কমলা মিৰিকমলা মিৰি ওৰফে কমলা লুইং (? -২২ এপ্ৰিল ১৯৪৩) অসমৰ মিচিং সম্প্ৰদায়ৰ এগৰাকী স্বাধীনতা যুঁজাৰু আছিল। কমলা মিৰিৰ ঘৰ আছিল গোলাঘাট জিলাৰ ৰঙামাটি মৌজাৰ ওপৰটেমেৰা গাঁৱত।[1] কৰ্মজীৱন১৯৪০ চনৰ মাৰ্চত তেওঁ জিলা কংগ্ৰেছ কমিটিৰ সক্ৰিয় সদস্য হৈ পৰে। ৰাজেন্দ্ৰ নাথ বৰুৱা আৰু শংকৰ চন্দ্ৰ বৰুৱাৰ লগত মিলি তেওঁ পিছপৰা মিচিং সমাজৰ মাজত নিৰক্ষৰতা দূৰীকৰণৰ হকে কাম কৰিছিল। লগতে তেওঁ মিচিং অধ্যুষিত এলেকাত প্ৰাথমিক কংগ্ৰেছ কমিটি গঠনৰ বাবেও চেষ্টা কৰে। ১৯৪০ চনৰ ২৪ জুনত শংকৰ চন্দ্ৰ বৰুৱাই তেওঁক কংগ্ৰেছৰ প্ৰচাৰক আৰু গোলাঘাট জিলা কংগ্ৰেছৰ শান্তি বাহিনীৰ অধিনায়ক নিযুক্তি দিয়ে।[1]
মৃত্যু১৯৪৩ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে গান্ধীৰ অনশনৰ লগত সংগতি ৰাখি কমলা মিৰিয়েও অনশন আৰম্ভ কৰে। পিছে হৃদযন্ত্ৰৰ অসুখৰ বাবে তেওঁৰ স্বাস্থ্য বেয়ালৈ ঢাল লয়। কৰ্তৃপক্ষই তেওঁক আগলৈ আন্দোলনত যোগদান নকৰাৰ চুক্তিত জেলৰপৰা এৰি দিয়াৰ প্ৰস্তাব দিয়ে যদিও মিৰিয়ে সেই প্ৰস্তাব প্ৰত্যাখ্যান কৰে। জেলতে থকা সতীৰ্থ ডাক্টৰ হৰেকৃষ্ণ দাসৰ তত্বাৱধানত চিকিৎসা আৰম্ভ হয়। অৱশেষত তেওঁৰ অৱস্থাৰ কোনো উন্নতি নেদেখি জেল কৰ্তৃপক্ষই তেওঁক এৰি দিয়াৰ সিদ্ধান্ত লয় যদিও ২২ এপ্ৰিল ১৯৪৩ তাৰিখে মিৰিৰ মৃত্যু হয়।[2][1] তথ্য সমল
|