জাকিৰ হুছেইন (ৰাজনীতিবিদ)
জাকিৰ হুছেইন (ইংৰাজী: Zakir Hussain; ১৯৯৭-১৯৬৯) এজন শিক্ষাব্ৰতী পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, গান্ধীবাদী পুৰুষ তথা ভাৰত গণৰাজ্যৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰথম নাগৰিকৰ সন্মান পোৱা মুছলমান সম্প্ৰদায়ৰ ভিতৰত তেওঁ প্ৰথম আছিল। ইয়াৰ আগতে তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। জাকিৰ হুছেইনৰ নিঃস্বাৰ্থ দেশসেৱা আৰু বিশাল প্ৰতিভাৰ স্বীকৃতি স্বৰূপে ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণ উপাধি প্ৰদান কৰি সন্মনিত কৰিছিল আৰু ১৯৬৩ চনত ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰে।[2] জন্ম আৰু পৰিয়ালজাকিৰ হুছেইনৰ ১৮৯৭ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে দাক্ষিণাত্যৰ হায়দৰাবাদত এটি আফগান পৰিয়ালত জন্ম হয়। তেওঁৰ পূৰ্বপুৰুষ উত্তৰ প্ৰদেশৰ ফৰুৰখাবাদ জিলাৰ কায়মগঞ্জৰ আছিল। তেওঁৰ পিতাক এগৰাকী আইনজীৱী আছিল আৰু তেওঁ আইন-ই-দোকান সম্পৰ্কীয় আলোচনী এখনৰ সম্পাদক আছিল। মাত্ৰ ৯ বছৰ বয়সত হুছেইনৰ পিতাক ঢুকাইছিল। পিতাকৰ মৃত্যুৰ পিছত, তেওঁলোকৰ পৰিয়াল উত্তৰ প্ৰদেশৰ ইটোৱা নামৰ এডোখৰ ঠাইলৈ উঠি আহে আৰু তাতে তেওঁ আন তিনিজন ভায়েকৰ সৈতে স্কুলত ভৰ্তি হয়।[2] শিক্ষা জীৱনহুছেইনৰ প্ৰাৰম্ভিক শিক্ষা ফৰুৰখাবাদ জিলাৰ ইটোৱাৰ ইছলামীয়া হাইস্কুলৰ পৰাই লাভ কৰে। তেওঁৰ এজন গৃহ শিক্ষকে তেওঁৰ পঢ়াশুনাত সাহায় কৰিছিল,যথা সময়ত হাইস্কুলীয়া শিক্ষা শেষ কৰি, ১৯১৩ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ভৰ্তি হয়। উক্ত বিশ্ববিদ্যালয়ত থাকোঁতে জাকিৰে এজন জনপ্ৰিয় ছাত্ৰনেতা হিচাপে পৰিচয় দিছিল। সেইসময়তে তেওঁৰ প্ৰতিবা অনুসন্ধিত্সু মন, বাগ্মিতা, কৌতুক আৰু যুক্তিপূৰ্ণ কথা-বতৰাই লগৰীয়াসকলক মুগ্ধ কৰিছিল আৰু তেওঁলোকে তেওঁক আখ্যা দিছিল মুৰশ্বিদ (গুৰু বা পথ প্ৰদৰ্শক) বুলি।[2] সৰুৰে পৰাই তেওঁ বাতৰি কাকত পঢ়া এটা অভ্যাসত পৰিণত কৰিছিল আৰু বাতৰি কাকতৰ তাত্পৰ্য আৰু ভূমিকা সম্পৰ্কে লগৰ বন্ধু-বান্ধৱৰ আগত ব্যাখ্যা কৰিছিল। মাত্ৰ ১৬ বছৰ বয়সতে, ইটালী আৰু তুৰ্কীস্থানৰ মাজত হোৱা যুদ্ধত তুৰ্কীস্থানক তেওঁৰ সামান্য শক্তিৰে হলেও সহায় কৰিবলৈ আগবাঢ়িছিল। সকলো ছাত্ৰৰ পৰা পইছা তুলি আৰু প্ৰতি শুক্ৰবাৰে নামাজলৈ গৈ নামাজৰ শেষত তেওঁৰ মূৰৰ টুপীটো সোলোকাই তুৰ্কী সাহায্যৰ অৰ্থে বৰঙণি তুলিছিল। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰাই এম-এ ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ ইউৰোপলৈ যায় আৰু জাৰ্মানীৰ বাৰ্লিন বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। তেওঁ ১৯২২ চনৰ পৰা ১৯২৬ চলৈ জাৰ্মানীত কটায় আৰু এদিন তাৰপৰাই সাহিত্য আৰু দৰ্শন বিষয়ত অধ্যয়ন কৰি ডি. ফিল. উপাধি লাভ কৰিবলৈ সমৰ্থ হয়। তেওঁ বিদেশত কটোৱা দিবোৰত পশ্চিমৰ জীৱন যাত্ৰাৰ ঢলত নিজকে উটুৱাই নিদি--অধ্যয়নতহে বেছিভাগ সময় মগ্ন আছিল। আজৰি সময়ত প্ৰিণ্টিং আৰু কম্পজিঙৰ কামত নিজক ব্যস্ত ৰাখিছিল আৰু গালিবৰ এটা সংস্কৰণ প্ৰকাশ কৰিছিল। কলিকতা, দিল্লী, আলিগড়, এলাহাবাদ, কাইৰো আদি বিশ্ববিদ্যালয়ে তেওঁক ডি-লিট উপাধিৰে সন্মনিত কৰিছিল।[2] কৰ্মজীৱনৰাজনীতিত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ পৰিবৰ্তে তেওঁ দেশ সেৱাত মনোনিবেশ কৰিলে। সেইসময়ত দুটা কাম হাতত লৈছিল, মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ প্ৰসাৰ কৰা আৰু আনটো হল দিল্লীত এখন আদৰ্শ বিশ্ববিদ্যালয় জামিয়া-মিলিয়া প্ৰতিষ্ঠা কৰাৰ উদ্যোগ। ১৯৩৭ চনত গান্ধীজীয়ে বিদেশী স্কুলত শিক্ষা বিসৰ্জন দি দেশৰ সন্মুখত বুনিয়াদী শিাৰ জাতীয় আদৰ্শ দাঙি ধৰে তেতিয়াই গান্ধীজীয়ে হুছেইনক বুনিয়াদী শিঙাৰ জাতীয় কমিটীৰ সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনায় আৰু তেওঁ তাৰ সভাপতি নিযুক্ত হয়। হুছেইনেই আছিল বুনিয়াদী শিক্ষাৰ বিতং কাৰ্যসূচী প্ৰস্তুত কৰোঁতা আৰু প্ৰতিষ্ঠাতা। হেকিম আজমল খাঁ আৰু ভাতৃদ্বয় মঃ আলি চৌকত আলিৰে সৈতে লগহৈ দিল্লীত তেওঁ জামিয়া-মিলিয়া প্ৰতিষ্ঠা কৰি ১৯২৬ চনৰ পৰা ১৯৪৮ চনলৈ তাৰ উপাচাৰ্য হিচাপে কাৰ্যনিবাৰ্হ কৰিছিল। পিছত তেওঁ আচাৰ্যও নিযুক্ত হৈছিল। জামিয়া-মিলিয়া তেওঁৰ জীৱনৰ এক উল্লেখযোগ্য অৱদান আছিল। ইয়াৰ জৰিয়তে ছাত্ৰ সমাজক স্বাৱলম্বিতা আৰু জাতীয়তাবাদৰ শিক্ষাৰে অনুপ্ৰানিত কৰিবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰো উপৰি এই অনুষ্ঠানটিৰ স্বাৰ্থত শিক্ষক সকলে সম্পূৰ্ণ ২০ বছৰ পৰ্য্যন্ত মাহে ৮০ টকা দৰমহাত কাম কৰিছিল। ১৯৪৬ চনত এই শিক্ষানুষ্ঠানটিৰ ৰূপালী জয়ন্তী উত্সৱত পণ্ডিত জৱাহৰলাল নেহৰু, জিন্ন, কৃপালনি, লিয়াকত আলি খান আৰু ৰাজাজী প্ৰমুখ্যে নেতৃবৰ্গই যোগদান কৰি জাকিৰ হুছেইনে অনুষ্ঠাটিলৈ আগবঢ়াই অহা নেতৃত্বক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰে। ১৯৪৮ চনত তেওঁ মৌলানা আব্দুল কালাম আজাদৰ অনুৰোধ ক্ৰমে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মনোনীত হয়। একেৰাহে ১৯৫৬ চনলৈকে তেওঁ উক্ত পদত অধিষ্ঠিত আছিল।[2] ১৯৪৮ চনত জাকিৰ হুছেইনক জৱাহৰলাল নেহৰুৱে ৰাজ্যসভাৰ সদস্যৰূপে মনোনীত কৰে। ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ ১৯৫৭ চনলৈকে কাম কৰিছিল। এই সময়ছোৱাতে তেওঁ শিক্ষা সম্বন্ধীয় কমিটী, আয়োগ, সন্মিলন আদিৰ লগত তেওঁ ঘনিষ্ঠাভাৱে জড়িত আছিল। তেওঁ কেইবাবাৰো ৰাষ্ট্ৰীয় ছাত্ৰ সেৱা ভাৰত কমিটীৰ চেয়াৰমেন থকাৰ উপৰিও ১৯৫৫ চনৰপৰা ১৯৫৭ চনলৈকে জেনেভাত আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰো চেয়াৰমেন ৰূপে নিযুক্ত হৈছিল। ১৯৫৬ চনৰ পৰা ১৯৫৭ চনৰ সময়ছোৱাত তেওঁ ইউনেস্কোৰ কাৰ্য নিৰ্বাহক সদস্য নিয়োজিত হয়। ১৯৫৭ চনৰ পৰা তেওঁ বিহাৰৰ ৰাজ্যপাল পদতো অধিষ্ঠিত হৈছিল। তেওঁ পাঁচ বছৰ কাল অতি কাৰ্যদক্ষতাৰে ৰাজ্যপাল হিচাপে সেৱা আগবঢ়াই বিহাৰৰ ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হয়। এজন সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰাত বিশ্ববাসী আচৰিত হৈছিল।[2] জাকিৰ হুছেইনৰ ১৯৬৯ চনৰ ৩ মে'ৰ দিনা শনিবাৰে ১১:২০ বজাত মৃত্যু ঘটে। উৰ্দু ভাষালৈ ভাঙনি গ্ৰন্থৰাজী
পুৰস্কাৰ প্ৰাপ্ত বঁটা
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|