আৰ ভেঙ্কটৰমন
ৰামাস্বামী ভেঙ্কটৰমন (৪ ডিচেম্বৰ ১৯১০ – ২৭ জানুৱাৰী ২০০৯)[1][2] আছিল এগৰাকী ভাৰতীয় অধিবক্তা, ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী, আৰু এগৰাকী ৰাজনীতিবিদ। তেওঁ এগৰাকী কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ উপৰিও ভাৰতৰ অষ্টমজন ৰাষ্ট্ৰপতিৰ পদতো অধিষ্ঠিত হৈছিল।[3] প্ৰাৰম্ভিক জীৱনভেঙ্কটৰমনৰ জন্ম হৈছিল বৰ্তমানৰ তামিলনাডুৰ অন্তৰ্গত তাঞ্জোৰ জিলাৰ পাট্টুকট্টাইৰ ৰাজমাদাম গাঁৱত। তেওঁ এটা আয়াৰ পৰিয়ালত জন্মলাভ কৰিছিল। তেওঁ স্কুলীয়া শিক্ষা পাট্টুকট্টাইৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছিল, আৰু তিৰুচিৰাপল্লীস্থিত নেশ্যনেল কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয়। তাৰপিছত তেখেতে চেন্নাইৰ লয়লা কলেজৰপৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে। মাদ্ৰাছত থকা আইন মহাবিদ্যালয়ৰ পৰা তেওঁ আইনী শিক্ষা গ্ৰহণ কৰে। ১৯৩৫ চনত ভেঙ্কটৰমন মাদ্ৰাছ উচ্চ ন্যায়ালয়ত আৰু ১৯৫১ চনত উচ্চতম ন্যায়ালয়ত নিযুক্ত হয়।[4] ভাৰতৰ স্বাধীনতা সংগ্ৰামতআইনী-সেৱাৰ লগত জড়িত হৈ থকা কালতে ভেঙ্কটৰমন ভাৰতীয় স্বাধীনতা আন্দোলনৰ দ্বাৰা প্ৰভাৱান্বিত হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তেওঁৰ সক্ৰিয় সহযোগিতা, আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণৰ ফলত তেওঁক দুবছৰ আটক কৰি ৰখা হৈছিল। সেইসময়তো তেওঁৰ আইনৰ প্ৰতি আকৰ্ষণ কমি যোৱা নাছিল। ১৯৪৬ চনত ব্ৰিটিছৰ পৰা স্বাধীনতা-প্ৰাপ্তিৰ আগমুহূৰ্তত কেইগৰাকীমান ভাৰতীয় স্বাধীনতা-সেনানীৰ সপক্ষে আইনী-যুঁজত নামিবলৈ তেওঁক ভাৰত চৰকাৰে মালায়া আৰু ছিংগাপুৰলৈ প্ৰেৰণ কৰিছিল। ১৯৪৭ৰ পৰা ১৯৫০ চনলৈ ভেঙ্কটৰমনে মাদ্ৰাছ প্ৰাদেশিক বাৰ ফেদাৰেছনৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5] ৰাজনৈতিক জীৱনআইন আৰু বাণিজ্য সম্পৰ্কীয় কাম-কাজত জড়িত হৈ থকাৰ ফলত ভেঙ্কটৰমনৰ ৰাজনীতিৰ লগত সম্পৰ্ক ঘনিষ্ঠ হ'বলৈ ধৰিছিল। ভাৰতীয় সংবিধান ৰচনা কৰা গোটটোৰো তেওঁ এগৰাকী সদস্য আছিল। স্বৰাজোত্তৰ ভাৰতৰ (১৯৫২-৫৭ চনৰ) প্ৰথমখন সংসদলৈ তেওঁ নিৰ্বাচিত হৈছিল। ১৯৫৩-৫৪ চনৰ কংগ্ৰেছ সংসদীয় দলৰ সম্পাদকৰ পদত নিযুক্ত হৈছিল। তদুপৰি নিউজিলেণ্ডত অনুষ্ঠিত হোৱা কমনৱেলথ সংসদীয় সন্মিলনীৰ ভাৰতীয় সঁজাতী দলটোৰো তেওঁ এজন সদস্য আছিল। ১৯৫৭ চনত তেওঁ পুনৰ সংসদলৈ নিৰ্বাচিত হৈছিল যদিও মাদ্ৰাছৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ পদত বহিবলগীয়া হোৱাৰ বাবে তেওঁ সেই আসন ত্যাগ কৰে। মাদ্ৰাছত তেওঁ ১৯৫৭ চনৰ পৰা ১৯৬৭ চনলৈকে উদ্যোগ,শ্ৰম, শক্তি, কৰ্পৰেচন, ব্যৱসায়িক কৰ, আৰু যাতায়াতৰ বিভাগকেইটাৰ নেতৃত্ব বহন কৰে। সেইখিনি সময়তে তেওঁ মাদ্ৰাছ বিধান পৰিষদৰো নেতা আছিল।[5] ১৯৮০ চনত ভেঙ্কটৰমন পুনৰ লোকসভালৈ নিৰ্বাচিত হয় আৰু সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী নেতৃত্বাধীন চৰকাৰখনৰ বিত্ত বিভাগৰ দায়িত্ব চম্ভালে। পাছলৈ তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি পায়। ভাৰতৰ মিছাইল আঁচনিখনক অগ্ৰগতি প্ৰদান কৰাত তেওঁৰ বিশেষ ভূমিকা আছে বুলি কোৱা হয়। এ পি জে আব্দুল কালামক তেওঁ মহাকাশ আঁচনিৰ পৰা মিছাইল আঁচনিলৈ লৈ আহে আৰু মিছাইলৰ সমগ্ৰ আঁচনিখনক তেওঁ "ইণ্ট্ৰিগেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰাম" হিচাপে অভিহিত কৰে।[7] পৰৱৰ্তী সময়ত তেওঁ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ১৯৮৭ চনত তেওঁ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি হৈ থকা কালছোৱাত তেওঁ চাৰিজন প্ৰধানমন্ত্ৰীৰ লগত কাম কৰাৰ সুযোগ লাভ কৰে আৰু ভি পি সিং, চন্দ্ৰ শেখৰ, পি ভি নৰসিংহ ৰাওক শপতবাক্য পাঠ কৰোৱাৰ সুযোগ লাভ কৰে।[8][9] মৃত্যু২০০৯ চনৰ ১২ জানুৱাৰীত ভেঙ্কটৰমনক আৰ্মী হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেওঁ ইউৰ'ছেপছিছ নামৰ ৰোগ এটাত আক্ৰান্ত হৈছিল।[10]২০ জানুৱাৰীত তেওঁ অৱস্থা গুৰুতৰ হৈ পৰে আৰু তেওঁ নিম্ন ৰক্ত চাপ আৰু ই.কলি ট্ৰেক্টৰ দ্বাৰা সংক্ৰমিত হয়। অৱশেষত ২০০৯ চনৰ ২৭ জানুৱাৰীত, ২:৩০ বজাত, নতুন দিল্লীস্থ আৰ্মী হাস্পতালত ৰামাস্বামী ভেঙ্কটৰমনে ৯৮ বছৰ বয়সত মৃত্যুবৰণ কৰে।[10][11] ভেঙ্কটৰমনৰ দ্বাৰা লিখিত/সংকলিত গ্ৰন্থ
তথ্যসূত্ৰ
বাহ্যিক সংযোগ |