জেইল সিং
জেইল সিং (ইংৰাজী: Zail Singh; জন্মতে জাৰনাইল সিং, ৫ মে' ১৯১৬ – ২৫ ডিচেম্বৰ ১৯৯৪)[2] আছিল ভাৰতৰ সপ্তমজন ৰাষ্ট্ৰপতি। তেওঁ ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। সেই পদত বহাৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন নেতা আছিল। কেন্দ্ৰীয় কেবিনেটত তেওঁ একাধিক মন্ত্ৰণালয়ৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ ভিতৰত গৃহ মন্ত্ৰীৰ বাবটো বিশেষভাৱে উল্লেখযোগ্য। ১৯৮৩ৰ পৰা ১৯৮৬ চনলৈকে হোৱা নিৰক্ষেপ আন্দোলনৰ সময়ত তেওঁ মহাসচিবৰ ভূমিকা পালন কৰিছিল। প্ৰাৰম্ভিক জীৱন১৯১৬ চনৰ ৫ মে'ত ফৰিডকোট জিলাৰ সান্ধৱানত জেইল সিঙে জন্মলাভ কৰিছিল। জন্মতে তেওঁৰ নাম আছিল জাৰনাইল সিং, যাৰ অৰ্থ আছিল জেনেৰেল। পিছে যৌৱনকালত ফৰিডকোটৰ মহাৰাজৰ শাসনৰ বহুবাৰ প্ৰতিবাদ কৰি জেইল সিঙ জেললৈ যাবলগীয়া হোৱাত তেওঁৰ নামটো সলনি কৰি জেইল সিঙ কৰি ল'লে।[2] তেওঁ শিখ ধৰ্মালম্বীৰ মানুহ আছিল। অমৃতসৰত থকা শ্বহীদ শিখ মিছ'নেৰি কলেজত শিক্ষাদান কৰি গুৰু গ্ৰন্থ চাহিবৰ বিষয়ে জ্ঞানাহৰণ কৰাৰ হেতুকে তেওঁক গিয়ানি (জ্ঞানী) উপাধি প্ৰদান কৰা হৈছিল।[3] ৰাজ্যৰ ৰাজনীতি (১৯৪৭–১৯৭২)১৯৪৭ চনত ভাৰতৰ পুনৰ্গঠনৰ সময়ত তেওঁ ফৰিদকোটৰ শাসনকৰ্তা হৰিন্দৰ সিং ব্ৰাৰৰ বিৰোধিতা কৰিছিল। সেই প্ৰতিবাদৰ শাস্তিস্বৰূপে তেওঁক পাঁচবছৰলৈকে কাৰাগাৰত নিৰ্যাতন কৰা হৈছিল।[4] ১৯৪৯ চনত গিয়ান সিং ৰেয়াৰৱালাৰ অধীনত গঠিত হোৱা পাটিয়ালা আৰু পূব পঞ্জাব ৰাজ্যিক সন্থাত তেওঁক ৰাজহ মন্ত্ৰীৰ পদটো যচা হৈছিল। ১৯৫১ চনত জেইল সিঙে সেইজন নেতাৰে অধীনত কৃষি মন্ত্ৰীৰ বাবটো গ্ৰহণ কৰে। ১৯৫৬ চনৰ ৩ এপ্ৰিলৰ পৰা ১৯৬২ চনৰ ১০ মাৰ্চলৈকে তেওঁ ৰাজ্য সভাৰ সদস্য পদ অলংকৃত কৰে।[5] পঞ্জাবৰ মুখ্যমন্ত্ৰী (১৯৭২-৭৭)১৯৭২ চনত জেইল সিঙক পঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়।[6] জেইল সিঙে বিশাল ধৰ্মসভা আয়োজন কৰিছিল; ৰাজহুৱা সভাবোৰ পৰম্পৰাগত শিখ-প্ৰাৰ্থনাৰে আৰম্ভ কৰিছিল; "গুৰু গোবিন্দ সিঙ" নামেৰে গুৰু গোবিন্দ সিং মাৰ্গ নামৰ ঘাঁইপথটো উদ্বোধন কৰিছিল; আৰু গুৰুৰ পুত্ৰৰ নামেৰে ফাটেহপুৰ চাহিব নামৰ নগৰাঞ্চল এটা নামকৰণ কৰিছিল।[7] পঞ্জাবৰ যিসকল মানুহে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল, সেইসকল স্বাধীনতা-সেনানীৰ বাবে তেওঁ এক জীৱনজোৰা পেঞ্চন আঁচনি মুকলি কৰিছিল।[8][9] কেন্দ্ৰীয় চৰকাৰ১৯৮০ চনত, জেইল সিঙক সপ্তম লোকসভাৰ বাবে নিৰ্বাচিত কৰা হ'ল আৰু ইন্দিৰা গান্ধীৰ কেবিনেটত গৃহ পৰিক্ৰমা বিভাগটোৰ দায়িত্ব অৰ্পণ কৰা হ'ল।[10] ভাৰতৰ ৰাষ্ট্ৰপতি১০৯২ চনত বিনা প্ৰতিদ্বন্দ্ব্ব্বিতাৰে জেইল সিঙ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত হ'ল। সেইখিনি সময়তে একাংশ মিডিয়াই অনুভৱ কৰিছিল যে, ইন্দিৰা গান্ধীৰ ওচৰত বিশ্বাসভাজন হোৱাৰ বাবেহে জেইল সিঙে এই সুযোগ লাভ কৰিলে। নিৰ্বাচনৰ পাছত জেইল সিঙে কৈছিল-"মোৰ দলপতিয়ে যদি মোক ঝাৰু লৈ ঝাৰুদাৰ হ'বলৈও কওঁ, মোৰ আপত্তি নাথাকিব। তেখেতেতো মোক ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত কৰিছে। "[11] ১৯৮২ চনৰ ২৫ জুলাই জেইল সিঙে ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতিৰ পদত বহা তেঁৱেই প্ৰথমগৰাকী শিখধৰ্মী ব্যক্তি।[12] জেইল সিঙে ইন্দিৰা গান্ধীৰ ছাঁতে থাকি নিজৰ কাম-কাজ সম্পন্ন কৰিছিল। প্ৰতি সপ্তাহে সপ্তাহে নিজৰ কৰ্মনীতি সম্বন্ধীয় সিন্ধান্তবোৰ জেইল সিঙে ইন্দিৰা গান্ধীৰ আগত প্ৰকাশ কৰিবলগীয়া হৈছিল। ১৯৮৪ চনৰ ৩১ মে'ৰ দিনা অৰ্থাৎ অপাৰেছন ব্লু ষ্টাৰৰ আগদিনা তেওঁ ইন্দিৰা গান্ধীৰ লগত এঘণ্টাতকৈও অধিক সময় বাৰ্তালাপ কৰিছিল, কিন্তু ইন্দিৰা গান্ধীয়ে তেওঁৰ পৰিকল্পনাৰ বিষয়ে এটাও শব্দও তেওঁৰ আগত উচ্চাৰণ কৰা নাছিল।[13] সেই অপাৰেছনটোৰ পাছত জেইল সিঙক পদত্যাগ কৰিবলৈ শিখসকলে হেঁচা প্ৰয়োগ কৰিলে। কিন্তু জেইল সিঙে হৰভজন সিঙ য়োগীৰ উপদেশ মানি পদত্যাগ নকৰিলে। তেনে কৰিলে পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খোৱাৰ আশংকা আছে। ইন্দিৰা গান্ধীৰ সেইবছৰৰে ৩১ অক্টোবৰত হত্যা কৰা হয়। জেইল সিঙে ইন্দিৰাৰ বৰপুত্ৰ ৰাজীৱ গান্ধীক প্ৰধান মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰোৱায়।[14] বঁটা আৰু সন্মান১৯৮২ চনৰ ১২ ছেপ্টেম্বৰত জেইল সিঙক অৰ্ডাৰ অৱ ছেইণ্ট থমাছ সন্মানেৰে বিভূষিত কৰা হৈছিল। ভাৰতীয় সনাতন গীৰ্জাই প্ৰদান কৰা সেইটো সবাতোকৈ সৰ্বশ্ৰেষ্ঠ সন্মান আছিল।[15] মৃত্যু১৯৯৪ চনৰ ২৯ নৱেম্বৰত এটা বাহন-দুৰ্ঘটনাত জেইল সিং গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ভুল দিশেৰে আহি থকা এখন ট্ৰাকে তেওঁ গৈ থকা কাৰখনত খুন্দা মাৰে আৰু সেই দুৰ্ঘটনাৰ ফলত তেওঁ কেইবাঠাইতো আঘাত পায়।[16][17] চণ্ডীগড়ৰ যিখন চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ আছিল, সেইখন চিকিৎসালয়তে বৰদিনৰ দিনা( ১৯৯৪ চনৰ ২৫ ডিচেম্বৰত) জেইল সিঙৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৭৮ বছৰ।[18][19] ভাৰত চৰকাৰে তেওঁৰ মৃত্যুৰ সাতদিনীয়া শোকদিৱস পালন কৰে আৰু[19] দিল্লীৰ ৰাজঘাটত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।[20] ১৯৯৫ চনত তেওঁৰ প্ৰথমটো মৃত্যুবাৰ্ষিকীত ভাৰতীয় ডাক বিভাগে তেওঁৰ স্মৰণত এটা বিশেষ টিকট উন্মোচন কৰে।[21][22] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia