতাপ চন্দ্ৰ বৰুৱা সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱা সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়৷ ১৯০৪ চনৰ আসাম এছ’ছিয়েশ্যনৰ সভাত অসমৰ সৈতে ভাষিক আৰু সাংস্কৃতিক মিল থকা ৰংপুৰ, কোচবিহাৰ, জলপাইগুৰি জিলাক অসমৰ সৈতে চামিল কৰিবলৈ চৰকাৰক দাবী জনাইছিল৷[17] অৱশ্যে চৰকাৰে এই দিশত মনোযোগ নিদি বংগ-ভংগ কাৰ্যকৰী কৰিছিল৷ ১৯১৫ চনত মাণিক চন্দ্ৰ বৰুৱাৰ মৃত্যু হয় আৰু সেই বছৰতে নবীন চন্দ্ৰ বৰদলৈৰ নেতৃত্বত এছ’ছিয়েশ্যনৰ চতুৰ্থ অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হয়৷ ১৯১৭ চনৰ ২০ আগষ্টত মণ্টেগুৰ ভাৰত শাসন-সংস্কাৰ আইন ঘোষণা কৰা হয়৷ মণ্টেগুৰ সংস্কাৰ আইনৰ আওতালৈ অসমক সুমুৱাবলৈ অনুৰোধ কৰাৰ উদ্দেশ্যে এটা সাতজনীয়া সঁজাতী দল কলিকতালৈ গৈছিল আৰু এই দলটোত তৰুণৰাম ফুকনো আছিল৷ বাকী সদস্যসকল হ’ল— ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা, গংগাগোবিন্দ ফুকন, পদ্মনাথ গোহাঞি বৰুৱা, চন্দ্ৰধৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱা৷[18] ১৯১৮ চনৰ ডিচেম্বৰ মাহত তৰুণৰাম ফুকনৰ সভাপতিত্বত গোৱালপাৰাত আসাম এছ’ছিয়েশ্যনৰ সপ্তম অধিৱেশন অনুষ্ঠিত হৈছিল৷[19] মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনে গোটেই দেশতে বিয়পি পৰাৰ সময়তে নবীনচন্দ্ৰ বৰদলৈয়ে বেৰিষ্টাৰ তৰুণৰাম ফুকনক আন্দোলনত যোগদান দিবলৈ আহ্বান জনায়৷ তৰুণৰাম ফুকনে তেওঁ লিখা “নবীন স্মৃতি’’ত উল্লেখ কৰিছে,
ইয়াৰ পিছত বহু ভাবি-গুণি তেওঁ মহাত্মা গান্ধীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনলৈ তেখেতে সমৰ্থন আগবঢ়ায় আৰু আন্দোলনত জপিয়াই পৰে৷ ১৯২১ চনত বোম্বাইত হোৱা “নিখিল ভাৰত কংগ্ৰেছ কমিটি’’ৰ অধিৱেশনত তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল৷ দেশৰ স্বাৰ্থত তেওঁ তেতিয়াই কলেজৰ চাকৰি ত্যাগ কৰিছিল৷[21] ১৯২১-১৯৩৮১৯২১ চনত মহাত্মা গান্ধী অসমলৈ আহোঁতে তেখেতৰ ভৰলুমুখৰ ঘৰতে আলহী হৈছিল।[22] এই যাত্ৰাকালতে গান্ধীজীয়ে অসমত বিদেশী বস্ত্ৰ দাহনৰ কাৰ্যসূচী পালন কৰিছিল আৰু প্ৰথম কাৰ্যসূচী তৰুণৰাম ফুকনৰ হাউলিতে কৰা হৈছিল৷ তাৰপিছতে তৰুণৰাম ফুকন অসম কংগ্ৰেছ দলৰ সভাপতি আৰু নবীনচন্দ্ৰ বৰদলৈ সম্পাদক নিৰ্বাচিত হয়৷ দুয়োৰে প্ৰচেষ্টাত আন্দোলন ঠন ধৰি উঠাত, ইংৰাজ চৰকাৰে ভুৱা গোচৰৰ ভিত্তিত ফুকনকে আদি কৰি বহু নেতাক গ্ৰেপ্তাৰ কৰি কাৰাবাসৰ দণ্ড বিহে, ১৯২২ চনত৷ জে’লৰ পৰাই ফুকনে আন্দোলনৰ কাৰ্যসূচী চলাই থাকিল৷ পিছলৈ নীতিৰ ক্ষেত্ৰত মতবিৰোধ ঘটাত তেওঁ জাতীয় কংগ্ৰেছৰ পৰা আঁতৰি আহি দেশবন্ধু চিত্তৰঞ্জন দাস, মতিলাল নেহৰু আদিৰ নেতৃত্বত কংগ্ৰেছৰ স্বৰাজ্য দল গঠন কৰে৷ গান্ধীজীৰ নেতৃত্বৰ কংগ্ৰেছ দলে অসহযোগ আন্দোলনৰ কাৰ্যসূচী লৈ আইন আদালত স্কুল-কলেজ বৰ্জনৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে স্বৰাজ্যবাদী কংগ্ৰেছ দলে বৈধ উপায়েৰে অৰ্থাৎ স্বায়ত্ত শাসনৰ দাবীৰে শাসনৰ গণ্ডীৰ ভিতৰত সোমাই যুঁজ কৰাৰ পক্ষপাতী আছিল৷ পিছলৈ অৱশ্যে কংগ্ৰেছ দলে এই কথা মানি লৈছিল৷[23] ১৯২৩ চনত তৰুণ ৰাম ফুকনে দেশবন্ধু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা[24] স্বৰাজ দলত যোগদান কৰে। অসমৰ স্বৰাজ্য দলৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে তৰুণৰাম ফুকন আৰু ৰোহিনী কুমাৰ চৌধুৰী৷ সহকাৰী সম্পাদক আছিল, গোপীনাথ বৰদলৈ৷ আন আন সদস্যসকল আছিল, বিষ্ণুৰাম মেধি, কামাখ্যাৰাম বৰুৱা, ধনীৰাম তালুকদাৰ আৰু যাদৱ চন্দ্ৰ দাস৷ ১৯১৯ চনৰ ভাৰত শাসন আইনমতে ১৯২৩ চনৰ নৱেম্বৰ মাহত অসম বিধান পৰিষদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ তৰুণৰাম ফুকন এই নিৰ্বাচনত জিকি কেন্দ্ৰীয় বিধান পৰিষদলৈ নিৰ্বাচিত হৈছিল৷[25] স্বৰাজ দলে ব্ৰিটিছ শাসনৰপৰা অধিক স্বায়ত্ত-শাসন আৰু ৰাজনৈতিক স্বাধীনতা বিচাৰিছিল। পিছলৈ কংগ্ৰেছৰ লগত আদৰ্শমূলক সংঘাতৰ বাবে এই দল কংগ্ৰেছৰ পৰা আঁতৰি আহে। তৰুণ ৰাম ফুকনে অসমত এই দলৰ গুৰি ধৰিছিল। স্বৰাজ দলে ব্ৰিটিছে প্ৰণয়ন কৰা 'আঞ্চলিক আৰু কেন্দ্ৰীয় শাসন পৰিষদ'ৰ (Provincial and Central Legislative Council) ধাৰণা মানি লৈছিল। তৰুণ ৰাম ফুকন কেন্দ্ৰীয় পৰিষদৰ সভ্য হিচাপে পোন্ধৰ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ অনুৰোধ মৰ্মে আদৰ্শগত মতবিৰোধ সত্ত্বেও 'স্বৰাজ দল' কংগ্ৰেছৰে এটা শাখা হিচাপে আছিল৷ ১৯২৪ চনত গুৱাহাটী লোকেল ব’ৰ্ডৰ প্ৰথমগৰাকী বেচৰকাৰী চেয়াৰমেন হিচাপে তৰুণৰাম ফুকন নিৰ্বচিত হৈছিল আৰু কেইবাবছৰ ধৰি এই পদত থাকি গুৱাহাটীৰ বাট-পথকে ধৰি বিদ্যালয়, চিকিৎসালয়ৰ গৃহ আদি নিৰ্মাণ কৰিছিল৷[26] ১৯২৪ চনত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে নিজাববীয়াকৈ অসমৰ পৰা কানি নিৰ্মূল কৰাৰ উদ্দেশ্যে 'কানি অনুসন্ধান সমিতি' এটি গঠন কৰিছিল৷ তৰুণৰাম ফুকন এই সমিতিৰো কাৰ্যনিৰ্বাহক সদস্য আছিল৷ ১৯২৮ চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনৰ মূল অধিৱেশনত পৌৰহিত্য কৰিছিল তৰুণৰাম ফুকনে আৰু তেওঁৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অধিৱেশনতেই সংগঠনটোৱে ৰাজনৈতিক চৰিত্ৰ গ্ৰহণ কৰিছিল৷[27] ১৯২৬ চনত অসমত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভাক সফল কৰিবলৈ অন্যন্য নেতাৰ সৈতে তৰুণ ৰাম ফুকনেও দেহে-কেহে কষ্ট কৰিছিল। নবীনচন্দ্ৰ বৰদলৈ, ৰোহিণীকান্ত হাতীবৰুৱা আৰু ফুকনে নিজৰ ব্যক্তিগত ধন খৰচ কৰি এই মহাসভাক সফল কৰি তুলিছিল৷ ১৯২৯ চনৰ লাহোৰ কংগ্ৰেছৰ অধিৱেশনত “কাউঞ্চিল বৰ্জন’’ৰ সিদ্ধান্ত লোৱা হয়৷ সেই উদ্দ্যেশ্যে কেন্দ্ৰীয় আৰু প্ৰাদেশিক সংসদৰ সদস্যসকলক পদৰ পৰা ইস্তফা দিবলৈ নিৰ্দেশ দিয়া হ’ল৷ ফুকন তেতিয়া কেন্দ্ৰীয় কমিটিৰ সদস্য আছিল৷ এই নিৰ্দেশত তৰুণৰাম ফুকন বিতুষ্ট হয় আৰু লাহে লাহে তেওঁ আন্দোলনত সক্ৰিয় অংশগ্ৰহণৰ পৰা নিজক আঁতৰাই আনে৷ তৰুণৰাম ফুকনৰ ৰাজনৈতিক কাৰ্যাৱলীৰ ভিতৰত কেন্দ্ৰীয় কমিটিৰ সদস্য আৰু গুৱাহাটী লোকেল ব’ৰ্ডৰ সভাপতি হোৱাটো উল্লেখযোগ্য দিশ৷[28] জন ৰিচাৰ্ড কানিংহামে অসমত আইন অমান্য আন্দোলন দুৰ্বল কৰাৰ উদ্দেশ্যে ছাত্ৰসমাজক ইয়াৰ পৰা আঁতৰাই ৰাখিবলৈ ১৯৩০ চনৰ মে’ জুনত “কানিংহাম চাৰ্কুলাৰ’’ জাৰি কৰে৷ তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আদিৰ নেতৃত্বত অসমত আইন অমান্য আন্দোলন প্ৰবল হৈছিল৷ সদৌ অসম যুৱক সংঘ আৰু স্কুলীয়া ছাত্ৰসমাজক লগত লৈ তৰুণৰাম ফুকনে কংগ্ৰেছৰ পতাকা উত্তোলন কৰিছিল৷ ১৯৩৪ চনৰ মে’ মাহত গান্ধীজীয়ে আইন অমান্য আন্দোলন স্থগিত ৰাখে৷[29]
১৯৩২ চনত মদন মোহন মালৱীয়ৰ নেতৃত্বত গঢ় লৈ উঠে 'ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল' (Congress Nationalist Party)। তৰুণ ৰাম ফুকন আৰু ৰোহিনী কুমাৰ চৌধুৰীয়ে এই দলত যোগদান কৰে।[ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] ১৯৩৬ চনত 'ভাৰত চৰকাৰ আইন'ৰ (Government of India Act, 1935) অধীনত হোৱা 'সাধাৰণ নিৰ্বাচন'ৰ সময়ত তৰুণ ৰাম ফুকনে 'ইউনাইটেড পিপুল্ছ পাৰ্টী' (United People's Party) গঠন কৰে। অসমৰ কেইবাগৰাকী নেতাই তেখেতক সমৰ্থন আগবঢ়াইছিল।[ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] ১৯৩৮ চনত ছাদুল্লা চৰকাৰে পদত্যাগ কৰাৰ পাছত গোপীনাথ বৰদলৈৰ নেতৃত্বত সন্মিলিত চৰকাৰ (Coalition Government) গঠন কৰাত তৰুণ ৰাম ফুকনে বিশেষ কূটনৈতিক ভূমিকা গ্ৰহণ কৰিছিল।[32] চিকাৰী তৰুণৰাম ফুকনতৰুণৰাম ফুকন এগৰাকী দুঃসাহসী চিকাৰী আছিল৷ তেওঁৰ লোমহৰ্ষক চিকাৰ কাহিনীসমূহ অসমীয়া সাহিত্যৰ বহুমূলীয়া সম্পদ৷ ককায়েক নবীনৰাম ফুকনো এগৰাকী পাকৈত চিকাৰী আছিল৷ সেইকালত অসমৰ হাবি-বননি নানা জীৱ-জন্তুৰে ভৰি আছিল৷ হাইস্কুলত থকা কালৰে পৰাই তৰুণৰাম ফুকনে বন্দুক চলাবলৈ শিকে৷ তেওঁৰ প্ৰথম চিকাৰ আছিল কোকলোং চৰাই এটি৷[33] হাইস্কুলত থকাকালত লোকৰ বন্দুক নি চিকাৰ কৰাৰ বাবে ককায়েকে ককৰ্থনা কৰাত আৰু “পৰৰ বন্দুকেৰে চিকাৰ নকৰোঁ’’ বুলি বহুদিন চিকাৰলৈ মন দিয়া নাছিল৷ কিন্তু ককায়েক নবীন ফুকন নগাঁৱত চিৰস্তাদাৰ হৈ থাকোঁতে বিলাতৰ পৰা উভতি অহা তৰুণৰাম কেইদিনমান ককায়েকৰ লগত আছিল আৰু তাতেই ককায়েকৰ লগুৱা দেউকী মাউতৰ উচতনিত পুনৰ চিকাৰৰ লালসাই মূৰ দাঙি উঠে৷ দেউকীৰ উচটনিতে নগাঁৱতে তৰুণৰামৰ পুনৰ চিকাৰ আৰম্ভ হ’ল৷ নগাঁৱৰ প্ৰথম চিকাৰতে এজনী বাঘিনী, দুটা পোৱালী আৰু এটা পহু চিকাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছত তৰুণৰাম ফুকনৰ চিকাৰ স্পৃহা থমকি ৰ’বলগীয়া নহ’ল৷ নগাঁও আৰু গুৱাহাটীৰ আশেপাশে অটব্য হাবিত তেওঁ ভালেমান দুঃসাহসিক চিকাৰ কৰাৰ কথা “মোৰ চিকাৰ কাহিনী’’ নামৰ গ্ৰন্থত প্ৰকাশ পাইছে৷ [34][35] বেৰিষ্টাৰ তৰুণৰাম ফুকনএজন বেৰিষ্টাৰ-ৰূপে তৰুণ ৰাম ফুকনে বিশেষ সাফল্য লাভ কৰিছিল।[36] আইন মহাবিদ্যলয়ত তেওঁ শিক্ষাদান কৰোঁতে আইনৰ জটিল বিষয়বোৰ ৰসাল আৰু সহজকৈ শিক্ষাৰ্থীক বুজাব পাৰিছিল৷ ১৯০৫ চনৰ পৰা ১৯০৯ চনলৈ তেওঁ কলিকতাত ভাৰাঘৰত থাকি আইনৰ ব্যৱসায় চলাইছিল৷ আইনৰ সূক্ষ্মজ্ঞান, ইংৰাজী ভাষাত থকা দক্ষতাৰ বাবে তেওঁ হাতত লোৱা গোচৰৰ তৰ্ক শুনিবলৈ এজলাচত মানুহ ঠাহ খাই পৰিছিল৷ তেওঁ ইমানেই সন্মানিত হৈছিল যে নিয়ম নহয় যদিও এজলাচত সোমাওঁতে তেওঁক হাকিমে চকীৰ পৰা উঠি সন্মান যাচিছিল৷[37] তৰুণৰাম ফুকনৰ সহকাৰী হিচাপে কাম কৰিছিল, ৰোহিণীকুমাৰ চৌধুৰী, গোলোকেশ্বৰ গোস্বামী আৰু শিশিৰ কুমাৰ বৰুৱাই৷ বক্তা তৰুণৰামতৰুণৰাম ফুকন এগৰাকী সুবক্তা আছিল৷ মহাত্মা গান্ধী অসমলৈ আহোঁতে ফুকনৰ ঘৰতে আলহী হৈছিল আৰু তেওঁৰ টোলতে প্ৰায় ২৫ হাজাৰ মানুহৰ এখন বিৰাট সভা বহিছিল৷ তাত ফুকনে গান্ধীয়ে দিয়া ভাষণৰ অসমীয়া তৰ্জমা কৰিছিল৷ তেওঁৰ আনৰ বক্তৃতা তাৎক্ষণিকভাৱে অসমীয়াত তৰ্জমা কৰিব পৰা দক্ষতা আছিল৷ এণ্ড্ৰুজ চাহাবৰ কানি বৰ্জনৰ বিষয়ে দিয়া ইংৰাজী বক্তৃতাও তেওঁ ততালিকে অনুবাদ কৰি উপস্থিত মানুহক শুনাইছিল৷ তেওঁৰ এই গুণৰ বিষয়ে “Young India’’ কাকতে প্ৰকাশ কৰিছিল,
ফুকনৰ ভাষণবোৰ মধুৰ, গধুৰ বিষয়তো মধুৰতা সানি হাঁহি উঠা কথাৰে হহুৱাব পৰা ক্ষমতা আছিল তেওঁৰ৷ ভাৰত সভাত কেন্দ্ৰীয় সভাই ফুকনৰ নাম দিছিল “Darling of Assam’’ আৰু এই ফুকনৰ যত্নত অসমৰ নাম বাহিৰত জনাজাত হৈ পৰিছিল৷[39] অন্যান্য অৱদানতৰুণ ৰাম ফুকনক অসমৰ মানুহে দেশভক্ত বুলি সন্মান দিছিল। ডেকাসকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাত তেখেতৰ অৱদান আছিল উল্লেখনীয়। ডেকা নেতাসকলত তৈয়াৰ কৰাতো তেখেতে যথেষ্ট অৰিহণা যোগাইছিল। অসমীয়াৰ বাহিৰেও তেখেতে উড়িয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাত লিখা-মেলা কৰিব পাৰিছিল। সুদক্ষ বক্তা তৰুণ ৰাম ফুকনে অসমীয়া আৰু অসমত প্ৰচলিত অন্য দোৱানত সাৱলীল ভাষণ দিব পাৰিছিল। জীৱনৰ শেষৰ কেইটামান বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তৰুণ ৰাম ফুকনৰ বিৰোধ চলি আহিছিল যদিও, দেশপ্ৰেমৰ কামত তেওঁ কেতিয়াও পিছ হুঁহকি অহা নাছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক ‘দেশভক্ত’ উপাধিৰে বিভূষিত কৰা হয়। তৰুণ ৰাম ফুকনে কলিকতাত পঢ়ি থকা অৱস্থাত তেওঁ চাইকেল চলাই ঘূৰা-পকা কৰিছিল৷ সেইসময়ত চাইকেল চলোৱাটো সম্ভ্ৰান্ত পৰিয়ালৰ কাম বুলি বিবেচিত হৈছিল৷ অসমলৈ উভতি আহি লগত চাইকেল এখন আনি তেওঁ গুৱাহাটীৰ ৰাজপথত চলাইছিল আৰু অসমত চাইকেল চলোৱা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিচিতি দিব পাৰিছিল।[40][41][42] সাহিত্যতৰুণ ৰাম ফুকনে সেইসময়ৰ বিভিন্ন কাকত-আলোচনীত কবিতা-প্ৰবন্ধ আদি প্ৰকাশৰ মাধ্যমেৰে সাহিত্য সাধনা কৰিছিল। স্বাধীনতা আন্দোলনৰ বাবে গ্ৰেপ্তাৰ বৰণ কৰি শিলচৰ জে’লত কাৰাবাস খাটি থকাকালতে, ১৯২০ চনত তেওঁ “স্তুতিমালা’’ নামে এলানি স্তুতি কবিতা লিখে ৷ এই সংকলনত মুঠ ৫৪টা কবিতা আছে। ১৯২৬ চনত এইখন প্ৰকাশ পায়৷[43] এপাহি ফুল (শোক-কবিতা), যৌন-তত্ত্ব (যৌন-জীৱন আৰু যৌন সমস্যা সম্বন্ধে লিখা গ্ৰন্থ), ভাষণাৱলী আৰু সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি বিবেচিত “চিকাৰ কাহিনী’’ তেওঁৰ অসমীয়া সাহিত্যলৈ অমৰ দান৷[44] মৃত্যু১৯৩৯ চনৰ ২৮ জুলাইত তেখেতৰ মৃত্যু হয়।[45] বাথৰুমলৈ গৈ দুৱাৰ বন্ধ কৰাৰ পিছতেই তেওঁ পৰি যায় আৰু অচেতন হয়, দুৱাৰ ভাঙি তেওঁক বাহিৰ কৰা হ’ল৷ ডা॰ ৰুদ্ৰ গোস্বামী, ডা॰ ভূৱনেশ্বৰ বৰুৱা দুয়ো আহি স্বাস্থ্য পৰীক্ষা কৰিলে৷ কিন্তু, ৬৩ বছৰ বয়সত,[46] ফুকনৰ বাথৰুমৰ ভিতৰতে প্ৰাণপখী উৰি যায়, চাৰি বাজি চল্লিশ মিনিটত৷[47] তেখেতৰ মৃত্যু দিনটো ২০২১ চনৰ ২৮ জুলাই তাৰিখে অসম চৰকাৰে দেশভক্তি দিৱস হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰে।[48] তথ্য সংগ্ৰহ
|