জাহাংগীৰ ৰতনজী দাদাভাই টাটা
জাহাংগীৰ ৰতনজী দাদাভাই টাটা চমুকৈ জে আৰ ডি টাটা (২৯ জুলাই ১৯০৪ – ২৯ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় উদ্যোগপতি, উদ্যমী, উৰাজাহাজ উদ্যোগী টাটা গ্ৰুপৰ অধ্যক্ষ আৰু টাটা চনছ্ৰ অংশীদাৰ আছিল। টাটা পৰিয়ালত জন্মগ্ৰহণ কৰা জাহাংগীৰ বিখ্যাত ব্যৱসায়ী ৰতনজী দাদাভাই টাটা আৰু সুজেইন "চনী" ব্ৰিয়েৰৰ সন্তান আছিল। তেওঁৰ মাতৃ ভাৰতত গাড়ী চলোৱা প্ৰথম গৰাকী মহিলা আছিল। ১৯২৯ চনত তেওঁ ভাৰতৰ প্ৰথমজন উৰাজাহাজ চলোৱা লাইচেন্স লাভ কৰা পাইলটত পৰিগণিত হয়। তেওঁ বিশেষকৈ টাটা গ্ৰুপৰ অধীনত বিভিন্ন উদ্যোগ যেনে টাটা কনচাল্টটেন্সী ছাৰ্ভিছেছ, টাটা মটৰছ, টাইটেন ইণ্ডাষ্ট্ৰীছ, টাটা চল্ট, ভল্টাছ, আৰু এয়াৰ ইণ্ডিয়া প্ৰতিষ্ঠাৰ বাবে জনাজাত। তেওঁৰ অৱদানৰ বাবে ফ্ৰেন্স চৰকাৰে তেওঁক ১৯৮৩ চনত ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান লেজিয়ন অফ অ'নৰ প্ৰদান কৰে। ভাৰত চৰকাৰে ভাৰতীয় উদ্যোগ জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৫৫ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আৰু ১৯৯২ চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।[2] মৃত্যু১৯৯৩ চনৰ ২৯ নৱেম্বৰ তাৰিখে ছুইজাৰলেণ্ডৰ জেনেভাত ৮৯ বছৰ বয়সত জাহাংগীৰ ৰতনজী দাদাভাই টাটাৰ মৃত্যু হয়। তেওঁৰ মৃত্যৰ ভাৰতীয় সংসদ স্থগিত কৰা হৈছিল। তেওঁক ফ্ৰান্সৰ পেৰিছৰ পিয়েৰ লেছাইছ সমাধিক্ষেত্ৰত সমাধিস্থ কৰা হৈছিল। ২০১২ চনত আউটলুক আলোচনীয়ে চিএনএন-আইবিএন, হিষ্ট্ৰী১৮ আৰু বিবিচিৰ সহযোগত প্ৰকাশ কৰা "মহান ভাৰতীয়"ৰ তালিকাত তেওঁ ষষ্ঠ স্থান লাভ কৰিছিল।[3] বঁটা আৰু সন্মানজাহাংগীৰ ৰতনজী দাদাভাই টাটায়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছিল। তেওঁক ১৯৪৮ চনত ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইনৰ সন্মানীয় পদ আগবঢ়োৱা হৈছিল। পিছলৈ তেওঁক ১৯৬৬ চনৰ ৪ অক্টোবৰ তাৰিখে এয়াৰ কমাণ্ডাৰ পদলৈ পদোন্নতি আগবঢ়োৱা হয়।[4] পিছলৈ আকৌ ১৯৭৪ চনৰ ১ এপ্ৰিল তাৰিখে এয়াৰ ভাইছ মাৰ্চেল পদলৈ পদোন্নতি দিয়া হয়। তেওঁ লাভ কৰা অন্যান্য বঁটা আৰু সন্মান সমূহ হ'ল, ১৯৭৯ চনত টনি যেনোছ বঁটা, ১৯৮৫ চনত ফেডাৰেচন এৰ'নেটিক্স ইণ্টাৰনেচনেলৰ গোল্ড এয়াৰ মেডেল, ১৯৮৮ চনত ইণ্টাৰনেচনেল চিভিল এভিয়েছন অৰ্গেনাইজেচন, কানাডাৰ এডৱাৰ্ড ৱাৰ্নাৰ বঁটা আৰু ১৯৮৮ চনত ডেনিয়েল গুগেনহেইম মেডেল।[5] তেওঁৰ অৱদানৰ বাবে ফ্ৰেন্স চৰকাৰে তেওঁক ১৯৮৩ চনত ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান লেজিয়ন অফ অ'নৰ প্ৰদান কৰে। ভাৰত চৰকাৰে ভাৰতীয় উদ্যোগ জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৫৫ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আৰু ১৯৯২ চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।[6] একেবছৰে তেওঁ ভাৰতত পৰিয়াল পৰিকল্পনা জনপ্ৰিয় কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা নিয়ন্ত্ৰণ বঁটা লাভ কৰিছিল।[7] তেওঁৰ স্মৃতিত মহাৰাষ্ট্ৰ চৰকাৰে পুণেৰ কাছাৰৱাদি ফাটাত অৱস্থিত প্ৰথম দুখলপীয়া দলঙৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰিছে। তথ্য উৎস
বাহ্যিক সংযোগ
|