প্ৰতিভা পাটিল
প্ৰতিভা দেৱীসিং পাটিল (জন্ম ১৯ ডিচেম্বৰ ১৯৩৪)[1] এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য পাটিল ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি।[2] পাটিলে ২০০৭ চনৰ পৰা ২০১২ চনলৈ ভাৰতবৰ্ষৰ দ্বাদশ ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ পালন কৰিছিল। ইয়াৰ পূৰ্বে ২০০৪ চনৰ পৰা ২০০৭ চনলৈ এখেতে ৰাজস্থানৰ ৰাজ্যপালৰ দায়িত্ব পালন কৰিছিল। প্ৰাৰম্ভিক জীৱনকালপ্ৰতিভা দেৱীসিং পাটিল নাৰায়ণ ৰাও পাটিলৰ জীয়ৰী। তেওঁৰ জন্ম হৈছিল ১৯৩৪ চনৰ ১৯ ডিচেম্বৰত, মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ নাদগাঁও নামৰ গাঁৱত। তেওঁ জলগাঁৱৰ আৰ. আৰ. বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰিছিল। ইয়াৰ পিছত জলগাঁওস্থিত মুলজি জেঠা কলেজৰ (সেইসময়ত পুনে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত) পৰা তেওঁ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত পাটিলে মুম্বাই বিশ্ববিদ্যালয়ৰ অধীনস্থ গভৰ্নমেন্ট ল কলেজ, মুম্বাইৰ পৰা আইন বিষয়তো স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ জলগাঁও জিলা আদালতত আইনী বিষয়াৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ভাৰতীয় মহিলাৰ জীৱনধাৰণৰ মান উন্নীতকৰণ আদিৰ দৰে ভালেমান সামাজিক বিষয়তো তেওঁ কিছু হাত আগবঢ়াইছিল। ১৯৬৫ চনৰ ৭ জুলাইত দেৱীসিং ৰাণসিং শ্বেখাৱটৰ সৈতে প্ৰতিভা পাটিল বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ এহাল ল'ৰা-ছোৱালীৰ জন্ম হয়। পুত্ৰ ৰাওচাহেব শ্বেখাৱটো এগৰাকী ৰাজনৈতিক নেতা। ৰাজনৈতিক কেৰিয়াৰ১৯৬২ চনত ২৭ বছৰ বয়সত জলগাঁও সমষ্টিৰ পৰা পাটিল মহাৰাষ্ট্ৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত মুক্তাইনগৰ সমষ্টিৰ (পূৰ্বে এডলাবাদ নামেৰে জনা গৈছিল) পৰা ১৯৬৭ ৰ পৰা ১৯৮৫ চনৰ ভিতৰত ক্ৰমাগতভাৱে চাৰিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৮৫-১৯৯০ কালছোৱাত পাটিল ৰাজ্যসভাৰ সাংসদৰ পদ লাভ কৰে। ১৯৯১ চনত অনুষ্ঠিত দশম লোকসভা নিৰ্বাচনত তেওঁ অমৰাৱতী সমষ্টিৰ পৰা লোকসভাৰ সাংসদৰূপে নিৰ্বাচিত হয়। সেই দশকৰে পৰৱৰ্তী অংশত পাটিলে কিছুদিনৰ বাবে ৰাজনীতিৰ পৰা অব্যাহতি লয়। ২০০৪ চনৰ ৮ নৱেম্বৰত তেখেত ৰাজস্থানৰ ২৪তম ৰাজ্যপালৰূপে মনোনীত হৈছিল। পাটিল ৰাজস্থানৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল। ৰাষ্ট্ৰপতিত্বনিৰ্বাচনসংযুক্ত প্ৰগতিশীল মৰ্চা চমুকৈ ইউ. পি. এ.ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে ২০০৭ চনৰ ১৪ জুনত প্ৰতিভা পাটিলৰ নাম ঘোষণা কৰা হৈছিল। বাওপন্থী সহযোগী দলসমূহে প্ৰাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিল আৰু কৰণ সিঙক প্ৰাৰ্থীত্ব দিবলৈ অমান্তি হোৱাত বিকল্প প্ৰাৰ্থী হিচাপেহে পাটিলৰ নাম প্ৰস্তাৱ কৰা হৈছিল। দীৰ্ঘদিন ধৰি পাটিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু নেহৰু-গান্ধী পৰিয়ালৰ বিশ্বাসী আৰু অনুগত ব্যক্তিৰূপে পৰিগণিত হৈ আহিছিল। হয়তো এইটো কাৰণতো ছোনিয়া গান্ধীয়ে তেওঁক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে বাছনি কৰিবলৈ সিদ্ধান্ত লৈছিল। ২০০৭ চনৰ ১৯ জুলাইত অনুষ্ঠিত ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্ৰতিভা পাটিলে জয় লাভ কৰে। তেওঁ প্ৰায় দুই-তৃতীয়াংশ ভোট লাভ কৰে আৰু ২০০৭ চনৰ ২৫ জুলাইত ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। কাৰ্য্যকালপ্ৰতিভা পাটিলে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰূপে দায়িত্বভাৰ লোৱাৰ কালছোৱাত ভালেমান বিতৰ্কৰ সূচনা হৈছিল। তেওঁ নিজৰ কাৰ্য্যকালছোৱাত মৃত্যদণ্ডৰে দণ্ডিত অভিলেখসংখ্যক ৩৫ গৰাকীকৈ অপৰাধীৰ শাস্তি লাঘৱ কৰিছিল। নিজৰ কাৰ্য্যকালছোৱাত পাটিলে বিদেশ ভ্ৰমণৰ নামত যথেষ্ট ধন ব্যয় কৰা বুলিও সমালোচিত হৈছিল। সেইসময়লৈ ভাৰতৰ সকলো ৰাষ্ট্ৰপতিতকৈ পাটিলেই সৰ্বাধিকসংখ্যক বিদেশ ভ্ৰমণ কৰিছিল। দায়িত্বভাৰ পালন কৰা পদসমূহপ্ৰতিভা পাটিলে নিজৰ কৰ্মজীৱনত বিভিন্ন পদত অধীস্থিত হৈছিল। সেইসমূহ হৈছে:[3]
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia